Month: February 2022

মাধৱ পৰিয়ালৰ ৰাজত্বকালৰ অন্তত দ্ৰাবিড় ৰাজ্য়ৰ পৰা অহা কি নামৰ ক্ষত্ৰীয় পৰিয়াল এটাই কামৰূপত ৰাজত্ব কৰিছিল?

উত্তৰঃ- মাধৱ পৰিয়ালৰ ৰাজত্বকালৰ অন্তত দ্ৰাবিড় ৰাজ্য়ৰ পৰা অহা জীতাৰি নামৰ ক্ষত্ৰীয় পৰিয়াল এটাই কামৰূপত ৰাজত্ব কৰিছিল।

কাৰ বিৱৰণমতে ভগদত্তৰ পিছত ধৰ্মপাল, কামপাল আৰু কিমানটা ৰাজবংশৰ কিমান বা কিমান জন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল?

উত্তৰঃ- হৰ-গৌৰী সংবাদৰ বিৱৰণমতে ভগদত্তৰ পিছত ধৰ্মপাল, কামপাল আৰু ১৯টা ৰাজবংশৰ ২৪ বা ২৫ জন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল।

কাৰ টোকামতে নৰক আৰু ভাস্কৰৰ পূৰ্ব পুৰুষ বিষ্ণু বংশৰ পিছত হাজাৰতা বংশই কামৰূপ শাসন কৰিছিল?

উত্তৰঃ- হিউৱেন চাঙৰ টোকামতে নৰক আৰু ভাস্কৰৰ পূৰ্ব পুৰুষ বিষ্ণু বংশৰ পিছত হাজাৰতা বংশই কামৰূপ শাসন কৰিছিল।