Month: February 2022

প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ কেইটা ভাগত বিভক্ত? আৰু কি কি? উদাহৰণ দি লিখা।

উত্তৰঃ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ দুভাগত বিভক্ত। (১) ভূস্থলীয় পৰিস্থিতিতন্ত্ৰ (terrestrial ecosystem)ঃ উদাহৰণ- বনাঞ্চল পৰিস্থিতিতন্ত্ৰ, তৃণভূমি পৰিস্থিতিতন্ত্ৰ, মৰুভূমি পৰিস্থিতিতন্ত্ৰ। (২) জলজ পৰিস্থিতিতন্ত্ৰ (Aquatic ecosystem)ঃএই পৰিস্থিতিতন্ত্ৰ নিৰ্মল জল পৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয়া পৰিস্থিতিতন্ত্ৰ হ’ব পাৰে।নিৰ্মল জল পৰিস্থিতিতন্ত্ৰ প্ৰবাহবান (Lotic) (মুক্ত প্ৰবাহৰ ৰূপত যেনে নদী) অথবা আৱদ্ধ জলৰো (Lentic)(স্থি্ৰ ৰূপৰ যেনে পুখুৰী হ্ৰদ) হ’ব পাৰে।