আহোমসকল | অধ্যায় ১ | Class 9 Assamese Chapter 1 Question and Answer | SEBA Class 9 Assamese Question and Answer Solution | Class 9 Assamese Question and Answer Solution | নৱম মান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম অধ্যায় ১ আহোমসকল পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter 1

আহোমসকল

প্ৰশ্নাৱলী

১। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল ?

উত্তৰঃ আহোমসকল আদিতে টাই জাতিৰ লোক আছিল ।

২। আহোমসকলৰ আদি বাসস্থান ক’ত আছিল ?

উত্তৰঃ আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল, বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত ।

৩। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?

উত্তৰঃ আহোমসকলে ৬০০ বছৰৰ অধিক কাল ৰাজ্য শাসন কৰিছিল ।

৪। আহোনমসকলৰ আদিভাষা কি আছিল ?

উত্তৰঃ

৫। আহেমসকলৰ কেইটামান উৎসৱৰ নাম লিখা ।

উত্তৰঃ

৬। চমুচোকা লিখাঃ

(ক) লাচিত বৰফুকন (খ) সতী জয়মতী

(গ) টেঙাই মহন (ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন

(ঙ) কৃষ্ণকান্ত সন্দিকৈ (চ) পদ্মনাথ গোহাঞি বৰুৱা ।

উত্তৰঃ (ক) লাচিত বৰফুকনঃ অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক’লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয় । ঐতিহাসিক আহোম-মোগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব ল’ব লগা হৈছিল লাচিত বৰফুকনে । সৰুৰে পৰা লাচিত আছিল বৰ সাহসী । সততা আৰু স্পষ্টবাদিতা তেওঁৰ আন এক বৈশিষ্ট্য । দেউতাক মোমাই তামুলীয়ে নিজৰ সন্তানক উপযুক্ত শিক্ষিত কৰিবলৈ সদায়েই চেষ্টা কৰিছিল । সৰুৰে পৰা দেউতাকৰ লাচিতে প্ৰতেক্ষকৰাৰ সুবিধা পাইছিল । খুব সোনকালেই নিজৰ দক্ষতাৰ বলত ৰজাঘৰত লাচিতে নিযুক্তি লাভ কৰিছিল । প্ৰথম অৱস্থাত ৰাজমন্ত্ৰী ডাঙৰীয়াই ‘হাঁচতিধৰা তামুলী’ হিচাপে লাচিতক নিযুক্তি দিয়ে । ইয়াৰ পিছতে কিছুদিনৰ বাবে ‘ঘোঁৰা বৰুৱা’ পদবী তেওঁ লাভ কৰে । এই পদবীত থকাৰ সময়ত ৰজাৰ ঘোঁৰাশালৰ ভালেমান ঘোঁৰাক তত্ত্বাৱধান কৰি সেইবোৰক প্ৰশিক্ষণ দিছিল । ইয়াৰ পিছতে ‘দোলীয়া বৰুৱা’ আৰু ‘শিমলুগুৰীয়া ফুকন’ৰ পদত নিযুক্তি লাভ কৰে । সেই সময়তে মিৰজুমলাই অসম আক্ৰমণ কৰাত লাচিতে দিখৌমুখত শত্ৰুসৈন্যৰ লগত যুদ্ধ কৰিছিল আৰু নিজৰ দক্ষতা দেখুৱাব পাৰিছিল । লাচিতৰ পাৰদৰ্শিতা আৰু পৰাক্ৰমৰ উমান পাই সেই সময়ৰ আহোম ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি পাতিলে আৰু বৰফুকন পদত নিযুক্তি কৰিলে । মোগলৰ লগত হোৱা এই যুদ্ধৰ বিজয়ে অসমীয়া সেনাক আত্মবিশ্বাসী কৰি তুলিলে । সেনাপতি হিচাপে লাচিত বৰফুকনো প্ৰশংসিত হ’ল । অসমীয়া সেনাৰ হাতত হোৱা মোগলৰ পৰাজয়ৰ কথা মোগল সম্ৰাট ঔৰংজেৱৰ কাণত পৰিল । খবৰ পায়েই তেঁও লাজ আৰু অপমানত তাৰ প্ৰতিশোধ ল’বলৈ মন কৰিলে । ঔৰংগজেৱৰ নিৰ্দেশ মতেই ৰামসিংহৰ নেতৃত্বত এক বিশাল সেনাই পুনৰ অসম আক্ৰমণ কৰিবলৈ আহিল ।