চাহ জনগোষ্ঠীসকল | অধ্যায় ৮ | Class 9 Assamese বৈচিত্ৰ্যময় অসম Chapter 8 Question and Answer | SEBA Class 9 Assamese Question and Answer Solution | Class 9 Assamese Question and Answer Solution | নৱম মান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম অধ্যায় ৮ চাহ  জনগোষ্ঠীসকল পাঠটো প্ৰশ্ন আৰু উত্তৰ |

অধ্যায়ঃ ৯ 

চুতীয়াসকল

১| চুতীয়াসকলৰ আদি বাস্থান ক’ত আছিল ?

উত্তৰঃ চুতীয়াসকলৰ আদি বাস্থান হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসস্থান আছিল ।

২| চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছিল ?

উত্তৰঃ স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে তেওলোক স্বাতীয় বোলা হৈছিল। স্বাতীয় শব্দৰ পৰা চুতীয়া শব্দৰ উৎপত্তি হৈছিল।

৩| চুতীয়াসকলৰ  এগৰাকী বীৰাঙ্গনাৰ নাম লিখা |

উত্তৰঃ ৰাণী বীৰাঙ্গনা সতী  হ’ল চুতীয়াসকলৰ  এগৰাকী বীৰাঙ্গনাৰ নাম।

৪| তলত দিয়া যিকোনো এগৰাকী বিষয়্ চমুকৈ লিখা ।

(ক) সোণাৰাম চুতীয়া, (খ)  ড° স্বৰ্ণলতা বৰুৱা (গ) চিদানন্দ শইকীয়া (ঘ) কোষেশ্বৰ বৰুৱা

উত্তৰঃ (গ) চিদানন্দ শইকীয়াঃ ১৯২৪ খ্ৰীষ্টাব্দত গোলাঘাট জিলাৰ বোকাখাট দ গাঁৱত  চিদানন্দ শইকীয়া জন্ম হৈছিল । চিদানন্দ শইকীয়া আছিল শিক্ষাব্ৰতী, স্বাধীনতা সংগ্ৰামী ।  চিদানন্দ শইকীয়া দেৱে ২২ খন কৈ গ্ৰন্থ প্ৰণয়ন কৰিছিল । তাৰে ভিতৰত কেইখন মান হ’ল ছোভিয়েট নাৰী , সীমান্ত গান্ধী, জুয়ে পোৰা সোণ, সেউজীয়া বোল, জীয়া ঢল বাগৰি যায়, ৰাছিয়ান সাহিত্য আদি । তাৰোউপৰি বহুকেইখন গ্ৰন্থ সম্পাদনা কৰিথিল আৰু বাকৰি কাকত, আলোচনী, আদি ভালেই মান প্ৰবন্ধ ৰচনা কৰিছিল। সাহিত্য চৰ্চাৰ বাবেই মস্কো , টাচখণ্ড , ৰিগা আদি ভ্ৰমণ কৰিবলৈ সুবিধা লাভ কৰা এইগৰাকী ব্যক্তিয়ে ছােভিয়েট দেশ নেহৰু বঁটা , সাহিত্যিক পেন্সন আৰু শিক্ষক বঁটা লাভ কৰিছিল । অসমৰ সাংবাদসেৱাৰ জগতখনলৈও তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল । বােকাখাট চহৰৰ নিকটবর্তী কাজিৰঙা মৌজাৰ কলাখােৱা গাঁৱৰ ভূমিহীন লােকসকলক দহ বিঘা পৰিমাণৰ মাটি ( দাগ নম্বৰ ১১২ , পট্টা নম্বৰ ৩৯ ) দান কৰিব পৰাটো দুখীয়া – দৰিদ্ৰৰ প্রতি সহানুভূতিৰ লগতে তেওঁৰ নির্মোহ ব্যক্তিত্বৰ উল্লেখযােগ্য দিশ ।

৫| চুতীয়াসকলৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা |

উত্তৰঃ চুতীয়াসকল অসমৰ আদিম অধিবাসীসকলৰ ভিতৰত অন্যতম জনসমষ্টি । চুতীয়াহিমালয়ৰ উত্তৰৰ মানস সৰােবৰৰ পূবত স্বাত সৰােবৰৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসস্থান আছিল । তাৰ পৰা তেওঁলােকে সােৱণশিৰি নদীৰ পাৰে পাৰে পশ্চিমলৈ প্ৰব্ৰজন কৰি বৰ্তমানৰ লখিমপুৰ অঞ্চল পায়হি । স্বাত সৰােবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে এওঁলােকক স্বাতীয়া বােলা হৈছিল । কালক্ৰমত এই স্বাতীয়াৰ পৰাই চুতীয়া শব্দৰ উৎপত্তি হ’ল ।চুতীয়াসকলৰ পুৰণি ৰাজ্যৰ নাম আছিল বিদৰ্ভ । তেওঁলোকে দেৱীক উপাসক আছিল । চুতীয়া সকল সাংস্কৃতিক পৰম্পৰা চহকী আছিল । চুতীয়াসকল ভাস্কৰ্য শিল্পতো চহকী আছিল । চুতীয়াসকলে হাতী, ঘোঁৰা, গৰু-মহ আদি পালে ।