দৃশ্যান্ত’ কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ সাৰাংশঃ “দৃশ্যান্তৰ” কবিতাটোৰ কবি হৰেকৃষ্ণ ডেকাদেৱে একেটি কবিতাৰ মাধ্যমত দুখন ভিন্ন ছবি অংকিত কৰিছে। সময়ৰ লগে লগে যে সকলো পৰিৱৰ্তন হয় আৰু সময়ৰ চাকনৈয়াত পৰি মানুহ যে কৃত্রিমতাৰ বলি হৈ কাৰোৰ কথা নাভাবে কবিয়ে তাকে বুজাব বিচাৰিছে। কবিয়ে পচিশ বছৰ আগতে এজন চফল ডেকাক সহজ জীৱন শৈলীৰ মাজত লগ পাইছিল। তেওঁৰ ঘৰটো আছিল জুপুৰি ঘৰ৷ একা-বেঁকা আৰু কেঁচা আলিটোত মানুহজনে গধূলি সময়ত নিজৰ ঘৰখন তেওঁৰ ঘৰৰ পদুলিটোৰ নঙলা মুখতে বিচাৰি ফুৰিছিল। জোনৰ পোহৰেৰে চাৰিওদিশ আলোকিত হৈ থকাৰ পিছতো সেই কুকুৰীকণা মানুহজনে নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল। সহায়ৰ হাত দিবলৈ তেওঁৰ কাষত আপোন বুলিবলৈ কোনো নাছিল। মানুহজনৰ দুখ দেখি কবিয়ে সহায়ৰ হাত আগবঢ়াওতে তেওঁ কৈছিল “মই এই জুপুৰী ঘৰটিত বৰ শান্তিৰে আছোঁ।”