ভাৰতীয় দৰ্শনৰ স্বৰূপ (Nature of Indian Philosophy) | Unit 1 Nature of Indian Philosophy | B.A 2nd Semester Solution Assamese Medium | Gauhati University B.A 2nrd Semester (General) Unite 1 Nature of Indian Philosophy Question and Answer Assam | ভাৰতীয় দৰ্শন প্ৰথম অধ্যায় ভাৰতীয় দৰ্শনৰ স্বৰূপ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

অধ্য়ায় ১


ভাৰতীয় দৰ্শনৰ স্বৰূপ (Nature of Indian Philosophy)


প্ৰশ্নাৱলী (questions)

Answer the following questions

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ
1. What is the etymological meaning of ‘Darsana’?

‘দৰ্শন’ শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ কি?

Ans: দৰ্শন শব্দৰ ব্যুৎপত্তিগত অৰ্থ হল- জ্ঞানৰ প্ৰতি অনুৰাগ ।

 2. What is the meaning of Astika?

আস্তিকৰ অৰ্থ কি?

Ans:আস্তিকৰ অৰ্থ হল – যিয়ে ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে অৰ্থাৎ ঈশ্বৰবাদী । 


3. What are the Astika systems?

আস্তিক সম্প্ৰদায়বোৰ কি কি?

Ans:আস্তিক সম্প্ৰদায়বোৰ হল- ন্য়ায়, বৈশেষিক, সাংখ্য়, যোগ, মীমাংসা আৰু বেদান্ত ।

 4. What is the meaning of Nāstika?নাস্তিকৰ অৰ্থ কি?

Ans: নাস্তিকৰ অৰ্থ হল- যিয়ে ঈশ্বৰৰ অস্তিতত বিশ্বাস নকৰে অৰ্থাৎ নিৰীশ্বৰবাদী ।


5. What are the Nāstika system?

নাস্তিক সম্প্ৰদায়বোৰ কি কি?

Ans: নাস্তিক সম্প্ৰদায়বোৰ হল- চাৰ্বাক, বৌদ্ধ আৰু জৈন ।
6. Vedanta Philosophy is Astika / Nastika Philosophy?

বেদান্ত দৰ্শন আস্তিক / নাস্তিক দৰ্শন?

Ans:বেদান্ত দৰ্শন আস্তিক দৰ্শন ।


7. According to Indian Philosophy, there are three kinds of pains or sufferings. What are they?

ভাৰতীয় দৰ্শন অনুসৰি জীৱনত তিনি প্ৰকাৰৰ দুখ আছে। সেইবোৰ কি কি?

Ans
8. What do you mean by spiritualism?

আধ্য়ত্মিকতা বাদ বুলিলে কি বুজা?

Ans:
9. Name two authoritative books from where Astika philosophy originated.

দুখন আধাৰগ্ৰন্থৰ নাম লিখা য’ৰ পৰা আস্তিক দৰ্শন নিঃসৃত হৈছে।Ans:

Board Questions:

ৰচনাধৰ্মী প্ৰশ্নঃ

1. What is darshana? Discuss the difference between Darshana and Philosophy.

দৰ্শন কাক বোলে? ‘দৰ্শন’ আৰু ‘Philosophy’ মাজত থকা পাৰ্থক্য় আলোচনা কৰা।

Ans:

2. What is Philosophy? How Indian Philosophy is different from Western Philosophy?

দৰ্শন কাক বোলে? ভাৰতীয় দৰ্শন কেনেদৰে পাশ্চত্য় দৰ্শনৰ পৰা পৃথক।

Ans: জীৱন আৰু জগতৰ সামগ্ৰিক ব্য়াখ্য়া আৰু ইয়াৰ মূল্য় নিৰ্ধাৰণকে দৰ্শন বুলি কোৱা হয়।    ‘দৰ্শন’ শব্দৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Philosophy’। ‘Philosophy’ শব্দটো গ্ৰীক শব্দ ‘Philos’আৰু ‘Sophia’ ৰ পৰা আহিছে। ‘Philos’শব্দৰ অৰ্থ হ’ল ‘অনুৰাগ'(love) আৰু ‘Sophia’ শব্দৰ অৰ্থ হ’ল ‘জ্ঞান'(wisdom)। ব্য়ুৎপত্তিগতৰ দিশৰ পৰা ‘Philosophy’ শব্দটোৰ অৰ্থ হল- ‘জ্ঞানৰ প্ৰতি অনুৰাগ'(love of wisdom)।    ভাৰতীয়  দৰ্শন পাশ্চাত্য় দৰ্শনৰ পৰা পৃথক কাৰণঃ১)ভাৰতীয় দৰ্শনৰ উদ্দেশ্য় মোক্ষ প্ৰাপ্তি,মোক্ষ বা মুক্তিকেই পৰম পুৰুষাৰ্থ হিচাপে গণ্য় কৰিছে। কিন্তু,পাশ্চাত্য় দৰ্শনৰ মূল উদ্দেশ্য় হ’ল জ্ঞান প্ৰাপ্তি। পাশ্চাত্য় জগতত দৰ্শন চৰ্চা কৰা হয় জ্ঞান লাভৰ উদ্দেশ্য়ে।


২)পাশ্চাত্য় দৰ্শন কেৱল তাত্ত্বিক; কিন্তু ভাৰতীয় দৰ্শন তাত্ত্বিক আৰু ব্য়ৱহাৰিক উভয়ে।৩)পাশ্চাত্য় দৰ্শনক বৈজ্ঞানিক বুলি কোৱা হয়;কাৰণ পাশ্চাত্য় জগতৰ অধিকাংশ দাৰ্শনিকে দৰ্শনৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি  অৱলম্বন কৰিছে। কিন্তু, ভাৰতীয় দৰ্শনৰ দৃষ্টিভংগী ধাৰ্মিক।সত্য় বা আত্মাৰ যথাৰ্থ স্বৰূপ জ্ঞান লাভ কৰিবলৈ ভাৰতীয় দাৰ্শনিকে ধৰ্মীয় আচৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে।


৩)পাশ্চাত্য় দৰ্শন বিশ্লেষণাত্মক; কিন্তু ভাৰতীয় দৰ্শনৰ দৃষ্টিভংগী সংশ্লেষণাত্মক।৫)ব্য়ুৎপত্তিগত অৰ্থৰ ফালৰ পৰা পাশ্চাত্য় দৰ্শনৰ অৰ্থ হ’ল ‘জ্ঞানৰ প্ৰতি অনুৰাগ’। এই দিশৰ পৰা তেৱেঁই দাৰ্শনিক যি জ্ঞানৰ প্ৰতি অনুৰাগ বা জ্ঞান- প্ৰেমী।                কিন্তু ভাৰতীয় দৰ্শনৰ অৰ্থ হল, ‘আত্ম-দৰ্শন’, ‘সত্য়-দৰ্শন’ বা ‘সত্য়ৰ উপলদ্ধি’।যিয়ে সত্য় বা তত্ত্বক জীৱনত উপলদ্ধি কৰিছে তেৱেঁই যথাৰ্থ দাৰ্শনিক।

3. Explain the Nature of Indian Philosophy.

ভাৰতীয় দৰ্শনৰ প্ৰকৃতি বিচাৰ কৰা।

Ans:
4. Explain the Astika-Nastika dichotomy in Indian Philosophy.

ভাৰতীয় দৰ্শনৰ আস্তি-নাস্তিক দ্বিধাৰণ সম্পৰ্কে আলোচনা কৰা।

Ans:
5. Discuss the common characteristics of India Philosophy.

ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য় বা লক্ষণ সম্পৰ্কে আলোচনা কৰা।

Ans: ভাৰতীয় দৰ্শন আস্তিক-নাস্তিক বা বৈদিক-অবৈদিক সম্প্ৰদায়ত বিভক্ত। এই বিভিন্ন সম্প্ৰদায়ৰ মাজত মত পাৰ্থক্য় থাকিলেও এই সম্প্ৰদায়বোৰৰ মাজত কিছুমান সাধাৰণ বিষয়ত সাদৃশ্য় আছে। এই সাধাৰণ সাদৃশ্য়বোৰকেই ‘ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য় বা লক্ষ্য়ণ বুলি কোৱা হয়।ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য় বা লক্ষণসমূহ তলত আলোচনা কৰা হল-১)বেদৰ সম্পৰ্কীয় আলোচনাঃভাৰতীয় দৰ্শনৰ উৎস হল-বেদ আৰু উপনিষদ।বেদৰ বিৰোধিতা কৰিয়েই হওক বা বেদক সমৰ্থন কৰিয়েই হওক ভাৰতীয় দৰ্শন প্ৰতক্ষ্য়ভাৱে বা পৰোক্ষভাৱে বেদৰ পৰা উৎপত্তি।ভাৰতৰ প্ৰায় সকলো দাৰ্শনিক সম্প্ৰদায়ত বেদৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৈদিক বা আস্তিক দৰ্শন বেদৰ প্ৰামাণ্য় স্বীকাৰ কৰে।
২)ব্য়ৱহাৰিক প্ৰয়োজনবোধঃ ভাৰতীয় দৰ্শনৰ উৎপত্তি হয় জীৱনৰ প্ৰয়োজনীয়তাত। ভাৰতীয় দৰ্শনত কেৱল তাত্ত্বিক আলোচনাই কৰা নহয়, সেই তত্ত্বক ব্য়ৱহাৰিক জীৱনত প্ৰয়োগ কৰাই ভাৰতীয় দৰ্শনৰ মূল উদ্দেশ্য়।ভাৰতীয় দাৰ্শনিক কেৱল কৌতুহল বা অনুসন্ধিৎসা নিবৃত্তিৰ বাবেই দৰ্শনৰ আশ্ৰয় লোৱা নাই;কিদৰে দাৰ্শনিক চিন্তা কৰিলে আমি জীৱনৰ পৰম পুৰুষাৰ্থ লাভ কৰিব পাৰোঁ, তাৰ নিৰ্দেশ দিয়াই ভাৰতীয় দৰ্শনৰ উদ্দেশ্য়।
৩)আধ্য়াত্মিক অতৃপ্তিঃ ভাৰতীয় দৰ্শন আধ্য়াত্মিক দৰ্শন। আধ্য়াত্মিক অতৃপ্তি বা অশান্তিৰ পৰাই ভাৰতীয় দৰ্শনৰ উদ্ভৱ হৈছে।ভাৰতীয় দাৰ্শনিকসকলৰ মতে, মনুষ্য় জীৱন দুখময়, যন্ত্ৰনাময়-মানুহে সকলো সময়তে দুখ-কষ্টৰ মাজতে জীৱন নিৰ্বাহ কৰিছে। ভাৰতীয় দাৰ্শনিকসকলে উপলদ্ধি কৰিছে যে, সমগ্ৰ জগতেই অস্থিৰ, সমগ্ৰ জগতেই দুখময়, মানুহৰ জীৱন এক অপূৰ্ণ জীৱন। মানুহে জৰা, মৰণ, ব্য়াধি আদিৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। জগত আৰু জীৱনৰ এই অস্বাভাৱিক ৰূপ দেখি ভাৰতীয় দাৰ্শনিকে জগতৰ মূলতত্ত্ব আৰু দুখ নিবৃত্তিৰ উপায় অনুসন্ধানত প্ৰবৃত্ত হয়।
৪)আত্মাৰ সনাতন সত্তাত বিশ্বাসঃচাৰ্বাক আৰু বৌদ্ধ দৰ্শনৰ বাহিৰে বাকী সকলো দাৰ্শনিক সম্প্ৰদায় এক সনাতন অবিনাশী আত্মাৰ সত্তাত বিশ্বাস কৰে। ভাৰতীয় দাৰ্শনিকৰ মূল মন্ত্ৰই হৈছে ‘আত্মনং বিধি’।আত্মাৰ অস্তিত্ত্বত বিশ্বাস কৰা বাবে ভাৰতীয় দৰ্শনৰ যথাৰ্থ স্বৰূপ আধ্য়াত্মিক বুলি কোৱা হয়। ভাৰতীয় দাৰ্শনিকৰ মতে, আত্মা নিত্য়, শুদ্ধ, বুদ্ধ, মুক্ত আৰু চৈতন্য়স্বৰূপ। আত্মা দেহ-মনতকৈ বেলেগ। আত্মা অবিনাশী। আত্মাই ব্ৰহ্ম আৰু ব্ৰহ্মই আত্মা। আত্মা আৰু ব্ৰহ্ম অভিন্ন।
৫)সম্য়ক জ্ঞানঃ ভাৰতীয় দৰ্শনৰ আন এটা বৈশিষ্ট্য় হ’ল এয়ে যে, ভাৰতীয় সকলো দাৰ্শনিক সম্প্ৰদায়ে সত্য়ক উপলদ্ধি কৰিবলৈ,আত্মোলদ্ধি কৰিবলৈ, অথবা মোক্ষ লাভ কৰিবলৈ সম্য়ক জ্ঞানৰ ওপৰত অত্য়াধিক গুৰুত্ব দিছে। তেওঁলোকৰ মতে, সম্য়ক জ্ঞানৰ জৰিয়তে জীৱে অবিদ্য়া বা অজ্ঞানতাক দূৰ কৰি জগত আৰু জীৱনৰ যথাৰ্থ স্বৰূপ উপলদ্ধি কৰিব পাৰে।

6. What are the points of difference between Vedic and non-vedic Philosophy? Discuss.

বৈদিক আৰু অবৈদিক দৰ্শনৰ মাজত পাৰ্থক্য়বোৰ কি কি? আলোচনা কৰা।

Ans: বৈদিক আৰু অবৈদিক দৰ্শনৰ মাজত পাৰ্থক্য় হল:       যি দাৰ্শনিক সম্প্ৰদায় বেদক স্বতঃসিদ্ধ প্ৰামাণিক গ্ৰন্থ হিচাপে স্বীকাৰ কৰে তাক বৈদিক দৰ্শন বোলা হয়। ন্য়ায়, বৈশেষিক, সাংখ্য়,যোগ, মীমাংসা আৰু বেদান্ত- ই হল বেদ-বিশ্বাসী বৈদিক দৰ্শন।            আনহাতে, যি দাৰ্শনিক সম্প্ৰদায় বেদক স্বতঃসিদ্ধ প্ৰামাণিক গ্ৰন্থ হিচাপে স্বীকাৰ নকৰে, তাক অবৈদিক দৰ্শন বোলা হয়।চাৰ্বাক, বৌদ্ধ আৰু জৈন এই ত্ৰয়ীদৰ্শন হল অবৈদিক দৰ্শন। 

7. Discuss five general characteristics of Indian Philosophy.

ভাৰতায় দৰ্শনৰ পাঁচটা সাধাৰণ বৈসিষ্ট্য় উল্লেখ কৰা।

Ans:ভাৰতীয় দৰ্শন আস্তিক-নাস্তিক বা বৈদিক-অবৈদিক সম্প্ৰদায়ত বিভক্ত। এই বিভিন্ন সম্প্ৰদায়ৰ মাজত মত পাৰ্থক্য় থাকিলেও এই সম্প্ৰদায়বোৰৰ মাজত কিছুমান সাধাৰণ বিষয়ত সাদৃশ্য় আছে। এই সাধাৰণ সাদৃশ্য়বোৰকেই ‘ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য় বা লক্ষ্য়ণ বুলি কোৱা হয়।ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য়  তলত আলোচনা কৰা হল-১)বেদৰ সম্পৰ্কীয় আলোচনাঃভাৰতীয় দৰ্শনৰ উৎস হল-বেদ আৰু উপনিষদ।বেদৰ বিৰোধিতা কৰিয়েই হওক বা বেদক সমৰ্থন কৰিয়েই হওক ভাৰতীয় দৰ্শন প্ৰতক্ষ্য়ভাৱে বা পৰোক্ষভাৱে বেদৰ পৰা উৎপত্তি।ভাৰতৰ প্ৰায় সকলো দাৰ্শনিক সম্প্ৰদায়ত বেদৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৈদিক বা আস্তিক দৰ্শন বেদৰ প্ৰামাণ্য় স্বীকাৰ কৰে।
২)ব্য়ৱহাৰিক প্ৰয়োজনবোধঃ ভাৰতীয় দৰ্শনৰ উৎপত্তি হয় জীৱনৰ প্ৰয়োজনীয়তাত। ভাৰতীয় দৰ্শনত কেৱল তাত্ত্বিক আলোচনাই কৰা নহয়, সেই তত্ত্বক ব্য়ৱহাৰিক জীৱনত প্ৰয়োগ কৰাই ভাৰতীয় দৰ্শনৰ মূল উদ্দেশ্য়।ভাৰতীয় দাৰ্শনিক কেৱল কৌতুহল বা অনুসন্ধিৎসা নিবৃত্তিৰ বাবেই দৰ্শনৰ আশ্ৰয় লোৱা নাই;কিদৰে দাৰ্শনিক চিন্তা কৰিলে আমি জীৱনৰ পৰম পুৰুষাৰ্থ লাভ কৰিব পাৰোঁ, তাৰ নিৰ্দেশ দিয়াই ভাৰতীয় দৰ্শনৰ উদ্দেশ্য়।
৩)আধ্য়াত্মিক অতৃপ্তিঃ ভাৰতীয় দৰ্শন আধ্য়াত্মিক দৰ্শন। আধ্য়াত্মিক অতৃপ্তি বা অশান্তিৰ পৰাই ভাৰতীয় দৰ্শনৰ উদ্ভৱ হৈছে।ভাৰতীয় দাৰ্শনিকসকলৰ মতে, মনুষ্য় জীৱন দুখময়, যন্ত্ৰনাময়-মানুহে সকলো সময়তে দুখ-কষ্টৰ মাজতে জীৱন নিৰ্বাহ কৰিছে। ভাৰতীয় দাৰ্শনিকসকলে উপলদ্ধি কৰিছে যে, সমগ্ৰ জগতেই অস্থিৰ, সমগ্ৰ জগতেই দুখময়, মানুহৰ জীৱন এক অপূৰ্ণ জীৱন। মানুহে জৰা, মৰণ, ব্য়াধি আদিৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। জগত আৰু জীৱনৰ এই অস্বাভাৱিক ৰূপ দেখি ভাৰতীয় দাৰ্শনিকে জগতৰ মূলতত্ত্ব আৰু দুখ নিবৃত্তিৰ উপায় অনুসন্ধানত প্ৰবৃত্ত হয়।
৪)আত্মাৰ সনাতন সত্তাত বিশ্বাসঃচাৰ্বাক আৰু বৌদ্ধ দৰ্শনৰ বাহিৰে বাকী সকলো দাৰ্শনিক সম্প্ৰদায় এক সনাতন অবিনাশী আত্মাৰ সত্তাত বিশ্বাস কৰে। ভাৰতীয় দাৰ্শনিকৰ মূল মন্ত্ৰই হৈছে ‘আত্মনং বিধি’।আত্মাৰ অস্তিত্ত্বত বিশ্বাস কৰা বাবে ভাৰতীয় দৰ্শনৰ যথাৰ্থ স্বৰূপ আধ্য়াত্মিক বুলি কোৱা হয়। ভাৰতীয় দাৰ্শনিকৰ মতে, আত্মা নিত্য়, শুদ্ধ, বুদ্ধ, মুক্ত আৰু চৈতন্য়স্বৰূপ। আত্মা দেহ-মনতকৈ বেলেগ। আত্মা অবিনাশী। আত্মাই ব্ৰহ্ম আৰু ব্ৰহ্মই আত্মা। আত্মা আৰু ব্ৰহ্ম অভিন্ন।  ৫)সম্য়ক জ্ঞানঃ ভাৰতীয় দৰ্শনৰ আন এটা বৈশিষ্ট্য় হ’ল এয়ে যে, ভাৰতীয় সকলো দাৰ্শনিক সম্প্ৰদায়ে সত্য়ক উপলদ্ধি কৰিবলৈ,আত্মোলদ্ধি কৰিবলৈ, অথবা মোক্ষ লাভ কৰিবলৈ সম্য়ক জ্ঞানৰ ওপৰত অত্য়াধিক গুৰুত্ব দিছে। তেওঁলোকৰ মতে, সম্য়ক জ্ঞানৰ জৰিয়তে জীৱে অবিদ্য়া বা অজ্ঞানতাক দূৰ কৰি জগত আৰু জীৱনৰ যথাৰ্থ স্বৰূপ উপলদ্ধি কৰিব পাৰে।
8. What are the various schools of Indian Philosophy? Discuss briefly each of them.

ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্ৰদায়বোৰ কি কি? প্ৰত্য়েকটোৰ বিষয়ে চমুকৈ লিখা।

Ans: ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়ক দুটা ভাগত ভাগ কৰা হৈছে-আস্তিক দৰ্শন আৰু নাস্তিক দৰ্শন। আস্তিক দৰ্শনৰ সম্প্ৰদায়কেইটা হৈছে-ন্য়ায়, বৈশেষিক, সাংখ্য়, যোগ, মীমাংসা আৰু বেদান্ত। নাস্তিক দৰ্শনৰ সম্প্ৰদায়কেইটা হৈছে- চাৰ্বাক, বৌদ্ধ আৰু জৈন।ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়বোৰ তলত আলোচনা কৰা হল-
১) ন্য়ায় দৰ্শনঃ মহৰ্ষি গৌতম হৈছে ন্যায় দৰ্শনৰ প্ৰতিষ্ঠাতা।গৌতমৰ ন্য়ায় সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত।ন্য়ায় দৰ্শনৰ মতে মানৱ জীৱনৰ প্ৰধান লক্ষ্য় হৈছে অপবৰ্গ লাভ। এই অপবৰ্গ লাভৰ বাবে তত্ত্ব জ্ঞানৰ প্ৰয়োজন।ন্য়ায় দৰ্শনত শুদ্ধ জ্ঞানক প্ৰমা আৰু অশুদ্ধ জ্ঞানক অপ্ৰমা বুলি কোৱা হয়।আকৌ জ্ঞান লাভৰ উপায়ক প্ৰমাণ আৰু জ্ঞানৰ বিষয়বস্তুক প্ৰমেয় বুলি কোৱা হয়।নৈয়াসিকসকলৰ মতে প্ৰমাণ চাৰি প্ৰকাৰৰ,যেনে-প্ৰত্য়ক্ষ, অনুমান, উপমান আৰু শব্দ। আকৌ এই দৰ্শনৰ মতে প্ৰমেয় বাৰটা- আত্মা, শৰীৰ, ইন্দ্ৰিয়, অৰ্থ, বুদ্ধি, মন, প্ৰকৃতি, দোষ,পুৰ্নজন্ম, ফল, দুখ আৰু মোক্ষ।
২)বৈশেষিক দৰ্শনঃবৈশেষিক দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে মহৰ্ষি কণাদ।কণাদৰ ‘বৈশেষিক সূত্ৰ’ই হৈছে এই দৰ্শনৰ প্ৰধান গ্ৰন্থ। বৈশেষিক দৰ্শনে দুবিধ জ্ঞানৰ কথা কয়,যেনে-অনুভৱ আৰু স্মৃতি। বৈশেষিক দৰ্শনে জ্ঞান আহৰণৰ বাবে দুটা প্ৰমাণ স্বীকাৰ কৰে- প্ৰত্য়ক্ষ আৰু অনুমান। বৈশেষিক দৰ্শনে সাতবিধ পদাৰ্থৰ অস্তিত্ব স্বীকাৰ কৰিছে। এই সাতবিধ পদাৰ্থ হৈছে-দ্ৰব্য়, গুণ, কৰ্ম, সামান্য়, বিশেষ, সমবায় আৰু অভাৱ।উৎপত্তিশীল বস্তুবোৰৰ মূল উপাদান হৈছে পৰমাণুসমূহ। ক্ষিতি, অপ, তেজঃ আৰু বায়ু পৰমাণুৰ সংযোগত জগতৰ বস্তুবোৰৰ সৃষ্টি হৈছে আৰু এইবোৰৰ বিয়োগত জাগতিক বস্তুৰ ধ্বংস।
৩)সাংখ্য দৰ্শনঃ মহৰ্ষি কপিল হৈছে সাংখ্য় দৰ্শনৰ প্ৰৱৰ্তক। এই দৰ্শনৰ প্ৰধান গ্ৰন্থ হৈছে  ঈশ্বৰ কৃষ্ণৰ ৰচিত সাংখ্য়কাৰিকা। সাংখ্য় দৰ্শনে দুটা মূল তত্ত্বক স্বীকাৰ কৰিছে ,সেই দুটা হল- পুৰুষ আৰু প্ৰকৃতি।পুৰুষক আত্মা নামাৰেও জনা যায়। প্ৰকৃতি হৈছে ত্ৰিগুণাত্মিক অৰ্থাৎ সত্ত্ব, ৰজঃ আৰু তমঃ গুণক লৈ প্ৰকৃতি গঠিত হয়। সাংখ্য় দৰ্শন সৎকাৰ্যবাদত বিশ্বাসী।সাংখ্য় দৰ্শনে মুক্তিক দুটা ভাগত ভাগ কৰিছে- জীৱনমুক্তি আৰু বিদেহ মুক্তি।সাংখ্য় দৰ্শন নিৰীশ্বৰবাদী দৰ্শন। সাংখ্য় দৰ্শনে যথাৰ্থ জ্ঞান লাভৰ উপায় স্বৰূপে তিনিবিধ প্ৰমাণক স্বীকাৰ কৰিছে। এই তিনিটা প্ৰমাণ হৈছে- প্ৰত্য়ক্ষ, অনুমান আৰু শব্দ।
৪) যোগ দৰ্শনঃযোগ দৰ্শনৰ প্ৰৱৰ্তক হৈছে পতঞ্জলি। এই দৰ্শনক ‘পতঞ্জলি দৰ্শনো’ বোলা হয়। যোগ দৰ্শনৰ মূল হৈছে সাংখ্যতত্ত্ব। যোগ দৰ্শনত ঈশ্বৰৰ উল্লেখ পোৱা যায়। পতঞ্জলিৰ মতে যোগ সাধনৰ বাবে ঈশ্বৰৰ ওপৰত ভক্তি ৰখাটো প্ৰয়োজন। যোগ দৰ্শনে সাংখ্য় দৰ্শনৰ নিচিনাকৈ তিনিতা প্ৰমাণ স্বীকাৰ কৰিছে। সেই প্ৰমাণকেইটা হৈছে- প্ৰত্য়ক্ষ, অনুমাণ আৰু শব্দ। এই দৰ্শনৰ মতে কৰ্মই বিবেক জ্ঞানক ঢাকি ৰাখে আৰু এই কৰ্মনাশ কৰিব পৰা যায় যোগাভ্য়াসৰ জৰিয়তে।
৫) মীমাংসা দৰ্শনঃ মীমাংসা দৰ্শনৰ প্ৰৱৰ্তক হৈছে জৈমিনি।এই দৰ্শনৰ প্ৰণালীবদ্ধ পুথি হৈছে জৈমিনি সূত্ৰ। মীমাংসা দৰ্শন সম্পূৰ্ণৰূপে বেদ নিৰ্ভৰশীল।বেদৰ দুটা প্ৰধান বিভাগ আছে, যেনে- পূৰ্ব কাণ্ড বা কৰ্ম কাণ্ড আৰু উত্তৰ কাণ্ড বা জ্ঞান কাণ্ড।বেদৰ কৰ্ম কাণ্ডৰ ওপৰত মীমাংসা দৰ্শন নিৰ্ভৰশীল। মীমাংসা দৰ্শন বস্তুবাদী আৰু বহুত্ববাদী।মীমাংসা দৰ্শনৰ সম্প্ৰদায় ভট্ৰ মীমাংসা আৰু প্ৰভাকৰ মীমাংসাই দুই প্ৰকাৰৰ জ্ঞান স্বীকাৰ কৰি লৈছে। যেনে- অপৰোক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। প্ৰভাকৰ মীমাংসাই পাঁচ প্ৰকাৰৰ প্ৰমাণ স্বীকাৰ কৰিছে। (১)প্ৰত্য়ক্ষ,(২) অনুমান,(৩) উৰমান,(৪)শব্দ,(৫) অৰ্থাপত্তি। এই পাঁচ প্ৰকাৰৰ প্ৰমাণৰ উপৰি ভট্ৰ মীমাংসাই আন এটা ষষ্ঠ প্ৰমাণ স্বীকাৰ কৰিছে।সেইটো হৈছে অনুপলদ্ধি।
৬) বেদান্ত দৰ্শনঃ বেদান্ত দৰ্শনৰ প্ৰতিষ্ঠাতা হল বদৰায়ণ। বদৰায়ণৰ দ্বাৰা ৰচিত ব্ৰহ্ম সূত্ৰই হৈছে এই দৰ্শনৰ মূল গ্ৰন্থ। শঙ্কৰাচাৰ্য, ৰামানুজাচাৰ্য, মধ্বাচাৰ্য, বল্লভাচাৰ্য আৰু নিম্বাৰ্ক হৈছে এই সূত্ৰৰ প্ৰধান ভাষ্য়কাৰ ।এই ভাষ্য়কাৰসকলৰ নামত আমি মুঠ পাঁচটা সম্প্ৰদায় পাঁও- (১) অদ্বৈত বেদান্ত (শঙ্কৰাচাৰ্য), (২)বিশিষ্টাদ্বৈত (ৰামানুজাচাৰ্য), (৩) দ্বৈত বেদান্ত (মধ্ব) ,(৪) দ্বৈতাদ্বৈত বেদান্ত (নিম্বাৰ্ক) আৰু (৫) শুদ্ধাদ্বৈত বেদান্ত ( বল্লভ)।

৭) বৌদ্ধ দৰ্শনঃ গৌতম বুদ্ধ হৈছে বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তক।মানৱ জীৱন দুখেৰে পৰিপূৰ্ণ। এই দুখ উপশমৰ বাবে বুদ্ধদেৱে চাৰিটা আৰ্য সত্য় দাঙি ধৰিছিল, এই চাৰি আৰ্য সত্য হৈছে- (১) দুখ, (২)  দুখৰ কাৰণ, (৩) দুখৰ নিবৃত্তি, (৪) দুখ নিবৃত্তি উপায়। 

9. Discuss the dichotomy between Astika and Nastika Philosophy.আস্তিক আৰু নাস্তিক দৰ্শৰনৰ মাজত থকা পাৰ্থক্য় সমূহ বুজাই লিখা।  

Ans:

10. Explain the importance of Veda in Indian Philosophy. Discuss the common characteristics of Indian Philosophy.

ভাৰতীয় দৰ্শনত বেদৰ গুৰুত্ব বিষয়ে আলোচনা কৰা। ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য়সমূহ কি কি?

Ans:

11. ‘Indian Philosophy is pessimistic in outlook.’ Do you accept.

‘ভৰাতীয় দৰ্শন দুঃখবাদী দৰ্শন।’ কথাষাৰ গ্ৰহণযোগ্য় নে।

Ans:
12. Explain the development of Indian Philosophy.

ভাৰতীয় দৰ্শনৰ ক্ৰমবিকাশ সন্দৰ্ভত আলোচনা কৰা।

Ans:
13. Is Indian Philosophy dogmatic? Discuss.

ভাৰতীয় দৰ্শন নিৰ্বিচাৰবীদ নে? আলোচনা কৰা।

Ans:


Write Short Note On:

চমুটোকা লিখাঃ
1. Astik Philosophy.

আস্তিক দৰ্শন।

Ans: যি দাৰ্শনিক সম্প্ৰদায় বেদক স্বতঃসিদ্ধ প্ৰামাণিক গ্ৰন্থ হিচাপে স্বীকাৰ কৰে তাক আস্তিক বা বৈদিক দৰ্শন বোলা হয়।ন্য়ায়, বৈশেষিক, সাংখ্য়, যোগ,মীমাংসা আৰু বেদান্ত-ই হল বেদ বিশ্বাসী আস্তিক দৰ্শন।কাৰণ এই সম্প্ৰদায়বোৰ বেদৰ প্ৰামাণ্য় স্বীকাৰ কৰি লয়।’আস্তিকদৰ্শন’বুলিলে ঈশ্বৰবাদী দৰ্শনিক সম্প্ৰদায়ক বুজায়। আস্তিক দৰ্শনক আকৌ দুভাগত ভাগ কৰা হয়-১)বেদানুগত আৰু ২)বেদস্বতন্ত্ৰ।যিবোৰ দাৰ্শনিক সম্প্ৰদায়বোৰৰ বেদৰ লগত সাক্ষাৎ সম্পৰ্ক আছে,যিবোৰ দৰ্শন সম্প্ৰদায় বেদৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে, সেইবোৰ দাৰ্শনিক সম্প্ৰদায় হল বেদানুগত আস্তিক দৰ্শন।যেনে- মীমাংসা আৰু বেদান্ত দৰ্শন।এই দুই দৰ্শন সম্পূৰ্ণভাৱে বেদ নিৰ্ভৰ। আনহাতে, যিবোৰ দাৰ্শনিক সম্প্ৰদায় বেদৰ প্ৰামাণ্য় স্বীকাৰ কৰিলেও বেদৰ বক্তব্য়ৰ মাজত নিজৰ আলোচনাক সীমাবদ্ধ নাৰাখি স্বতন্ত্ৰভাৱে নিজ নিজ দাৰ্শনিক তত্ত্বক ব্য়াখ্য়া কৰিছে, সেইবোৰ দাৰ্শনিক সম্প্ৰদায় হল বেদ-স্বতন্ত্ৰ আস্তিক দৰ্শন। সাংখ্য়,যোগ,ন্য়ায় আৰু বৈশেষিক এই চাৰিদৰ্শন হল বেদ-স্বতন্ত্ৰ দৰ্শন। এই দৰ্শনবোৰ বেদ বিশ্বাসী হলেও তেওঁলোকে স্বতন্ত্ৰভাৱে নিজৰ সিদ্ধান্তক প্ৰতিষ্ঠা কৰিছে।

2. Nastik Philosophy.

নাস্তিক দৰ্শন।

Ans: যি দাৰ্শনিক সম্প্ৰদায় বেদক স্বতঃসিদ্ধ প্ৰামাণিক গ্ৰন্থ হিচাপে স্বীকাৰ নকৰে, তাক নাস্তিক দৰ্শন বোলা হয়।নাস্তিক দৰ্শন হল ‘বেদ নিন্দুক’ দৰ্শন। চাৰ্বাক, বৌদ্ধ আৰু জৈন এই ত্ৰয়ীদৰ্শন হল নাস্তিক দৰ্শন।’নাস্তিক দৰ্শন’ বুলিলে নিৰীশ্বৰবাদী দাৰ্শনিক সম্প্ৰদায়ক বুজায়।নাস্তিক দৰ্শনবোৰক দুটা ভাগত ভাগ কৰা হয়-১)চৰমপন্থী আৰু ২) নৰমপন্থী। চাৰ্বাক আৰু বৌদ্ধ দৰ্শন চৰম বেদবিৰোধী; সেইকাৰণে এই দৰ্শনক চৰমপন্থী নাস্তিক দৰ্শন বুলি কোৱা হয়।চাৰ্বাক সকলৰ মতে,বেদ অভ্ৰান্ত,অপৌৰুষেয় নহয়, বেদ ভণ্ড পুৰোহিত সম্প্ৰদায়ৰ দ্বাৰা সৃষ্ট।গতিকে বেদ প্ৰমাণ্য় গ্ৰন্থ নহয়।চাৰ্বাক দাৰ্শনিক সম্প্ৰদায় প্ৰচলিত আৰু ভাৰতীয় উভয় অৰ্থতে নাস্তিক দৰ্শন বাবে ইয়াক ‘নাস্তিক শিৰোমণি’বুলি অভিহিত কৰা হয়।
ByHirak Jyoti Bora.