১৪। সংস্কৃত ব্যাকৰণৰ কিছুমান টীকা-টিপ্পনীঃ প্ৰক্ৰিয়া আৰু কৌদুমী সম্ভাৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ কৈয়্যটৰ পৰা সপ্তদশ, অষ্টদশ খ্ৰীষ্টাব্দ পৰ্যন্ত যিখিনি ব্যাকৰণ পোৱা যায়। তাৰ অধিকাংশই টীকা-টিপ্পনীমূলক। সংস্কৃত ব্যাকৰণ পৰম্পৰা অনসাৰে বৈয়াকৰণসকলে অক্ষৰ একোটাৰ অৰ্ধমাত্ৰা লাঘৱ কৰিব পাৰিলে হেনো পুত্ৰলাভৰ সমান আনন্দ অনুভৱ কৰিছিল। পাণিনীয় সূত্ৰপাঠৰ দুৰূহতাৰ সম্ভাৱ্য কাৰণ এইটোৱে আনকি সংক্ষিপ্ততাৰ খাতিূৰত সূত্ৰবোৰ প্ৰায় লগ লগাই হৈছিল। যদিও এই সূত্ৰবোৰ কিছুমান নিৰ্দিষ্ট তত্ত্বৰ ওপৰত প্ৰতিষ্টিত,তথাপি মাত্ৰাধিক সংক্ষিপ্তীয়ে এইবোৰ দুৰ্বোধ্য কৰি তোলাত, ব্যাকৰণ-শাস্ত্ৰৰ অৰ্ধ্যয়ণ যথেষ্ট জটিল হৈ পৰিছিল। তদুপৰি সময় বাগৰাৰ লগে লগে পাণিনি নিৰ্দিষ্ট সংস্কৃত ভাষাৰ সৈতে বিৱৰ্তিত ভাষাটোৰ সংযোগ বিচ্ছিন্ন হৈ অহাত অষ্টাধ্যায়ী সূত্ৰপাঠেবৈয়াকৰণিখ চাহিদা পূৰোৱাত ব্যৰ্থ হৈছিল। কৈয়্যটৰ পৰৱৰ্তী সংস্কৃত বৈয়াকৰণ সকলে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পাণিনীয় সূত্ৰপাঠক সুগম তথা সহজবোধ্য কৰাৰ চেষ্টাত ব্ৰ হৈছিল। সেই হেতুকে এইছোৱা সময়ত অষ্টাধ্যায়ীৰ টীকা ভাষ্যসহ ভলেসংখ্যক সুবোধ্য ব্যকাৰণ ৰচিত হোৱা দেখা যায়। অৱশ্যে এই ব্যকৰণবোৰত তেনে কোনো নতুনত্ব পাবলৈ নাই। কোনোৱে মহাভাষ্য আৰু ৱাৰ্তিকসমূহৰ সৈতে সঙ্গতি ৰাখি পাণিনীয় সূত্ৰসমূহক ভিন্নক্ৰমত পুনিনিৰ্বাস কৰাৰ যত্ন কৰাৰ চেষ্টা কৰিছে মাথোন। আন কথাত এইসকল বৈয়াকৰণে সংস্কৃত ভাষাৰ ব্যাকৰণ লিখাৰ সলনি পাণিনীয় পদ্ধতিৰ ব্যাকৰণ লিখাৰ প্ৰতিহে অধিক মনযোগ দিছিল। তেওঁলোকে ধৰি লৈছিল যে ব্যাকৰণৰ ক্ষেত্ৰত পাণিনীয় সিদ্ধান্তই সৰ্বশেষ সিদ্ধান্ত; তাৰ সাল-সলনি এক প্ৰকাৰ অসম্ভৱ। খ্ৰীঃ একাদশ/দ্বাদশ শতিকাৰ বৌদ্ধ পণ্ডিত শৰণদেৱৰ দুৰ্ঘট বৃত্ত এনে সুগম পদ্ধতিৰ এক উল্লেখযোগ্য সৃষ্টি। ব্যাকৰণখনিৰ শিৰোনামটোৱে ভিৰত বিষয়বস্তুৰ ইঙ্গিত সবহন কৰে। ব্যাকৰণৰ সহায়ত যথাৰ্থতা প্ৰতিপন্ন কৰিব নোৱাৰা কেইটিমান নিৰ্বাচিতজ পাণিনীয় সূত্ৰৰ সহজ আৰু সুগম আলোচনাই ইয়াৰ প্ৰধান উদ্দশ্য। পৰৱৰ্তীকীালত ,সৰ্বৰক্ষিতে ইয়াৰ কেতয়বোৰ সংশোধন আগবঢ়ায়। ইয়াৰ বাহিৰে বিমলমতিৰ ভগবৃত্তি,পুৰুষোত্তম দেৱৰ ( খ্ৰীঃষোড়শ শতিকা, সতান্তৰে ১১৭২ খ্ৰীঃ) ভাষাবৃত্তি আৰু অপ্পয়া দীক্ষিতৰ (ষোড়শ খ্ৰীঃ) সূত্ৰ প্ৰকাশ, এনে শৈলীৰ ৰচিত আজ্ঞন কেইখনমান উসল্লেখযোগ্য ব্যাকৰণ শাস্ত্ৰ ।

এইছোৱা কালত শব্দ-সাধন প্ৰক্ৰিয়াসূচক ব্যাকৰম আৰুি বিপুল পৰিমাণৰ কৌমুদী সম্ভৰো ৰচিত হয়। পোনতে খ্ৰীঃ একাদশ/দ্বাদশ শতিকাৰ বৌদ্ধচাৰ্য ধৰ্ম-কীৰ্তিয়ে ৰূপাৱতাৰৰ জৰিয়তে প্ৰক্ৰিয়ামূলক ব্যাকৰণৰ পাতনি মেলে।ইয়াৰ অনুকৰণত বিমল সৰস্বতীয়ে (চতুৰ্দশ খ্ৰীঃ) ৰূপমালা ৰচনা কৰে। ৰূপাৱতাৰ আৰু ৰূপমালাক পৰৱৰ্ত্তী কৌমুদীকাৰ সকলৰ পথ প্ৰদৰ্শক ৰূপে অভিহিত কৰা হৈছে।

খ্ৰীঃ পঞ্চদশ ৰামচন্দ্ৰ দীক্ষিত ৰচিত প্ৰক্ৰিয়া কৌমুদীখনক কৌমুদী শাস্ত্ৰৰ বাটকটীয়া আখ্যা দিয়া হয়। পূৰ্বসুৰীসকলৰ দ্বাৰা উপেক্ষিত সূত্ৰ,সমূহৰ অন্তৰ্ভূক্তি ওই চগ্ৰন্থখনৰ অন্যতম বিশেষত্ব। গ্ৰন্থকাৰে ইয়াত পাণিনীয় সূত্ৰসমূহত পাঠকৰ উপযোগী হোৱাকৈ পৰিভাষা,সন্ধি, সমাস,কাৰকদ, প্ৰত্যয় আদি প্ৰক্ৰিয়া অনুসাৰে বিন্যষ্ট কৰাৰ চেষ্টা কৰিছে।ষোড়শ খ্ৰীঃত প্ৰক্ৰিয়া কৌমুদীৰ দুখন টীকা ক্ৰমে শেষ কৃষ্ণৰ প্ৰক্ৰিয়াৰ প্ৰকাশ আৰু বিট্ঠল চাৰ্যৰ প্ৰমাদ ৰচিত হয়। উইন্টাৰ নিজৰ মতে প্ৰমাদ ৰামচন্দ্ৰৰ নিজৰ ৰচনা।

ৰামচন্দ্ৰ প্ৰক্ৰিয়া কৌমুদীৰ পদ্ধতি অনুসৰণকৰি সপ্তদশ শতিকাৰ প্ৰসিদ্ধ বৈয়াকৰণ ভট্টোজি দীক্ষিতে সিদ্ধান্ত কৌমুদী ৰচনা কৰে। ইয়াক অষ্টাধ্যায়ীৰ সুগম সংস্কৰণ বুলিবও পাৰি। শিষ্ট সমাজৰ সাদিত্যচৰ্চাৰ বাহন ৰূপ পৰিগণিত সংস্ক়ৃত ভাষাৰ পৰৱৰ্তী অধ্যয়নত এই ব্যাকৰণখনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। এনেকি বৰ্তমান সময়তো অষ্টাধ্যায়ীখন পাণিনীয় ক্ৰমত নপঢ়ি ভট্টোজিৰ ক্ৰমতহো অধ্যয়ন কৰা দেখা যায়। কৌমুদীখনত অষ্টাধ্যায়ী সূত্ৰপাঠৰ বিষয়টানুক্ৰমিক পুনৰ্বিন্যাস আৰু পাৰস্পৰিক সঙ্গচি ভিত্তিত ব্যাখ্যা আছে। পৰৱৰ্তী কালৰ বিভিন্ন টীকা,পাঠ আৰু ছপা পুথিসমূহে ব্যাকৰণখিনিৰ জনপ্ৰিয়তাকে প্ৰমাণ কৰে।

ভট্টোজিয়ে তেওঁৰ কৌমুদীখনৰ পৌঢ়া মনোৰম নামেৰে এখন টীকাও ৰচনা কৰিছিল।পণ্ডিতৰাজ জগন্নাথে মনোৰমা কুচমৰ্দিনী শীৰ্ষক ভাষাত সিদ্ধান্ত কৌমুদীৰ কেতবোৰ বিষয়ৰ কটু সমালোচনা কৰাত কৰাত ভট্টোজিৰ নাতি হৰি দীক্ষিতে শব্দৰত্ন নামৰ টীকা লিখি তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে।