১৬। সংস্কৃত ব্যাকৰণ ব্যাকৰণৰ ইতিহাসত ন্যায়বাদী ধাৰাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বৈদিক ঐতিহ্যৰ ভিত্তিত শব্দবাদী দাৰ্শনিকসকলে যি নাদ ব্ৰহ্মতত্ত্ব প্ৰতিষ্ঠা কৰিছিল, তাৰ সৈতে খাপ লোৱাকৈ এচাম বৈয়াকৰণে শব্দাৰ্থৰ নিত্যত্ত্ব বৃত্তিৰ সমৰ্থনত, অখণ্ড স্ফোট তত্ত্ব আধাৰত, ব্যকৰণশাস্ত্ৰক দৰ্শনৰ পৰ্ষায়লৈ নিয়ে। সংস্কৃত ব্যাকৰণ পৰম্পৰাত এনে প্ৰয়াস পোনপ্ৰথমে ভৰ্তৃহৰিৰ বাক্যপদীয়তে লক্ষ্য কৰা যায়।

মন কৰিবলগীয়া যে, ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়সমূহৰ ভিৰত ন্যায় বাদী দাৰ্শনিকসকলে শব্দক, অৰ্থাৎ ভাষাৈক সকলো জ্ঞানৰ বাহক হিচাপে স্বীকাৰ কৰিছে। এই ধাৰণাৰ ভিত্তিত পৰৱৰ্ত্তী কালত ভাষাৰ মনোবিশ্লেষণৰ এটা সুকীয়া শাষা ঠন ধৰি উঠে। বঙ্গদেশৰ নদিয়া অঞ্চলত এটা সময়ত এই শাষাটোৱে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈকে সমৰ্থ হয়। কিন্তু কোনো অজ্ঞাত কাৰণত এই শাষাটোৰ ধ্যান-ধাৰণা অন্যান্য অঞ্চললৈ বিশেষ প্ৰসাৰিত হোৱা দেখা নাষায়। এই শাখাৰ সবাটোকৈ উল্লেখযোগ্য গ্ৰন্থ হৈছে জগদীশ তৰ্কালঙ্কাৰৰ শব্দষক্তি প্ৰকাশিত। ইয়াৰ ফলত সংস্কৃত ভাষাৰ দাৰ্শনিক আৰু মনোবৈজ্ঞানিক দিশবোৰ বিতংভাৱে প্ৰকাশিত হৈছে।