বেকিং পাউডাৰ কি ? এই পাউডাৰে কেনেকৈ কেক বিস্কুট কোমল আৰু স্প’ঞ্জি কৰি তোলে ?

উত্তৰঃ বেকিং পাউডাৰ হৈছে বেকিং চডা আৰু টাৰ্টাৰিক এচিডৰ মিশ্ৰণ। যেতিয়া পানীৰ সৈতে মিহলি কৰা হয়, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট (বেকিং চডা) টাৰ্টাৰিক এচিডৰ সৈতে প্ৰতিক্ৰিয়া কৰে, ফলস্বৰূপে, কাৰ্বন ডাই অক্সাইড গেছ মুক্ত হয়। এই কাৰ্বন ডাই অক্সাইড তিতা ময়দাত আৱদ্ধ হৈ থাকে আৰু লাহে লাহে কেকটো কোমল আৰু স্পঞ্জী কৰি বুদবুদ কৰে।