Month: June 2022

উদাহৰণসহ প্ৰতিৰোধক বুলিলে কি বুজা ?

যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। যেনে – অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো একোটা প্ৰতিৰোধক।

নিৰপেক্ষ বা নিষষ্ক্ৰিয় সামগ্ৰী কাক বোলে ? উদাহৰণ দিয়া ।

সম্পদ পৰিৱৰ্তনশীল। আজি এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও ভৱিষ্যতে সেই একেটা সমগ্ৰীয়েই মানৱ কল্যাণত ব্যৱহৃত হ’ব পাৰে। এনে সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনোধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়।

প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ?

যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত তাকে প্ৰাকৃতিক সম্পদ বোলে ।