অসম আমাৰ ৰূপহী | Class 5 Assamese Lesson 1 Question and Answer

(ক) ড° ভূপেন হাজৰিকাই ‘আই ‘ বুলি কাক সম্বোধন কৰিছে ?

উওৰঃ° ভূপেন হাজৰিকাই আই বুলি  অসম দেশক সম্বোধন কৰিছে।

(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে ?

উওৰঃ ড° ভূপেন হাজৰিকাই মাঘত সোণৰ হাতেৰে লখিমী আদৰাৰ কথা কৈছে ।

(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় ?

উওৰঃ শৰ নিশাই আইৰে কেশ তৰাৰে সজায় ।

(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে ?

উওৰঃ পাহাৰ-ভৈয়াম একে কৰা ৰামধনুৰেই দৰে তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে ।

(ঙ) ড° ভূপেন হাজৰিকাই ক’ত মৃত্য়ুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ ?

উওৰঃ ‘জন্ম ল’লো ইয়াতেই, ইয়াতে যেন মৰোঁ ‘ ড° ভূপেন হাজৰিকাই নিজৰ অসম দেশত তেওঁ মৃত্য়ুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ।

(চ) এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই ‘ সৰ্য উঠা দেশ’ মানে কোনখন দেশক বুজাইছে ?

উওৰঃ ড° ভূপেন হাজৰিকাই ‘সূৰ্য উঠা দেশ’ বুলি ভাৰত দেশক বুজাইছে ।

(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক’তো কি নোপোৱাৰ কথা কৈছে ?

উওৰঃ গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক’তো ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে ।

১) ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা ?

উওৰঃ ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশত মুগ্ধ হৈ এই গীতটি লিখিছিল। ভাৰতৰ পূৱ দিশত সূর্য উঠা দেশ বুলি কৈছে। অসম খনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে। ড° ভূপেন হাজৰিকাই অসম দেশৰ দৰে ৰসাল মাটি কতো নেপাওঁ বুলি কৈছে। অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া বুলি কৈছে। বহাগ মাহত শিপিনীয়ে নিজ হাতেৰে তাঁতত বিহুৱান বয় আৰু মাঘ মাহত কৃষকে নিজ হাতেৰে সোণগুটি চপাই আনে। শৰত নিশাত তৰাৰে আইৰ কেশ সজায় বুলি কৈছে। অসম দেশৰ মধুৰ ভাষা মৰম বোৰে পাহাৰ-ভৈয়াম উভয়ে মিলন সেতু গঢ়ে। ড° ভূপেন হাজৰিকা দেৱে অসমৰ প্ৰাণ স্বৰূপ লুইত খনক প্ৰণাম জনাইছে। ড° ভূপেন হাজৰিকাই জন্ম লৈছে আৰু এই খন অসম দেশতেই মৃত্যু হয় যাতে তাৰেই কামনা কৰিছে।

২) দলত আলোচনা কৰি বহলাই লিখা ।

(ক) ৰামধনু কি আৰু ৰামধনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে কি ?

উওৰঃ বৰষুণ পৰা আকাশত সাতটা ৰংৰ সমষ্টিক ৰামধনু বোলে । ৰামধনুৰ দৰে পাহাৰ-ভৈয়ামৰ মানুহবোৰৰ মাজত মিলা-প্ৰীতি থকাকে বুজায় ।

(খ) লৌহিত্য় মানে কি ? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে ?

উওৰঃ লৌহিত্য় মানে লুইত খনক বুজায়ছে । লুইতখন অসমৰ প্ৰাণস্বৰূপ সেইকাৰণে গীতিকাৰে প্ৰণিপ্ৰাত জনাইছে।

৩। গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা ।

উওৰঃ ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ খন হ’ল অসম। অসম খন ৰূপহী, ইয়াৰ গুণৰ শেষ নাই। অসমত অলেশ দিৱস ৰাতি, গোটেই জীৱন বিছাৰিলেও ইয়াৰ নিচিনা ৰসাল মাটি নাপাই। চিৰবিন্দীয়া তোমাৰ এই অসমখনত সেউজ পৰিৱেশেৰে ভৰা এই ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ বুলি কয় । ব’হাগ মাহত আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে । শৰ কালত আইৰে কেশ তৰাৰে সজায় । পাহাৰৰ পৰা ভৈয়ামলৈ একে কৰা ৰামধেনুৰ দৰে মানুহৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়িছে। লৌহিতৰ বহল পাৰক প্ৰণিপাত কৰিছে। জন্ম ললোঁ ইয়াতে ইয়াতে যেন মৰো।

৪। উওৰ দিয়া ।

(ক) গীতটিত ‘ম’ আখৰটো ২০ বাৰ ব্য়ৱহাৰ হৈছে । ‘ৰ’ আখৰটো কেইবাৰ ব্য়ৱহাৰ হৈছে ?

উওৰঃ ‘ৰ’ আখৰটো ৪৫বাৰ ব্য়ৱহাৰ হৈছে ।

(খ) গীতটিত ‘া’ -কাৰ (স্বৰ) চিনটো ৪০ বাৰ ব্য়ৱহাৰ হৈছে । ইয়াত কোনটো -কাৰ (স্বৰ) চিন এবাৰো ব্য়ৱহাৰ হোৱা নাই ?

উওৰঃ ‘ৃ’-কাৰ (স্বৰ) চিন এবাৰো ব্য়ৱহাৰ হোৱা নাই ।

(গ) গীতটিত থকা ‘ৰ’ আৰু ‘ৰে’ -ৰে শেষ হোৱা শব্দবোৰ লিখা ।

‘ৰ’-ৰে শেষ হোৱা
মা
দে
তোমা
দি
সো
চি
ভাষা
ধু
পাহা
ৰূ

‘ৰে’-ৰে শেষ হোৱা
  ঘূৰে
 ৰাৰে
 মাৰে
 হাতেৰে
 ৰে
 ৰে
 মাৰে
 ভাৰে
 লৌহিত্যৰে
 মবোৰে

খ- ভাষা অধ্য়য়ন (ব্য়াৱহাৰিক ব্য়াকৰণ)

৫। গীতটিৰ পৰা -কাৰ (স্বৰ) চিন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি -কাৰ (স্বৰ) চিন যোগ হৈছে ভাঙি দেখুওৱা ।

যেনে- ৰূপহী → ৰূ → ৰ্ূ ৰ+ঊ -কাৰ

উওৰঃ


গুণৰো- ৰো            ৰ+ ও- কাৰ

দেশ-  দে                দ+ এ- কাৰ  

জীবন- জী              জ+ ঈ- কাৰ

চিৰ- চি                    চ+ ই – কাৰ

ৰাতি – ৰা                 ৰ+  আ- কাৰ

সেতু – তু                  ত+ উ- কাৰ

লৌহিত্য়ৰ- লৌ        ল+ ঔ- কাৰ        

৬। গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখা ।

যেনে- বিনন্দীয়া → ন্দ→ ন+দ আনন্দ , সুন্দৰ

উওৰঃ

 পূৰ্ব – ৰ্ব – ৰ + ব গৰ্ব, পৰ্ব

                সূৰ্য – ৰ্য – ৰ + য নটসূৰ্য, 

                লৌহিত্য – ত্য় – ত + য় সত্য়, দৈত্য়

                প্ৰণিপাত – প্ৰ – প + ৰ প্ৰতি, প্ৰমাণ

                জন্ম – ন্ম – ন + ম সন্মান, 

৭। উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা ।

(ক) উদাহৰণ- ৰূপহ- ৰূপহী , কাঁহ-কাঁহী

কপাহ-কপাহী

চেনেহ- চেনেহী

বাঁহ- বাঁহী

(খ) উদাহৰণ- ৰস-ৰসাল , নোম- নোমাল

জীপ- জীপাল

তেজ- তেজাল

কোব- কোবাল

(গ) উদাহৰণ- সোণ- সোণালী , ৰং- ৰঙালী

ৰূপ- ৰূপালী

জোন- জোনালী

ভোগ- ভোগালী

(ঘ) উদাহৰণ- বিনন্দ- বিনন্দীয়া , চহৰ- চহৰীয়া

দুখ- দুখীয়া

নিয়ম- নিয়মীয়া

নগৰ- নগৰীয়া

৮। দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ (সমাৰ্থক) লিখা ।    

উদাহৰণ- সূৰ্য – বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি  

পদুম- পদ্ম, কমল

ঘৰ- গৃহ, আলয়, ভৱন,আৱাস, নিলয়

আকাশ- স্বৰ্গ, গগন

বায়ু- বতাহ, পবন, শূণ্য়, অম্বৰ, নিলীমা

পৃথিৱী- ধৰিত্ৰী, ধৰণি, ধৰা, বসুমতি, মেদিনী

৯। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে । তাৰ পৰা বিচাৰি উলিয়াই লিখা ।

যেনে- আৰম্ভণি- শেষ

বিচ্ছেদ- মিলন

নিৰস- ৰসাল

কুৰূপা- ৰূপা

ঠেক- বহল

অনাদৰ- আদৰ

দিৱস- মৰোঁ

পশ্চিম- পূৱ

১০। তলৰ অংশ দুটা আঁচ টানি মিলোৱা ।

যি চিত্ৰ আঁকে – চিত্ৰকৰ

যি ৰসেৰে পৰিপূৰ্ণ – ৰসাল

যি সোণৰ নিচিনা বৰণৰ – সোণালী

যি গীত লিখে – গীতিকাৰ

১১। তলৰ শব্দবোৰেৰে বাক্য় সাজাঃ

অলেখ- ৰাতি আকাশত অলেখ তৰা ওলায় ।

আদৰ- ঘৰত আলহি আহিলে আদৰ-সাদৰ কৰা হয় ।

পৰিৱেশ- আমাৰ চাৰিওফালৰ পৰিৱেশটো দেখিবলৈ ধুনীয়া ।

সমাৱেশ- সভাখনত বহুত লোকৰ সমাৱেশ ঘটিল ।

বিনন্দীয়া- আমাৰ অসমখনৰ সেউজ পৰিৱেশটো চিৰ বিনন্দীয়া

Answer by Bidisha Bora