ছমাংকান উৎসৱৰ বেদী কিদৰে তৈয়াৰ কৰা হয় ?

উত্তৰঃ ছমাংকান উৎসৱ সাধাৰণতে গাঁৱৰ সীমাৰ বাহিৰত পালন কৰা হয়। মাটিত এটা সৰু বৰ্গাকাৰ পুখুৰী খন্দা হয় আৰু পুখুৰীৰ চাৰিওদিশে কাঠেৰে নিৰ্মিত সুসজ্জিত খুটা পোটা হয়। এই খুটা কেইডাসক জাম্বেলি আথন বুলি কোৱা হয়। এটা জাম্বেলি আথন পোটা হয় মৃতকৰ বাবে উৰ্চগা কৰা খাদ্য়ৰ বেদীৰ ওচৰত। এই খুটাটোৰ ওপৰত সেউজীয়া পাত লগাই দিয়া হয় ।