দেউৰীসকলৰ মাজত বিহুৰ জনপ্ৰিয়তা কেনে ?

উত্তৰঃ দেউৰীসকলৰ মাজত বিহু ইমানেই জনপ্ৰিয় যে ডেকা-গাভৰুহঁতে ফাগুণৰ মাজভাগমানৰ পৰাই চোতালত ‘ৰাতি বিহু’ বুলি সদায় গধুলি ৮ মান বজাৰ পৰা নিশা ১০ মান বজালৈ বিহু পাতে। এই ‘ৰাতি বিহু’ পতাৰ আগতে ফাগুণৰ প্ৰথম সপ্তাহত ভকতসেৱা নামৰ এটা ৰাজহুৱা পূজা দিয়ে য’ত সাধাৰণতে তিৰোতসকল নাযায় ।