ফুলকোঁৱৰৰ গীত | Class 5 Assamese Lesson 7 | Class 5 Assamese Chapter 7 Question and answer |

প্ৰশ্নঃ তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা ।

শব্দ অৰ্থ

টিপা – আঙুলি বা হাতেৰে মৰা চেপা

শাল – এমূৰ- জোঙা চুটি খুঁটি

চলি – চাঁচি এৰুওৱা পাতল কাঠ

শূল – জোঙা অস্ত্ৰ

দশা – ভাগ্য় / অৱস্থা

শঁখা – শংখ

তমস্কাৰ – পৰিপাটি

উওৰ দিয়া ।

(ক) ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল ?

উওৰঃ ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল ।

(খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক’ত পৰিছিল ?

উওৰঃ ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনী বাৰীত পৰিছিল ।

(গ) ফুলকোঁৱৰ ছমাহৰ বাট এদিনতে কেনেকৈ পালে ?

উওৰঃ ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে ।

(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে ?

উওৰঃ ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে ।

প্ৰশ্নঃ বুজাই লিখা।

(ক) ই বোলে মালিনী                    সি বোলে মালিনী

তোৰ দশা ভাল হ’ল,

গীতফাকিত “মালিনী” কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে?

উওৰঃ গীতফাকিত বাগিছাখনৰ গৰাকীক  ” মালিনী” বোলা হৈছে। বাৰে বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হোৱাৰ বাবে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে ।

(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল ?

উওৰঃ বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন ফুলকোঁৱৰে এদিনতে ফুলাই তমস্কাৰ কৰিছিল ।

(গ) শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল ?

উওৰঃ প্ৰথম স্তৰত শিপা ধৰিছিল, দ্বিতীয় স্তৰত পোখা ধৰিছিল, তৃতীয় স্তৰত ডাল মেলিছিল, চতুৰ্থ স্তৰত কলি পেলাইছিল, পঞ্চম স্তৰত ফুল ফুলিছিল। এনেদৰে এটা স্তৰৰ পাছত আনটো স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল।

(ঘ) বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ’ল ?

উওৰঃ বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন ফুলকোঁৱৰৰ যত্নৰ ফলত সলনি হ’ল ।

ক’ অংশ    –                                                    ‘খ’ অংশ

(ক) জেউতি চৰিলে                   –            উৰি যাওঁ উৰি যাওঁ কৰিল,

(খ) ফুলনি বাৰীত থাঁকোতে কোঁৱৰে –     ইপাহি সিপাহি লেখি

(গ) কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে – সৱালৈ মাৰিলে শাল 

  (ঘ) তগৰগুটিমালি  –      সৱেও পেলালে

(ঙ) কৰে হৰি হৰি    –     ফুলৰে তিৰবিৰ দেখি।

প্ৰশ্নঃ গীতটোৰ পৰা চন্দ্ৰবিন্দু (ঁ) থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা।

উওৰঃ ফুলকোঁৱৰ, ঘোঁৰা, যাঁও, শঁখা, থাকোঁতে, কোঁৱৰে ।

প্ৰশ্নঃ শুদ্ধ শব্দ বহুৱাই তলৰ বাক্য়বোৰ সম্পূৰ্ণ কৰা।

(ক)— সদাই স্কুললৈ যাওঁ ( সি/ মই )

উওৰঃ মই ।

(খ) ৰতনে সদায় ফুটবল — (খেলে / খেলিছিল)

উওৰঃ খেলে ।

(গ) গোলাপ ফুলপাহি — ৰঙা (ধক্ধকীয়া / টিকটিকীয়া)

উওৰঃ টিকটিকীয়া ।

প্ৰশ্নঃ তলৰ গীতফাকিৰ পৰা বিশেষ্য় পদকেইটা বাছি উলিওৱা ।

কাঠৰ পখী ঘোঁৰা                    জেউতি চৰিলে

উৰি যাওঁ উৰি যাওঁ কৰিল,

ছমাহৰ বাটকে                    যায় একেদিনে

মালিনীৰ বাৰিতে পৰিল।

কাঠৰ পখী ঘোঁৰা                    এৰিফুল কোঁৱৰ

ভৰিৰে মাৰিলে টিপা,

সেউতী মালতী                    তগৰ গুটিমালি

সৱেও ধৰিলে শিপা।

উওৰঃ কাঠৰ, পখী, ঘোঁৰা, জেউতি, বাট, মালিনী, বাৰী, ফুলকোৱৰ, বাৰি, সেউতী, মালতী, তগৰ, গুটিমালি, শিপা ।

প্ৰশ্নঃ ‘শংখ এবিধ মুখৰে বজোৱা বাদ্য। মুখৰে আৰু কি কি বাদ্য বজাব পাৰি?  

উত্তৰঃ ‘শংখ এবিধ মুখৰে বজোৱা বাদ্য। মুখৰে আৰু বাহি, পেপা, সুতুলি আদি বিভিন্ন বাদ্য বজাব পাৰি।