লোক-সংস্কৃতি মানে কি ?

উত্তৰঃ লোক সংস্কৃতিয়ে সামগ্ৰিকভাৱে কোনো এটা জাতিৰ সামাজিক ৰীতি-নীতি, ধৰ্মবিশ্বাস, আচাৰ-আচৰণ, পৰম্পৰাগত বিশ্বাস, পূজা-পাৰ্বন, লোকগীত, সাধুকথা, প্ৰবাদ-প্ৰবচন, লোকগাথা, লোকবিশ্বাস, লোক-কলা, লোক-বাদ্য, লোক-নৃত্য, লোক-উৎসৱ আদিক সামৰি লয়। বিভিন্ন জাতি-জনজাতি সম্পৰ্কত জ্ঞান-বিজ্ঞান আৰু দেশাচাৰ-লোকাচাৰক লোক-সংস্কূতি বুলি কোৱা হয় ।