অমলপ্ৰভা দাস | Class 5 Assamese Lesson 11| Class 5 Assamese Chapter 11 Question and answer |

উওৰ দিয়া

(ক) অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল ?

উওৰঃ অমলপ্ৰভা দাসৰ পিতৃ নাম ডা° হৰিকৃষ্ণ দাস আৰু মাতৃ হেমপ্ৰভা দাস ।

(খ) অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল ?

উওৰঃ অমলপ্ৰভা দাসে ১০ বছৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল ।

(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্য়োগ পাতিছিল ?

উওৰঃ তেখেতে শৰণীয়া পাহাৰত তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদি উদ্য়োগ পাতিছিল ।

(ঘ) এই উদ্য়োগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল ?

উওৰঃ এই উদ্য়োগবোৰে সেই সময়ৰ ডেকা-ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি তেখেতে ভাবিছিল ।

(ঙ) চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল ?

উওৰঃ চৰকাৰে অমলপ্ৰভা দাসক ‘পদ্মবিভূষণ’ সন্মান দিবলৈ বিচাৰিছিল ।

*তলৰ কথাখিনি কোনে, কাক, কিয়, কৈছিল কোৱা আৰু লিখা ।

প্ৰশ্নঃ ‘মই সামান্য়ভাৱে যিকণ সেৱা আগবঢ়াইছোঁ, তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ । কিন্তু মই এই সন্মান ল’ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাব আনি দিব । তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন ।’

উওৰঃ  ১৯৫৫ চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজহিতকৰ কামৰ স্বীকৃতিস্বৰূপে ‘পদ্মবিভূষণ’ সন্মান প্ৰদান কৰিছিল। কিন্তু সেই সন্মান গ্ৰহণ নকৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ উক্ত কথাষাৰ চিঠিযোগে অমলপ্ৰভা দাসে কৈছিল।

প্ৰশ্নঃ স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক, দেউতাকক কি কি কামত সহায় কৰিছিল ?

উওৰঃ স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক, দেউতাকক ফুলনিত ফুল ৰোৱা, গছপুলিত পানী দিয়া আদি কামত সহায় কৰিছিল ।

প্ৰশ্নঃ কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল ?

উওৰঃ সেই সময়ত ল’ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল । সেয়েহে অমলপ্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিল ।

প্ৰশ্নঃ শৰণীয়া পাহাৰত উদ্য়োগসমূহ স্থাপন কৰাৰ উদ্দেশ্য় কি আছিল ?

উওৰঃ অসমৰ ডেকা-ডেকেৰীসকলক আত্মনিৰ্ভৰশীল কৰাই আছিল শৰণীয়া পাহাৰত উদ্য়োগ স্থাপন কৰাৰ মূল উদ্দেশ্য।

জানো আহা-

শব্দ – অৰ্থ

পৰম্পৰা – অবিচ্ছেদ্য় ধাৰা, এটাৰ পাছত আন এটা

নম্ৰ – নত, দো খাই থকা

নিষ্ঠা – শ্ৰদ্ধা, দৃঢ় ভক্তি

থমকি – ৰৈ যোৱা, আগ নবঢ়াকৈ থকা

সহ-শিক্ষা – ল’ৰা-ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা

তলৰ যুক্তাক্ষৰকেইটাৰে একেটাকৈ শব্দ লিখা ।

ব্ৰু – ডিব্ৰুগড় ।

ষ্ট্ৰ – ৰাষ্ট্ৰ ।

স্ব – স্বাধীন ।

ণ্ঠ – কণ্ঠ ।

ষ্ণ – কষ্টসহিষ্ণু।

ম্ৰ – নম্ৰ ।

ন্থ – গ্ৰন্থ।

শ্ৰ – আশ্ৰয় ।

ন্ম – সন্মান ।

প্ল – বিল্পৱ ।

এটা শব্দত প্ৰকাশ কৰোঁ আহা ।

(ক) সমাজ সেৱা কৰা লোক – সমাজসেৱক ।

(খ) দেশক ভালপোৱা মানুহ – দেশপ্ৰেমী ।

(গ) বিল্পৱ কৰোঁতাজন – বিল্পৱীয় ।

(ঘ) দেশৰ কাৰণে মৃত্য়ুবৰণ কৰা লোক – ছহীদ ।

(ঙ) নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক – আত্মনিৰ্ভৰশীল ।

উদাহৰণৰ দৰে শব্দ গঠন কৰা ।

উদাহৰণ – নম্ৰ – নম্ৰতা

(ক) সাধু – সাধুতা ।

(খ) ভদ্ৰ – ভদ্ৰতা ।

(গ) দৃঢ় – দৃঢ়তা ।

(ঘ) শিক্ষক – শিক্ষকতা ।

(ঙ) সাৰ্থক – সাৰ্থকতা ।

(চ) মূৰ্খ – মূৰ্খতা ।

(ছ) সৰল – সৰলতা ।

(জ) উজ্জ্বল – উজ্জ্বলতা ।

প্ৰশ্নঃ অৰ্থৰ পাৰ্থক্য় দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য় ৰচনা কৰা ।

উদাহৰণ – কথা – অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ’ব লাগে ।

কঠা – পাঁচ কঠাই এবিঘা মাটি হয় ।

পাতঃ গছৰ পাতে খাদ্য় প্ৰস্তুত কৰে ।

পাটঃ অসমৰ শুৱালকুছিত পাট– মূগাৰ কাৰণে বিখ্য়াত ।

হাতঃ ৰামে হাতেৰে এটা খৰাহি সাজিছে ।

হাটঃ আমাৰ ইয়াত শুক্ৰবাৰে সাপ্তাহিক হাট বহে ।

ল’ৰাঃ পথাৰখনত ল’ৰাবোৰে ক্ৰিকেট খেলি আছে ।

লৰাঃ ৰমেনৰ স্কুললৈ দেৰি হোৱাৰ বাবে সি লৰা – লৰিকৈ ভাত খাইছে ।

ছুটীঃ অৰূপে স্কুল খতি কৰিলে ছুটী মঞ্জুৰী বাবে আবেদন কৰিব লাগে ।

চুটিঃ অংক কৰিবৰ বাবে স্কেলপাত চুটি হ’ল ।

গাঁওঃ আমাৰ গাঁওখন দেখিবলৈ ধুনীয়া ।

গাওঁঃ মই ভাল গান গাওঁ

গড়ঃ আমাৰ গদেশৰ মানুহৰ গড় আয় কম ।

গঁড়ঃ কাজিৰঙা এশিঙীয়া গঁড়ৰ কাৰণে বিখ্য়াত ।

উওৰ দিয়া ।

*চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক’ত আৰু কেতিয়া হেছিল ?

উওৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ১৯০১ চনৰ ১৬ মাৰ্চত বজালীৰ দৈশিঙৰি গাঁৱত ।

*তেখেতে প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল ?

উওৰঃ তেখেতে প্ৰাথমিক শিক্ষা মাহীয়েকৰ ঘৰত থাকি লাভ কৰিছিল ।

*চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল ?

উওৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল ।

*তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল ?

উওৰঃ উপ-পৰিদৰ্শকে পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে সুবিধা কৰি দিছিল ।

*তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল ?

উওৰঃ তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি স্থাপন কৰিছিল ।

Answered by Bidisha Bora