অৰ্জুন ভঞ্জন | Chapter – 13 | Class 7 Assamese Chapter 13 Question And Answer Jatiya Bidyalay | Class 7 Assamese Chapter 13 Solution AJB |

পাঠ – ১৩

অৰ্জুন ভঞ্জন

১)প্ৰথমে কোৱা তাৰ পাছত লিখা্ঁঃ

ক) যশোদাক কিয় নন্দৰানী বোলা হয়?

উত্তৰঃ নন্দৰ পত্নী হোৱা কাৰণে যশোদাক নন্দৰাণী বোলা হয়।

খ) মথনি দণ্ড মানে কি?

উত্তৰঃ দধি মথা মাৰি ডালক মথনি দণ্ড বোলে।

গ) কৃষ্ণই কি কাৰণে দণ্ডডাল ভাঙি পেলাইছিল?

উত্তৰঃকৃষ্ণই যেতিয়া যশোদাক স্তনপান কৰাই আছিল ,তেতিয়া যশোদাক কোনোৱা গোৱালীয়ে গাখীৰ পৰিল বুলি কোৱাত কৃষ্ণক এৰি যশোদা গাখীৰ নমাবলৈ যোৱাত কৃষ্ণ মাকৰ ওপৰত খং উঠি মথনি দণ্ডডাল ভাঙি পেলালে।

ঘ)কৃষ্ণই লৱণুবোৰ কাক খাবলৈ দিছিল?

উত্তৰঃ কৃষ্ণই লৱণুবোৰ বান্দৰক খাবলৈ দিছিল।

ঙ) কৃষ্ণক ধৰিবলৈ খেদি ফুৰোঁতে যশোদাৰ অৱস্থা কেনে হৈছিল?

উত্তৰঃ কৃষ্ণক খেদি খেদি যশোদা ভাগৰি পৰিল। তেওঁৰ খোপাৰ মালতী ফুল সৰি পৰিল, খোপা খুলি গৈ চুলি আউলী-বাউলী হৈ পৰিল। খঙত, দুখত মাক যশোদাৰ দুচকুৰে সৰসৰাই পানী পৰিবলৈ ধৰিলে।

চ) যশোদাই কৃষ্ণক কেনেদৰে বান্ধি থৈছিল?

উত্তৰঃ যশোদাই কৃষ্ণক উৰলত আটি আটি বান্ধি থৈছিল।

ছ) অৰ্জুন দুজোপাৰ মাজৰপৰা অহা দিব্যপুৰুষ দুজন কোন?

উত্তৰঃঅৰ্জুন দুজোপাৰ মাজৰ পৰা অহা দিব্যপুৰুষ দুজন আছিল কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু মণিকুবেৰ।

জ) নন্দই যশোদক কিয় ককৰ্থনা কৰিছিল নিজৰ ভাষাৰে লিখাঁ।

উত্তৰঃ যেতিয়া যশোদাই কৃষ্ণক উৰলত বান্ধি থৈছিল তেতিয়া কৃষ্ণই তেতিয়া কৃষ্ণই উৰলটো চোঁচৰাই টানি ওচৰতে থকা অৰ্জুন গছ দুজোপাৰ মাজেৰে পাৰ হৈ যাবলৈ চেষ্টা কৰিলে । অৱশেষত কৃষ্ণৰ আজোৰত অৰ্জুন গছ দুজোপা উভালি পৰিল। সেই সময়তে নন্দৰাজ আহি সেই ঠাইত উপস্থিত হ’ল আৰু কৃষ্ণক তেনে অৱস্থাত দেখি কৃষ্ণৰ গাৰ পৰা ধূলি-মাকতি জাৰি-জোকাৰি কোলাত তুলি ললে। দেউতাকক পাই কৃষ্ণই উচুপি উচুপি কান্দি মাক যশোদাৰ কথা এগুণত দুগুণ লগাবলৈ ধৰিলে আৰু নন্দইয়ো কৃষ্ণৰ কথা শুনি ঘৰলৈ গৈ যশোদাক নানা ধৰনে ককৰ্থনা কৰিলে।

২)বুজা আৰু লিখাঁ।

কঠিন- সহজ

চঞ্চল- ভীৰু

বন্দী- মুক্ত

অভিশাপ- আৰ্শীবাদ

আবিৰ্ভাৱ- অন্তধ্যান

পুৰস্কাৰ- তিৰস্কাৰ

৩) বুজা আৰু লিখা।

যমল+অৰ্জুন= যমলাৰ্জুন

নন্দ+ঈশ্বৰ= নন্দেশ্বৰ

অতি+উৎসাহ= অতিউৎসাহ

জন্ম+অন্ধ= জন্মান্ধ

উমা+আনন্দ= উমানন্দ

উত্তৰ+উত্তৰ= উত্তৰোত্তৰ

৪) কাক কি বোলা হয়।

ক) যিয়ে গাখীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে = গোৱাল।

খ) মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা লোক= মাছমৰীয়া।

গ) যিয়ে ডাঢ়ি চুলি কাটি জীৱিকা নিৰ্বাহ কৰে= নাপিত

ঘ) বাহ্ঁ-বেতৰ সামগ্ৰী তৈয়াৰ কৰা যিয়ে=বাঢ়ৈ

ঙ) ঘৰে ঘৰে বাতৰিকাকত বিলাই ফুৰা লোক=

৫) উদাহৰণ চাই বাকীকেইটা কৰাঁ।

গোৱাল+ঈ= গোৱালী

সম+তান= সন্তান

ধান+আনি= ধাননি

মথ+অনি= মথনি

গৰুৰখ্+ঈয়া= গৰুৰখীয়া।

৭)চমু টোকা লিখাঁ।

ক)ঝুমুৰা

উওৰঃ ঝুমুৰা হৈছে মাধৱদেৱে সৃষ্টি কৰা এক শ্ৰেণীৰ নাটক।মহাপুৰুষ শংকৰদেৱে ‘অংকীয়া নাটক’ ৰচনা কৰাৰ বিপৰীতে মাধৱদেৱে ‘ঝুমুৰা’ নামৰ সৰু সৰু নাটক কিছুমান ৰচনা কৰি অসমীয়া বৈষ্ণৱ সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। ‘ঝুমুৰা’ৰ বেছিভাগতে মাধৱদেৱে শিশু কৃষ্ণৰ চল-চাতুৰি, ধেমালি আদিৰ প্ৰসংগ উল্লেখ কৰিছে। ‘অৰ্জুন-ভঞ্জন’ অংকীয়া নাটকৰ উপৰি মাধৱদেৱে ‘চোৰধৰা’, ‘পিম্পৰা-গুচোৱা’, ‘ভূমি-লেটোৱা’ আদি আনকেইখনমান ঝুমুৰা ৰচনা কৰিছিল।

খ) অংকীয়া নাটক

উওৰঃ অংকীয়া নাট হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাটসমূহ। মহাপুৰুষ দুজনাই ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক ‘অংকীয়া নাট’ বুলি নামকৰণ কৰে। ইয়াক ‘অংকীয়া ভাওনা’ বুলিও কোৱা হয়।

Answer by Himashri kakati