আইদেউ সন্দিকৈ | Chapter 3 | Class 7 Assamese Chapter 3 Question And Answer | Class 7 Assamese Chapter 3 Solution AJB |

আইদেউ সন্দিকৈ

পাঠ – 3

১) উওৰ লিখাঁ

ক) জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী বোলছবি নিৰ্মান কৰিবলৈ ওলাই কোনটো ডাঙৰ অসুবিধাৰ সন্মূখীন হৈছিল বুজাই লিখা্ঁ ?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ বোলছবি নিৰ্মান কৰিবলৈ ওলাই বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। আটাইতকৈ ডাঙৰ অসুবিধাটো আছিল মহিলা শিল্পীৰ ক্ষেত্ৰত।আহোম ৰমনী ‘জয়মতী কুঁৱৰী’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ উপযুুুুুক্ত মানুহ বিছাৰি নোপোৱাত তেওঁ বৰ চিন্তিত হৈ পৰিছিল।

খ) ডিম্ব গোহায়ে জ্যোতিপ্ৰসাদ আগৰৱালাক সহায় কৰাৰ উদ্দেশ্যে কি কৰিছিল ?

উত্তৰঃ ডিম্ব গোহায়ে জ্যোতিপ্ৰসাদ আগৰৱালাক সহায় কৰাৰ উদ্দেশ্যে তেওঁৰ হাতত থকা কেমেৰাৰে সম্বন্ধীয়া ভনীয়েক এজনীৰ ফটো তুলি তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালালৈ পঠিয়াই দিলে।ফটোত ছোৱালী জনীৰ মুখখন দেখি জ্যোতিপ্ৰসাদ আগৰৱালা মুগ্ধ হৈ ডিম্ব গোহাঁইক লগে লগে ছোৱালীজনীক লৈ আহিবলৈ কলে।আৰু দুদিন মানৰ পাছতে ডিম্ব গোহাঁয়ে জাহাজ দেখুৱাৰ চলেৰে ছোৱালীজনীক লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওচৰ পালেগৈ।

গ) আইদেউ সন্দিকৈৰ এটি চমু পৰিচয় দিয়া ?

উত্তৰঃ আইদেউ সন্দিকৈৰ জন্ম হৈছিল ১৯১৫ চনৰ চ’ত মাহত গোলাঘাত জিলাৰ মহুৰা মৌজাৰ পানীদিহিঙিয়া গাঁৱত।তেওঁৰ দেউতাকৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম আছিল মালক্ষী সন্দিকৈ।আইডেউ সন্দিকৈৰ তিনিতা ভায়েক আছিল। আৰু তেওঁলোকৰ নাম আছিল – কেশৱ, জয়চন্দ্ৰ আৰু মইনা। অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথম গৰাকী নায়িকা আছিল আইদেউ সন্দিকৈ। টকীত অভিনয় কৰাৰ বাবে তেওঁক ৰাইজে এঘৰীয়া কৰে। তেওঁ গোটেই জীৱন আবিয়ৈ হৈ কটাব লগীয়া হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সপোন বাস্তৱ কৰাত যিগৰাকী নাৰীয়ে জীৱনত ইমান ত্যাগ কৰিলে, যিগৰাকীয়ে অসমীয়া চিনেমাৰ বাট কাটি দিলে তেওঁ সঁচাকৈয়ে আমাৰ বাবে চিৰস্মৰণীয় এগৰাকী মহীয়সী নাৰী। এইগৰাকী মহীয়সী নাৰীৰ ২০০২ চনৰ ১৭ ডিচেম্বৰৰ ইহলীলা সম্বৰন কৰে।

ঘ) ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈ কেন্দ্ৰ কৰি কি গোপন বুদ্ধি সাজিছিল ?

উত্তৰঃ ডিম্ব গোহাঁয়ে আইডেউ সন্দিকৈক জাহাজ দেখুৱাৰ চলেৰে জ্যোতিপ্ৰসাদ আগৰৱালা ওচৰলৈ নিয়া বুদ্ধি সাজিছিল।

ঙ) আইদেউ সন্দিকৈয়ে কিদৰে নিজ গাৱৰ পৰা আহি চাহ বাগিছা পালেহি?

উত্তৰঃ ডিম্ব গোহাঁয়ে যেতিয়া আইদেউ সন্দিকৈক জাহাজ দেখুৱাম বুলি মনে মনে লৈ আনিছিল তেতিয়া আইদেউ সন্দিকৈৰ চেমনীয়া ভায়েক কেশৱো লগত গৈছিল।ছোৱালীজনীয়ে জাহাজ চাবলৈ আহিছিল, জাহাজত উঠি এটা পাৰৰ পৰা আনটো পাৰলৈ যাম বুলি অহা নাছিল। জাহাজত উঠাৰ পাছত যেতিয়া জাহাজ খন হঠাৎ চলিবলৈ ধৰিলে তেতিয়া বায়েক আৰু ভায়েক দুয়োটাই কান্দিবলৈ ধৰিলে। ডিম্ব গোহাঁয়ে তেতিয়া জাহাজখন পুনৰ পাৰলৈ আহিব বুলি ফাঁকি দিলে। পাৰ পোৱাৰ পিছতে এখন লৰীত উঠি এইবাৰ আটাইকেইজন আহি এখন চাহ বাগিচা পালেহি। এনেকৈয়ে আইদেউ সন্দিকৈয়ে নিজ গাৱঁৰ পৰা আহি চাহ বাগিছা পালেহি।

(চ) ডিম্ব গেহাঁয়ে আইদেউ সন্দিকৈক বুজনি দিবলৈ গৈ কোনখিনি কথা কৈছিল ?

উত্তৰঃ ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈক বুজনি দিবলৈ গৈ কৈছিল- তোক মই অসমৰ এজন ডাঙৰ মানুহৰ লগত চিনাকি কৰি দিবলৈ পানীদিহিঙীয়াৰ পৰা ভোলাগুৰি চাহবাগিছালৈ লৈ আহিছোঁ। তেখেত হ’ল জ্যোতিপ্ৰসাদ আগৰৱালা। এই নামটো শুনিছ নহয়? ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন ৰণুৱা। কিন্তু তেওঁ চাহাবৰ দৰে নাথাকি দেশ স্বাধীন কৰিবলৈ দেহে-কেহে খাটি কাৰাবৰণো খাটিছে। এইজন ব্যক্তিৰ ওচৰলৈকে তোক লৈ আহিছোঁ বুলি ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈক কৈছিল।

ছ) আইদেউ সন্দিকৈৰ দেউতাকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা শুনি কিয় থেৰো-গেৰো কৰিছিল ?

উত্তৰঃ আইদেউ সন্দিকৈৰ দেউতাকে জ্যোতিপ্ৰসাদ আগৰৱালা কথা শুনি থেৰো-গেৰো কৰিছিল কাৰন সেই সময়ত ছোৱালীমানুহ ‘টকী’ত অভিনয় কৰাটো আছিল সমাজৰ বাবে একেবাৰে নিসিদ্ধ কথা। সেয়েহে সমাজৰ ভয়ত দেউতাকেও প্ৰথমে থেৰো-গেৰো কৰিছিল।

জ) “জয়মতী”ৰুপী ছোৱালীজনীৰ পানীত হাহ্ঁ নচৰাৰ দৰে হল-কথাষাৰ বুজাই লিখা্ঁ |

উত্তৰঃ ‘টকী’ত অভিনয় কৰা সেই ‘জয়মতী’ ৰূপী ছোৱালীজনী পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হ’ল। ‘টকীত অভিনয় কৰাৰ বাবে তেওঁৰ ঘৰখনকো ৰাইজে এঘৰীয়া কৰিলে। তেওঁলোকৰ মতে ছোৱালীজনীৰো জাত গৈছে, সেয়ে তাই বৰঘৰত সোমাব নোৱাৰিব। তাইৰ সৈতে একে-লগে খোৱা-বোৱা-লোৱা কৰিব নোৱাৰিব। ঘৰৰ সন্মুখতে এটা জুপুৰি ঘৰ সাজি থাকিব দিয়া হল। আৰু এনেকৈয়ে তাই গোটেই জীৱনটো আবিয়ৈ হৈ কটাব লগীয়া হল।

২) বাক্য ৰচনা কৰা্ঁ

পানীত হাহ্ঁ নচৰাঃ ‘টকী’ত অভিনয় কৰি ঘৰলৈ উভতি অহাৰ পিছত ‘জয়মতী’ ৰূপী ছোৱালীজনীৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হল।

জয়দেউ কাকূতিঃ ছোৱালী জনীৰ চিকিৎসাৰ বাবে টকা-পইছা নথকাত দেউতাকে ডক্তৰক জয়দেউ কাকূতি কৰিব লগা হৈছিল।

আলাসৰ লাডুঃ ৰাহুল ঘৰখনৰ একমাত্ৰ লৰা হোৱাৰ বাবে সি সকলোৰে বাবে আলাসৰ লাডু।

আকাশত চাং পতাঃ কৰ্মত কোনো গুৰুত্ব নাথাকিলে আকাশত চাং পতা কথা ভাবি থাকি কোনো লাভ নাই।

বিধি পথালি দিয়াঃ আনৰ কামত বিধি পথালি দি কোনো ওপকাৰ নহয় তেওঁলোকৰ অপ্ৰিয়হে হোৱা

গাই বাই চাঃ কিবা এটা কাম কৰা আগতে গাই বাই চাইহে কৰিব লাগে।

আঁঠুৱা তলৰ মহঃ সি মোৰ বাবে আঁঠুৱা তলৰ মহ, সেইবাবে মই তাৰ কাৰনে কোনো চিন্তা কৰা নাই।

কান বাগৰাঃ ৰুমিয়ে মাকৰ কথা কান বাগৰা দিহে শুনিলে।

বগলী ভকতঃ সি যে বগলী ভকত বস্তু-বাহানী চুৰ কৰি ধৰা পৰাতহে বুজিব পাৰিলো।

দাঁতে ওঁঠে নলগাঃ সিহঁত হালৰ ইমানেই মিল যে কেতিয়াও দাঁতে-ওঁঠে নালাগে।

দেহে-কেহে খাটঃ আমি সকলোৱে আনৰ উপকাৰৰ বাবে দেহে-কেহে খাটি সহায় কৰিব লাগে।

ইহলীলা সম্বৰণ কৰাঃ ২০০২ চনৰ ১৭ ডিচেম্বৰ তাৰিখে আইদেউ সন্দিকৈয়ে ইহলীলা সম্বৰণ কৰে।

৩) এটা শব্দত প্ৰকাশ কৰা

একে মাকৰ সন্তান = সোদৰ, সহোদৰ।

আনৰ ওপৰত নিৰ্ভয় কৰা লোক = পৰনিৰ্ভৰশীল।

যাক পৰিহাৰ কিৰিব নোৱাৰি = অপৰিহাৰ্য।

আনৰ ভাল দেখিব নোৱাৰা লোক = চকু-চৰহা।

যাক নিবাৰণ কৰিব নোৱাৰি =অনিবাৰ্য।

আগেয়ে নোহোৱা ঘটনা = দুৰ্ঘটনা ,অঘটন।

৪) বিপৰীত অথবোধক শব্দ লিখা

নিৰ্মাণ = ধ্বংশ।

সন্ধি = বিগ্ৰহ

গৌৰৱ = অগৌৰৱ

গৰ্ব = বিনয়

নিষিদ্ধ = প্ৰচলন

গ্ৰহন = বৰ্জন

বিপদ = সম্পদ

শাস্তি = পুৰস্কাৰ

বাস্তৱ = কাল্পনিক

সপোন = দিঠক।

[ ৫ ] প্রত্যয় ভাঙি দেখুওৱা

পানীদিহিঙীয়া = পানীদিহিং+ঈয়া।

সম্বন্ধীয়া= সম্বন্ধ+ঈয়া।

এঘৰীয়া= এঘৰ+ঈয়া। 

গাঁৱলীয়া= গাওঁ+অলীয়া।

গঞা = গাওঁ+অলীয়া। 

সামাজিক = সমাজ+ইক।

বুধিয়ক = বুদ্ধি+অক।

অসমীয়া = অসম+ঈয়া।

ভাৱৰীয়া= ভাওঁ+অৰীয়া।

ৰণুৱা = ৰণ+উৰুৱা

[ ৬ ] ব্যাখ্যা কৰা :

ক ) ‘জয়মতী’ৰ যােগেদি অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ সূচনা হল ।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা দ্বাৰা ৰচিত ‘জয়মতী’ আছিল অসমীয়া ভাযাৰ প্ৰথম খন বুলছবি। ‘জয়মতী’ বুলছবিৰ পাছৰ পৰাই অন্য ‘টকী’ বোৰ ৰচনা কৰা হয়। এই জয়মতী বুলছবি খন উপস্থাপন কৰোতে নানা ঘাট-প্ৰতিঘাত, বাধা-বিঘিনিৰ মাজেৰে চিত্ৰগ্ৰহন সমাপ্ত কৰা হয়। যদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰালাই এই বাট মুকলি কৰি নিদিলে হয় তেন্তে আজি আমাৰ সমাজত অসমীয়া বুলছবি বুলি কোনো এটা সংস্কৃতিৰ অংশ নাথাকিলে হয়। আৰু সমাজখনো এটা স্তৰ পিছ পৰি থাকিল হয়। আগতে ছোৱালী টকীত অভিনয় কৰাতো সমাজৰ বাবে একেবাৰে নিসিদ্ধ কথা আছিল কিন্তু বৰ্তমান সমাজে ছোৱালীক অতি আদৰ-সন্মানেৰে আদৰি লৈছে। সেয়েহে কোৱা হয় যে ‘জয়মতী’ৰ যোগেদি অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ সূচনা হল।

খ ) আইদেউ সন্দিকৈ মহীয়সী অসমীয়া নাৰীৰ অন্যতম প্রতিভূ।

উত্তৰঃ আইদেউ সন্দিকৈৰ দ্বাৰাহে অসমীয়া জগতৰ প্ৰথম বুলছবি নিৰ্মান কৰা হৈছিল।তেওঁৱে আছিল জয়মতী মূল নায়িকা। আইদেউ সন্দিকৈয়ে অসম বুৰঞ্জী জয়মতী আকৌ জীপাল কৰি তুলিছিল।কিন্তু অভিনয় কৰি ঘৰলৈ উভতি অহাৰ পিছত আইদেউ সন্দিকৈ পানীত হাঁহ নচৰা অৱস্থা হল। টকীত অভিনয় কৰা বাবে তেওঁৰ ঘৰ খনকো ৰাইজে এঘৰীয়া কৰলে।তাইৰ সৈতে একেলগে খোৱা-বোৱা কৰিব নিদিয়া হল। ঘৰৰ সন্মুখতে এটা জুপুৰি ঘৰ সাজি ছোৱালীজনীক থাকিবলৈ দিয়া হল। এনেকৈয়ে ছোৱালীজনীয়ে পিছৰ জীৱনটো আবিয়ৈ হৈ কটাব লগীয়া হয়। এই মহীয়সী নাৰীগৰাকীয়েই বুলছবিৰ বাট মুকলি কৰি দিয়ে। এওঁৰ নানান ত্যাগৰ ফলত আজিৰ সমাজত বহুতো বুলছবি নিৰ্মান হৈছে। সেইবাবে মহীয়সী  আইদেও সন্দিকৈ অসমীয়া নাৰীৰ অন্যতম প্ৰতিভূ বুলি কোৱা হয়।   

গ ) চাহাবৰ দৰে নাথাকি দেশ স্বাধীন কৰিবলৈ তেখেতে দেহে – কেহে খাটি কাৰাবৰণাে কৰিছে।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা ধন-সম্পদেৰে ভৰপুৰ আছিল আৰু বহুটো চাহ বগিচা আছিল  যদিও তেওঁ কোনো গৌৰৱ অহংকাৰ নাছিল। তেওঁ দেশৰ আৰু দহৰ বাবে খাটিছিল। যেতিয়া দেশ স্বাধীনৰ বাবে সকলেৱে যুজিছিল তেতিয়া তেওঁ আছিল সেইসকলৰ ভিতৰৰে এজন অন্যতম লোক। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন ৰনুৱা আছিল তেওঁ। তেওঁ দেশ স্বাধীন কৰিবলৈ দেহে-কেহে খাটি কাৰাবাস খাটিব লগা হৈছিল। সমাজ খনক জগাই তোলাৰ ক্ষেত্ৰত তেওঁ বহুতো কবিতা, গল্প, সংবাদ পত্ৰ আদি উপস্থাপন কৰে।ৰূপকোঁৱৰ দ্বাৰাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰতো বহুত উন্নতিৰ পথত আগবাঢ়িছে। এওঁ অসমীয়া সমাজখনৰ বাবেও বহু অৱদান অগবঢ়াই থৈ গৈছে। তেওঁ ইমান এজন ডাঙৰ মানুহ হয়ো চাহাবৰ দৰে নাথাকি দেশ স্বাধীন কৰিবলৈ দেহে-কেহে খাটিছে।      

ঘ ) জাতিৰ গৌৰৱ বঢ়াবলৈ তই ভাও এটা কৰিব নােৱাৰিবি জানাে ?

উত্তৰঃ এই কথাষাৰ ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈক টকী কৰাৰ আগতে বুজাইছিল। তেওঁ কৈছিল যে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ নামৰ এখন ‘টকী’ কৰিবলৈ ওলাইছে এইখনেই অসমীয়া ভাযাৰ প্ৰথম ‘টকী’ হব। তাত তই নায়িকা হব পৰাটো ডাঙৰ কথা। তোৰ নাম এই জগতত ৰৈ যাব। এনেবোৰ কথা কৈ ডিম্ব গোহায়ে তাইক নায়িকা হবলৈ আগ্ৰহী কৰি তুলিছিল। তেওঁ কৈছিল যে আমাৰ দেশৰ মূলা গাভৰু, জয়মতীয়ে অসমীয়া জাতিক ৰক্ষা কৰিবলৈ প্ৰাণ দিছিল। তই জাতিৰ গৌৰৱ বঢ়াবলৈ ভাওঁ এটা কৰিব নোৱাৰিবিনে। ইয়াকে বুজাবলৈ উক্ত বাক্যশাৰী কোৱা হৈছে। 

৭ ] কি কাৰণে ‘ ণ ’ বা ‘ ষ ’ হৈছে লিখা :

ক্ষণঃ কিছুমান শব্দ স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়। 

নির্মাণঃ একেটা পদতে থকা ঋ, ৰ, আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। 

চেষ্টাঃ ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স, মূৰ্দ্ধণ্য ষ হয়।

গ্রহণঃ একেটা পদতে থকা ঋ, ৰ,ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ,ক-বৰ্গ বা প-বৰ্গৰ কোনো বৰ্ণ বা য, ৱ, হ, ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্যণ হয়।

নিষিদ্ধঃ ই -কাৰান্ত আৰু উ- কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা, সিধ্, সিচ্, লস্, আদি ধাতুৰ দন্ত্য সমূৰ্দ্ধন্য ষ হয়। 

ৰণুৱাঃ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়।

পূর্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন, মূৰ্দ্ধন্য ণ হয়।

স্মৰণঃ একেটা  পদতে থকা ঋ,ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন,মূৰ্দ্ধন্য ণ হয়।

Answer by Himashri kakati