আগতে নিজে নিকা হ’| Class 5 Assamese Lesson 12 | Class 5 Assamese Chapter 12 Question and Answer |

উওৰ লিখা ।

(ক) পদ্য়টিৰ ৰচক কোন ?

উওৰঃ পদ্য়টিৰ ৰচক হ’ল অম্বিকাগিৰী ৰায়চৌধুৰী ।

(খ) কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ’বলৈ কৈছে ?

উওৰঃ কবিয়ে আনক ধোৱাৰ আগতে নিজক নিকা হ’বলৈ কৈছে ।

(গ) কবিৰ মতে নিজক নিকা কৰিবলৈ হ’লে কি কি কৰিব লাগে ?

উওৰঃ কবিৰ মতে নিজক নিকা কৰিবলৈ হ’লে নিজৰ হিয়াৰ মনৰ মলি পখালি ল’বলৈ লাগে ।

(ঘ) কবিৰ মতে আনক সঁচা কথা ক’বলৈ উপদেশ দিয়াৰ আগতে নিজে কৰিব লাগে ?

উওৰঃ কবিৰ মতে আনক সঁচা কথা ক’বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা ক’ব লাগে ।

তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানত চাই শিকোঁ আহা ।

নিকা – পৰিস্কাৰ, নিৰ্মল ।

পখালি – পানী দ্বাৰা নিকা কৰি, ধুই দি ।

দৃঢ়তা – কঠিনতা, গুণ, সংকল্পবদ্ধতা ।

আত্মিক – ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা ।

কবিৰ মতে জীৱনত কেনেকৈ ধন-সোণ জমা কৰিব পাৰি লিখা ।

উওৰঃ কবিৰ মতে নিজকে নিকা কৰি, নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি, সঁচা ক’ব লাগিব আৰু নিজ সত্য়ত নিজৰ ৰূপত দৃঢ় হ’ব লাগিব।

পদ্য়কেইফাকি বুজাই লিখা ।

(ক) নিজৰ হিয়া-মনৰ মলি

ধুই পখালি ল’__

উওৰঃ এই কবিতাফাঁকি মানুহৰ মনৰ মাজত থকা বেয়া ভাৱ আৰু বেয়া চিন্তা আদিক মনৰ পৰা আঁতৰাই মনটো শুদ্ধ কৰি ল’বলৈ কোৱা হৈছে।

(খ) আনক কোৱাৰ আগখিনিতে

নিজে ,সঁচা ক’

উওৰঃ এই কবিতাফাঁকিত আনক সচাঁ ক’বলৈ কোৱাৰ আগতে যে নিজে সঁচা ক’ব লাগে সেই কথাকে কোৱা হৈছে। অৰ্থাৎ আনক উপদেশ দিয়াৰ আগতে নিজে সেই কাম কৰিব লাগে।

তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ।

সত্য় – অসত্য়

নিজৰ – আনৰ

জমা – খৰচ

আত্মীয় – অনাত্মীয়

নিকা – লেতেৰা

Answered by Bidisha Bora