ওজা-পালি | Class 5 Assamese Lesson 13 | Class 5 Assamese Chapter 13 Question and Answer |

উওৰ দিয়া ।

(ক) ওজা-পালি কি ?

উওৰঃ ওজা-পালি এটি লোক নাট্য় অনুষ্ঠান ।

(খ) ওজা-পালিৰ মুখ্য় পালিজনক কি বোলা হয় ?

উওৰঃ ওজা-পালিৰ মুখ্য় পালিজনক ডাইনা-পালি বোলা হয় ।

(গ) ওজাৰ লগত কোন কোন থাকে ?

উওৰঃ ওজাৰ লগত পাঁচ ছয় জনমান পালি থাকে ।

(ঘ) ওজা-পালিৰ প্ৰকাৰবোৰ কি কি ?

উওৰঃ ওজা-পালিৰ প্ৰকাৰবোৰ হ’ল সুকনান্নী বা সুকনাৰায়ণী গোৱা ওজা-পালি, বিয়াহৰ বা ব্য়াস গোৱা ওজা-পালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা-পালি, বৈষ্ঞৱী ওজা, তুকুৰীয়া ওজা, আপী আদি ।

(ঙ) ওজা-পালি ক’ত ক’ত পৰিৱেশন কৰা দেখা যায় ?

উওৰঃ ওজা-পালি অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায় ।

চমু উওৰ দিয়া ।

(ক) ওজা-পালিয়ে পৰিধান কৰা সাজ-পাৰ কেনেকুৱা ?

উওৰঃ ওজা-পালিয়ে পৰিধান কৰা সাজ-পাৰবোৰ হ’ল সকলো সদস্য়ই চুৰিয়া-চোলা পিন্ধে আৰু ডিঙিত চেলেং লয় । কেৱল ওজাই মূৰত পাগুৰি মাৰে । পালিসকলে সোঁ-হাতত একোযোৰ খুঁটি-তাল মেৰিয়াই লয় ।

(খ) ওজা-পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক’ৰ ক’ৰ পৰা লোৱা হয় ?

উওৰঃ ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ পৌৰাণিক আৰু লৌকিক আখ্য়ান আৰু উপাখ্য়ানৰ পৰা লোৱা হয়।

(গ) ডাইনা-পালিজনৰ প্ৰধান কাম কি কি ?

উওৰঃ ডাইনা-পালিজন সাধাৰণতে সুৰসিক হয়। পালিসকলৰ লগত গীত গোৱাৰ উপৰি তেওঁ ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্য়ৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত দাঙি ধৰে। 

(ঘ) অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? 

উত্তৰঃ অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনীভাগ নৃত্য়-গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। ওজাই ‘দিহা’ৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই যায়। পালিসকলে খুঁটি তাল বজাই সেই দিহা দোহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে। আৰু ডাইনা পালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্য়ৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্য়ানৰ জটিল কথাবোৰ ঘৰুৱা দৰ্শকৰ সন্মুখত দাঙি ধৰে।

(ঙ) মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল।

খালী ঠাই পূৰ কৰা ।

ওজা-পালি অনুষ্ঠানৰ মূখ্য় পৰিচালকজন হ’ল ডাইনা-পালি । ওজাই আখ্য়ানৰ দিহা লগাই দিয়ে । পালিসকলে সেই দিহা খুঁটি-তাল দোহাৰে । ডাইনা-পালিয়ে ৰসাল কথাৰে লোক-সমাজক আকৃষ্ট কৰে ।

প্ৰশ্নঃ উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা ।

উদাহৰণ – ঢোল – ঢুলীয়া ভাও – ভাৱৰীয়া

খোল – খোলীয়া

লোণ – লোণীয়া

গোঁফ – গোঁফীয়া

যোৰ – যোৰীয়া

লগ – লগৰীয়া

বন – বনৰীয়া

কাষ – কাষৰীয়া

নাও – নাওৰীয়া

বাক্য় ৰচনা কৰা ।


খুঁটি-তাল (বেঁটু বা খুবুলি নথকা কাঁহৰ সৰু তাল)ঃ 
ওজাপালি নৃত্য়ত পালিসকলে খুঁটি-তাল বজায়।

খুঁটি-খা (নিজৰ ঠোঁঠ বা হাতেৰে ধৰি আহাৰ খা)ঃ চৰাইৰ পোৱালিবোৰ খুঁটি খাব পৰা হ’লে বেলেগে বাঁহ সাজি থাকিবলৈ লয়।

খুঁটি-গছা (মাটিত খুঁটি পোতাৰ দৰে পুতি থ’ব পৰা সৰু গছা)ঃ আমাৰ চাকি থ’বৰ বাবে খুঁটি-গছা ব্য়ৱহাৰ কৰা হয় ।

খুঁটি-নাটি (কোনো বিষয়ৰ সৰু ভাগ, সৰু-সুকৰা কথা, আঁতিৰগুৰি)ঃ কোনো এটা বিষয় জানিবলৈ হ’লে খুঁটি-নাটি মাৰি জানিব লাগে ।

খুঁটি-পোত (থাকিবলৈ ঠাই ল) ঃ সি আমাৰ ঘৰত খুঁটি-পোতিব খুজিছে ।

খুঁটি-ঢৰা (চটাই ঢৰা)ঃ বহিবলৈ খুঁটি-ঢৰাখন পাত।

খুঁটিয়া-খুঁটি (পৰস্পৰে পৰস্পৰক বা ইটোৱেই সিটোক আঘাত কৰা কাৰ্য)ঃ চৰাই পোৱালিবোৰে খুঁটিয়া-খুঁটি লাগি থাকে।

Answered by Bidisha Bora