কাগজ-কলমৰ ৰণ | Chapter – 15 | Class 7 Assamese Chapter 15 Question And Answer Jatiya Bidyalay | Class 7 Assamese Chapter 13 Solution AJB |

অধ্যায়ঃ১৫

কাগজ-কলমৰ ৰণ

১) একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ

ক) কাগজ আৰু কলমৰ জংক-পংক দেখি সোনতিয়ে কাক মাতিছিল?

উত্তৰঃ কাগজ আৰু কলমৰ জংক-পংক দেখি সোনতিয়ে দেউতাক আৰু আইতাকক মাতিছিল।

খ) কাগজ-কলমে সোণটিৰ পঢ়া মেজখন কি কৰি পেলাইছিল?

উত্তৰঃ কাগজ-কলমে সোণটিৰ পঢ়া মেজখন শৰাইঘাট কৰি পেলালে।

গ) কাগজে কাক মহাপুৰুষ বুলি কৈছে?

উত্তৰঃ কাগজে কলমক মহাপুৰুষ বুলি কৈছে।

ঘ) কাগজ আৰু কলমে কিহৰ ছেৱত যুদ্ধত নামিছিল?

উত্তৰঃ কাগজ আৰু কলমে ভাওনাৰ ছেৱত যুদ্ধত নামিছিল।

ঙ) সোনটিক আইতাকে কিহৰ কাৰণে ছুটি দিছিল?

উত্তৰঃ ডাঙৰ খঁৰিয়ালখন মিট্মাট্ কৰা বাবে সোণাটিক আইতাকে ছুটি দিছিল।

২) ‘কাগজ-কলমৰ ৰণ নাটকখনিৰ কাহিনীটো তোমাৰ কথাৰে লিখা্ঁ।

উত্তৰঃ সোণটি নামৰ সৰু ল’ৰাটোৱে এদিন দেউতাকক কলে যে সদায় মনে মনে থকা কাগজ আৰু কলমে আজি দুয়ো মিলি গপত গঙ্গাটোপ হয় মেজখনকে শৰাইঘাট যুদ্ধ কৰিব লাগিছে। গতিকে সোণটিয়ে অংক কেনেকৈ কৰে।

কাগজে কলে তাৰ বুকুত হেনু ডাঙৰ ডাঙৰ কথা লিখা থাকে । কলমে আকৌ কৈছে যে কাগজে একো বুজি নাপায়। কাগজে কলমক গালি নাপাৰি চুপ থাকিবলৈ কলে।কলমৰ উঠি গল খং।তেতিয়া কাগজে কলমক কলে তোৰ ইমান কিয় খং চিয়াঁহীয়ে তোৰ ভোক নুগুচালে কোনে নো চায় তোৰ ৰং। কলমৰ মতে কাগজৰ গা-তো লেৰেলা চেপেতা একোৱেই নাই কিন্তু তাৰ হেনু গা-তো নিমজ ল’নি।

কাগজে কলমক মহাপুৰুষ বুলি কৈ ঠাট্টা কৰি কলে যে কলা পানী খোৱা কলমে আনে নচলালে এখোজো যাব নোৱাৰে আৰু লিখাৰ বাহিৰে তাৰ অন্য কাম একোৱেই নাই। কাগজৰ যে কিমান কাম তাৰো হিচাপ দিওতা নাই। পণ্ডিত সকলে কাগজত গধুৰ গধুৰ কথা লিখে দুৱৰা দেৱে কাগজৰ বুকুতে কোমল কোমল কবিতা লিখে। বাতৰিকাকতে পৃথিৱীৰ দেশে দেশে কিমান খবৰ আনি চতিয়াই দিয়ে। চেনিৰ টোপোলা, চানাচুৰ আদি কাগজেৰে বান্ধে। কেনেবাকে কাগজ নোহোৱা হলে কলপাত শেষ হৈ যাব বুলি কাগজে কলমক কলে। লগে লগে কলমে কাগজক এশ এটা বুদ্ধি থকা শিয়ালৰ লগত তুলনা কৰিলে আৰু কলে যে কলমৰ লিখাৰ বাহিৰে আন একো কাম নথকাৰ বাবে মানুহে ইমান মৰম কৰে।

কাগজৰ মতে চিয়াঁহীয়ে কলমক লিখায় বাবেহে লিখে চিয়াঁহী নহলে কলমে লোকৰ মুখলৈ চাই থাকিব লাগে কিন্তু কাগজে নালাগে। কাগজৰ বুকুতেই সোণটিয়ে মুকুতাৰ দৰে আখৰেৰে চিঠি লিখে। কলমৰ মতে যেতিয়া কাগজক ফটা কাকতৰ পাচিত পেলাই তেতিয়া তাৰ দাম জানো কমি নাযায় ? লগে লগে কাগজে উত্তৰ দিলে যে কাগজ নহলে পুথি ক’ত লিখিব ।তেতিয়া কলমে কলে সাঁচি পাতত, কল পাতত।

কাগজে কলমক মূৰ্খ বুলি কলে আৰু কলমেও কাগজক বতাহত উৰি যোৱা গধুৰ কথা বুজি নোপোৱা বুলি কলে। এইদৰে কথাৰে দুয়ো দুয়োটাকে বলে নোৱাৰি দুয়োটাই ভাওনাৰ ছেওত যুদ্ধ কৰিবলৈ ধৰে। তেতিয়া সোণটি আহি কলে যে কাগজ নহ’লে কলমে লিখিব ক’ত আৰু কলম নহলে কাগজত লিখে কোনে এইবুলি কৈ দুয়োটাৰে যে সমান মূল্য এই কথা বুজাই কাজিয়াখন ভাঙি দিয়ে।

অৱশেষত সোণটিৰ আইতাক আহি ডাঙৰ খঁৰিয়ালখন মিট্মাট্ কৰা বাবে সোণটিৰ ছুটি দিয়ে আৰু বাহিৰত টাং গুটি খেলিবলৈ পঠাই। লগতে আৰু এটা কথা কৈ যায় যে ভাল মনৰ মানুহ হলে ভাল কাম কৰে আৰু বেয়া মনৰ মানুহে বেয়া কাম কৰে।

৩) কাগজ’ৰ বিষয়ে এখনি ৰচনা লিখাঁ।(২০০ শব্দৰ ভিতৰত)

উত্তৰঃ

৪) বাক্য ৰচনা কৰাঁ ।

গপত গঙ্গাটোপ,- শিক্ষকে ৰামৰ কথা প্ৰশংসা কৰি কোৱাত সি গপত গঙ্গাটোপ হৈ পৰিল।

বুধিৰ ঢেঁকী-থোৰা,- কাগজে কলমক বুধিৰ ঢেঁকী-থোৰা বুলি কৈ ঠাট্টা কৰিছিল।

ঠেহ-পাত,- মাক-দেউতাকে মাইনাক পূজা চাবলৈ নিনিয়াৰ বাবে তাই ঠেহ-পাতি আছে।

বাংকৰা কথা, – ৰহিমে এনে কিছুমান বাংকৰা কথা কৈ সময় নষ্ট কৰি থাকে।

মিট্মাট্ কৰ- কাগজ আৰু কলমৰ মাজত হৈ থকা ডাঙৰ খঁৰিয়াল খন সোণটিয়ে মিট্মাট্ কৰি দিলে।

৫) টাং গুটি আৰু আন কিছুমান থলুৱা অসমীয়া খেলৰ বিষয়ে লিখাঁ।

উত্তৰঃ লৰাবিলাকে বিশেষকৈ টাং গুটি, ঘিলা খেলা, চিলা উৰুৱা, বাঘ-গৰু খেল, জপিওৱা, গছত উঠা, পেঙত উঠা, বাটলুগুটিলৈ চিতিকা পাতি চৰাই ধৰা, কুকুৰা যুজ খেলা, ধনু কাড় মৰা আদি খেল খেলে।

ছোৱালীবিলাকে আকৌ ঢোপখেলা, কইনা-দৰা খেলা, হেতালি খেলা, উকুলী মুকুলী, ‘অলৌগুটি তলৌগুটি কচুগুটি ঘাই’ আদি খেলে।

৬) একে অৰ্থ বুজোৱা শব্দ লিখাঁ

গপ= গৰ্ব অহংকাৰ।

নিমজ= মিহি।

লেঠা= অসুবিধা।

শুকান= নীৰস।

চিয়াঁহী= মহী।

খৰিয়াল= কাজিয়া।

৭) চমু টোকা লিখাঁ

বাতৰিকাকত- বাতৰি কাকত হৈছে আমাৰ জীৱনৰ এক অবিচ্ছিন্ন অংগ।বাতৰি কাকত হৈছে বিশ্বৰ বিভিন্ন মানুহৰ মাজত যোগসূত্ৰ স্থাপন কৰি সম্বন্ধ গঢ়ি তোলা মাধ্যম। বাতৰি কাকত পঢ়ি মানুহে বহুতো নজনা কথা জানিব পাৰি। দেশ বিদেশৰ খবৰ আমি ঘৰতে থাকি লব পাৰো। প্ৰথম বাতৰি কাকত উদ্ভাৱন হৈছিল চীন দেশত।

সাঁচিপাত- সাঁচিপাত হৈছে “সাঁচিগছ” ৰ ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। পৈণত সাঁচিগছৰ বাকলি তাক এৰুৱাই আনি ৰ’দত শুকুৱাই লিখাৰ উপযোগী কৰি লোৱা হয়।মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা সাহিত্যৰাজি প্ৰথমে সাঁচিপাতত লিখিছিল। এই পুথিসমূহ আজিও সত্ৰসমূহৰ সংগ্ৰহালয়ত সংগ্ৰহীত আৰু সংৰক্ষিত হৈ আছে ।

তালপাত- তালপাত হল গছৰ পাত। তালগছ প্ৰায় নাৰিকল গছৰ দৰে একেই। তালপাতেৰে পাতেৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হয়। কিন্তু তালপাতত লিখা নহয়। এই পাতৰ পৰা বিভিন্ন ধৰনৰ পাত্ৰ তৈয়াৰ কৰি পুৰী জগন্নাথ মন্দিৰত ব্যৱহাৰ কৰা হয়। এই পাতেৰে দিচ, জাপি, বিচনী আদি তৈয়াৰ কৰা হয়।

৮)উদাহৰণটো চাই বাকীবিলাক কৰাঁঃ

কাগজ আৰু কলম= কাগজ-কলম

বাতৰিৰ কাকত= বাতৰিকাকত

ৰণৰ চালি = ৰণচালি

তালৰ পাত= তালপাত

মহান যি পুৰুষ= মহাপুৰুষ

ঢেঁকীৰ থোৰা= ঢেঁকী-থোৰা

Answer by Himashri kakati