কুকুৰে ভাগৰ লাগিলে জিভা উলিয়াই ফোঁপায় কিয়?

উঃ আমি পৰিশ্ৰান্ত হ’লে আমাৰ শৰীৰৰ তাপমাত্ৰাৰ সমতা ৰক্ষাৰ বাবে আমাৰ ঘর্ম গ্রন্থিবোৰৰ ঘাম ওলাই দেহাটো শীতল কৰি ৰাখে। কুকুৰৰ ছালত তেনেদৰে গা ঘমাৰপৰা কোনো ব্যৱস্থা নাই। সিহঁতৰ ঘৰ্ম গ্ৰন্থিবোৰ আছে মাত্ৰ ঠেঙৰ তলুৱাত। সেয়ে সিহঁতে গৰমৰ দিনত জিভা উলিয়াই শ্বাস প্ৰশ্বাস লৈ শৰীৰ ঠাণ্ডা ৰাখে।