চাপ্চাৰ কুট্ উৎসৱৰ পাঁচ দিনৰ ৰীতি-নীতি কেনেধৰণৰ ?

উত্তৰঃ চাপ্চাৰ কুট্ উৎসৱৰ প্ৰথম দিনা গাহৰিৰ মঙহেৰে ভোজভাতৰ আয়োজন কৰা হয়। এই ভোজভাত দ্বিতীয় দিনলৈ চলে। তৃতীয় দিনটো হ’ল ‘চেইনি’ অৰ্থাৎ নৃত্য়-গীতৰ দিন। চতুৰ্থ দিনা সমাজৰ সকলোকে চাউলৰ পৰা তৈয়াৰ কৰা মদ পৰিৱেশন কৰা হয়। এইদিনটোক জুপুই নি বুলি কোৱা হয়। উৎসৱৰ পঞ্চম তথা অন্তিম দিনটোক জুথিঙ্ চাৱাই নি বুলি কোৱা হয়। এই দিনটোত জু নামৰ এবিধ মদ পৰিৱেশন কৰা হয় ।