জুম বিহু কাক বোলে ?

উত্তৰঃ পথাৰ অথবা গছৰ তলত গাভৰুসকলে জুম বান্ধি নচা বিহুকে জুম বিহু বোলে। এই বিহু ডেকাই নানাচে। শোণিতপুৰ জিলাৰ জামুগুৰি হাটত কোৱামৰা, তলকাবাৰী, কলাবাৰী, চতিয়া আদি অঞ্চলত এই বিহুৰ প্ৰচলন আছে।