জোনবিল মেলা | Chapter 12 | Class 7 Assamese Chapter 12 Question And Answer Jatiya Bidyalay | Class 7 Assamese Chapter 12 Solution AJB |

জোনবিল মেলা

অধ্যায়ঃ ১২

১)উত্তৰ লিখাঃ

ক)পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ কি?

উত্তৰঃ পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ হল জোনবিল মেলা।

খ) জোনবিল নামে ডাঙৰ বিলখন কত অৱস্থিত?

উত্তৰঃ জাগীৰোড আৰু জাগীভকত গাঁৱৰ মধ্যত জোনবিল নামে ডাঙৰ বিলখন অৱস্থিত।

গ) মনেপতা বিহু কি?

উত্তৰঃ গোভা ৰাইজে আনৰ দৰে সংক্ৰান্তিৰ দিনা বিহু নাপাতে । তাৰ পিছৰ সপ্তাহৰ শনিবাৰটোতহে পাতে। সেয়ে ইয়াক মনেপতা বিহু বোলে।

ঘ) বৰ্তমান সময়ত জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়?

উত্তৰঃ বৰ্তমান সময়ত জোনবিল মেলা মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা দেওবাৰে অনুষ্ঠিত কৰা হয়।

ঙ) পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহোঁতে বিনিময়ৰ বাবে লগত কি কি বস্ত লৈ আহে?

উত্তৰঃ পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহোঁতে বিনিময়ৰ বাবে লগত আলু, কচু, আদা, হালধি, তিল, ফুলবাঢ়নী, লা, ধূনা, জলকীয়া, বাহঁৰ গাজ, কপাহ আৰু বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু লৈ আহে।

২) চমু উত্তৰ দিয়া

ক) বিলখনৰ নাম জোনবিল কেনেদৰে হল?

উত্তৰঃ জনশ্ৰুতি মতে, এজন তিৱা ৰজাই বিহাৰ কৰি ঘূৰি আহোঁতে, এই বিলৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দেখি মুগ্ধ হ’ল । আৰু তেতিয়াই বিলখনৰ নাম জোনবিল থ’লে।

খ) গোভা ৰজাৰ আদেশ মৰ্মে অতীতত জোনবিল মেলা কেনেকৈ অনুষ্ঠিত কৰা হৈছিল?

উত্তৰঃ গোভা ৰজাৰ আদেশ মৰ্মে অতীতত জোনবিল মেলা মাঘ বিহুৰ প্ৰায় বাৰদিনৰ পাছত বিহু উৎসৱ পাতি আনন্দ কৰিছিল। মাঘ বিহুৰ উৰুকাৰ আগদিনাৰপৰা বিহুৰ পাছদিনালৈকে তিনিদিন ব্যাপি এই মেলা আয়োজন কৰা হৈছিল। জোনবিলৰ পাৰত পতাৰ বাবে ইয়াৰ নাম জোনবিল মেলা নামে খ্যাত হৈছিল। গোভা ৰজাৰ আদেশত মাঘ বিহুৰ আগতে এই বিলত মাছ মাৰি বিলৰ পাৰত শ’ল মাছেৰে ন-ভাত খোৱাৰ নিয়ম আছিল।মাছুৱৈসকলে বিল মৰাৰ বাবদ ৰজাক নামনি স্বৰূপে প্ৰত্যেকেই একো একো অংশ মাছ দি যোৱাৰ প্ৰথা আছিল

গ) জোনবিল মেলা চাবলৈ ক’ৰ ক’ৰ পৰা মানুহ আহি বিলৰ পাৰত ভিৰ কৰে? তেওঁলোকে সৈইকেইদিন কেনেদৰে কটায়?

উত্তৰঃ জোনবিল মেলা চাবলৈ অন্যান্য লোকৰ লগতে কাৰ্বিআংলং আৰু মেঘালয়ৰ পৰা আহি পাহাৰৰ লোকসকলেও বিলৰ পাৰত ভিৰ কৰেহি। তেওঁলোকে বিলৰ পাৰত নৰাৰে সৰু সৰু পঁজা ঘৰ সাজি তাতেই সেইকেইদিন কটায়।

৩) এই মেলা পৰ্বত-ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেএ-কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰাঁ ।

উত্তৰঃ এই মেলা পৰ্বত-ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ বুলি কোৱা হয় কাৰন এই মেলা চাবলৈ বহু দূৰ দূৰনিৰ বহুতো লোকৰ সমাগম ঘতে।মেলা চাবলৈ সকলো জাতি-জনজাতিৰ লোক আহি বিলৰ পাৰত ভিৰ কৰেহি। সেইবাবে ইয়াক পৰ্বত-ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ হিচাপে ধৰা হয়।

৪) তলৰ উৎসৱসমূহৰ বিষয়ে চমুকৈ লিখাঁ

ক) আলি-আয়ে-লৃগাংঃ অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়।

খ) ফাৰকান্তিঃ অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম হল ফাৰকান্তি। এই শ্ৰাদ্ধ অনুষ্ঠানত ইনাই-বিনাই কান্দি একধৰণৰ শোকগীত পৰিৱেশন কৰা হয়। ইয়াকে ফাৰকান্তি গীত বোলা হয়।

গ) টুচু পূজাঃ টুচু পূজা হৈছে চাহ জনজাতি সকলৰ এক প্ৰধান মাংগলিক উৎসৱ। টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। চাহ জনজাতিসকলে টুচুক এগৰাকী দেৱীৰূপে পূজা কৰে।

ঘ) ওৱাংগালাঃ

৫) উদাহৰণ চাই বাকীকেইটা কৰাঁঃ

চহকী- ধনী

পাহাৰ- পৰ্বত

ভৈয়াম– সমতল

বিল- নৈ

পানী- জল

ৰজা- সম্ৰাট

পথাৰ- সমতল

প্ৰথা- নিয়ম

সন্ধ্যা- গধূলি

পঁজা- কুটীৰ

৬) বাক্য ৰচনা কৰাঁ

সম্প্ৰীতিঃ জোনবিল মেলা পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ।

বিনিময়ঃ জোনবিল মেলালৈ অহা পাহাৰীয়া লোকসকলে ভৈয়ামৰ লোকসকলৰ লগত বিভিন্ন বয়-বস্তু বিনিময় কৰে।

সাজ-পাৰঃ অসমৰ মানুহৰ সাজ-পাৰ বিভিন্ন ঠাই অনুসৰি ভিন ভিন।

বয়-বস্তুঃ জোনবিল মেলাত বিভিন্ন বয়-বস্তু বিনিময় কৰা হয়।

দান-বৰঙণিঃ জোনবিল মেলাৰ ৰাইজে ৰজাক দান-বৰঙণি দিয়ে।

Answe by Himashri Kakati