শৰীৰত খাদ্যৰ ব্যৱহাৰ | Chapter 2 | Class 7 New Science Chapter 2 Question And Answer Jatiya Bidyalay | Class 7 New Science Chapter 2 Solution AJB |

অধ্যায়ঃ২

শৰীৰত খাদ্যৰ ব্যৱহাৰ

  1. ) খালী ঠাই পূৰ কৰা :

i ) খাদ্যবস্তু গ্ৰহণ কৰা প্রক্রিয়াক ভক্ষণ বােলা হয় ।

ii ) এমিবাৰ খাদ্য গ্রহণ প্রণালীক অন্তঃগ্ৰহণ বােলা হয় ।

iii ) পাচনৰ পিছত সৰল উপাদানবােৰ অৱশোষণ পদ্ধতিৰে তেজত সােমায় ।

iv ) ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্রবদ্ধ থাকে যাক ভিলাই বােলে ।

v ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল যকৃৎ ।

vi ) এমিবাৰ খাদ্য ৰিক্তিকাত ত হজম হয় ।

2 ] তলত দিয়া বাক্যবােৰ শুদ্ধ নে ভুল উল্লেখ কৰা :

i ) মানুহৰ প্রত্যেক হনুতে তিনিযোৰ পুৰঃপেষক দাঁত থাকে । অশুদ্ধ।

ii ) ৰোমন্থক প্ৰাণীৰ পাকস্থলীত চাৰিটা কোঠালি থাকে । শুদ্ধ।

iii ) মাংসভােজী প্ৰাণীৰ ছেদক দাঁতবােৰ জোঙা হয় । শুদ্ধ।

iv ) শৰ্কৰাৰ পাচন পাকস্থলীত আৰম্ভ হয় । অশুদ্ধ।

v ) খাদ্যৰ সম্পূর্ণ পাচন ক্ষুদ্রান্ত্রত সম্পন্ন হয় । শুদ্ধ।

vi ) এমিবাৰ খাদ্য খাদ্যৰিক্তিকাত হজম হয় । শুদ্ধ।

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ;

i ) তলত দিয়া কোনবিধ দাঁত মাংসভােজী প্রাণীয়ে মাংস ছিঙিবলৈ ব্যৱহাৰ কৰে ?

a ) ছেদক b ) পুৰঃপেষক c ) পেষক d ) কৃন্তক

উত্তৰঃ b) পুৰঃপেষক

ii ) হাতীৰ কোনবিধ দাঁত জোঙা হৈ বাহিৰলৈ ওলাই যায় ?

a ) ছেদক b ) পুৰঃপেষক c ) পেষক d ) কৃন্তক

উত্তৰঃd ) কৃন্তক

iii ) তলত দিয়া কোনবিধ অংগৰ জৰিয়তে এমিবাই খাদ্য গ্রহণ কৰে ?

a ) পাকস্থলী b ) কুটপদ c ) জিভা d ) স্পর্শক

উত্তৰঃb ) কুটপদ

iv ) পাচন নােহােৱা আহাৰৰপৰা পানীত অৱশােষণ কোন অংশত হয় ?

a ) পাকস্থলীত b ) ক্ষুদ্রান্ত্রত c ) বৃহদান্ত্রত d ) গ্রাসনলীত

উত্তৰঃc ) বৃহদান্ত্রত

v ) তলত দিয়া কোনবিধ অংগ পাচনতন্ত্ৰৰ অন্তৰ্গত নহয় ?

a ) পাকস্থলী b ) যকৃত c ) হাওঁফাওঁ d ) অগ্ন্যাশয়

উত্তৰঃc ) হাওঁফাওঁ।

  1. এটা বাক্যত উত্তৰ দিয়া ।

a ) কোনবিধ শৰ্কৰা ৰােমন্থক প্রাণীয়ে হজম কৰিব পাৰে ?

উত্তৰঃ চেলুল’জক ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পাৰে।

b ) মানুহৰ পাচনতন্ত্রৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি ?

উত্তৰঃ মানুহৰ পাচন তন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল যকৃৎ।

c ) পাচন নলীৰ কোনটো অংশত পাচন কার্য সম্পূর্ণ হয় ?

উত্তৰঃ পাচন নলীৰ ক্ষুদ্ৰান্ত্ৰ অংশত পাচন কাৰ্য সম্পূৰ্ণ হয়।

d ) মানুহৰ পাচন নলীৰ কোন অংশৰপৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশােষণ হয় ?

উত্তৰঃ ক্ষুদ্ৰান্ত্ৰই খাদ্যৰ অংশৰ পৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয়।

e ) মানুহৰ জিভাত থকা স্বাদকলিবােৰৰ কার্য কি ?

উত্তৰঃ মানুহৰ জিভাত থকা স্বাদকলিবোৰৰ সহায়ত আমি খাদ্যৰ সোৱাদ পাওঁ।

  1. তলত দিয়া প্রশ্নবােৰৰ উত্তৰ লিখা :

a ) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ কি কি ?

উত্তৰঃ এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য হ’ল- দুয়োটাই অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে।

পাৰ্থক্য হ’ল- মানুহৰ খাদ্য হজম হয় ক্ষুদ্ৰান্ত্ৰত আৰু এমিবাৰ খাদ্য হজম হয় ৰিক্তিকাত।

b ) পাগুলি খােৱা মানে কি বুজা ?

উত্তৰঃ ৰোমন্থ প্ৰাণীবোৰে খাদ্য মুখলৈ পোনে- পোনে নোচোবাই পাছত পাগুলি থাকে এইবোৰক পাগুলা খাদ্য বোলা হয়।

c ) এমিবাৰ খাদ্য গ্রহণ প্রণালী বর্ণনা কৰা ।

উত্তৰঃ এমিবাই অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। এমিবাৰ খাদ্য ৰিক্তিকাত হজম হয়।

d ) মানুহৰ ছেদক আৰু কৃন্তক দাঁতৰ কার্য কি কি ?

উত্তৰঃ মানুহৰ ছেদক দাঁতে খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে কৃন্তক দাঁত কাটিবলৈ আৰু কামুৰিবলৈ ব্যৱহাৰ কৰা হয়।

e ) প্রাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ বৰ্ণনা কৰাঁ ।

উত্তৰঃ

f ) মানুহৰ পাচন প্রক্রিয়াৰ বিষয়ে বুজাই লিখা ।

উত্তৰঃ

g ) মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁতৰ এটা বিৱৰণ লিখা ।

উত্তৰঃ

h ) চিত্ৰৰ সহায়ত মানুহৰ পাচন তন্ত্ৰৰ এটা বর্ণনা দিয়া ।

  1. স্তম্ভৰ 1ৰ বিষয়বােৰৰ লগত স্তম্ভ 2 ৰ বিষয়বােৰ মিলােৱা ;

অগ্ন্যাশয় ফেটি এছিড আৰু গ্লিচাৰল ।

লালটিৰস পিত্তৰস নিঃসৰণ হয় ।

যকৃত খাদ্যৰ অৱশিষ্ট অংশ জমা হৈ থাকে

মলভাণ্ড শৰ্কৰা প্ৰটিন আৰু স্নেহপদাৰ্থৰ সম্পূর্ণ পাচন

আন্ত্রিক ৰস মানুহৰ শৰীৰৰ পাতৰ আকৃতিৰঅংগ

স্নেহপদার্থ খাদ্যৰ সম্পূর্ণ শােষণ

উত্তৰঃ অগ্ন্যাশয় = মানুহৰ শৰীৰৰ পাতৰ আকৃতিৰ অংগ।

       লালটিৰস= খাদ্যৰ সম্পূৰ্ণ শোষণ।

       যকৃত= পিত্তৰস নিঃসৰণ হয় ।

       মলভাণ্ড=  খাদ্যৰ অৱশিষ্ট অংশ জমা হৈ থাকে 

       আন্ত্রিক ৰস =  শৰ্কৰা প্ৰটিন আৰু স্নেহপদাৰ্থৰ সম্পূর্ণ পাচন

       স্নেহপদার্থ   =  ফেটি এছিড আৰু গ্লিচাৰল । 

DIKHA BORA