সৰু ছোৱালী আৰু পখী | Class 5 Assamese Lesson 14 | Class 5 Assamese Chapter 14 Question and Answer |

উওৰ দিয়া ।

(ক) সৰু ছোৱালীয়ে পখীক কি কি দিব বুলি কৈছে ?

উওৰঃ সৰু ছোৱালীজনীয়ে পখীক কোঁচভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ আৰু পকা ফল দিব বুলি কৈছে।

(খ) সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে ?

উওৰঃ সৰু ছোৱালীজনীয়ে পখীৰ সুৱলা গীত শুনি আনন্দিত হ’বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে।

(গ) সৰু ছোৱালীয়ে কিয় পখীজনীক গীত গাবলৈ মাতিছে ?

উওৰঃ সৰু ছোৱালীজনীয়ে পখীৰ শুৱলা গীত শুনি আনন্দিত হ’বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে।

প্ৰশ্নঃ পদ্য়টোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা ।

উওৰঃ কবিতাটোত সৰু ছোৱালীয়ে পখীক মাতি আছে। পখীক সৰু ছোৱালীয়ে কোঁচ ভৰাই ফুল দিব, উদৰ পূৰাই খাবলৈ দিব আৰু থাকিবলৈ সোণোৱালী বাহ সাঁজি দিব। আকৌ সৰু ছোৱালীয়ে পখীক ফল দিম বুলি কৈছে আৰু ওমলিবলৈ মাতিছে। সৰু ছোৱালীয়ে ভাল পাই বাৰে বাৰে পখীক মাতিছে। পখীয়ে গোৱা শুৱলা গীত শুনি আনন্দিত হ’বৰ বাবে পখীক সৰু ছোৱালীয়ে মাতিছে।

প্ৰশ্নঃ তলত দিয়া শব্দৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা ।

উদৰ – পেট ।

সাউৎকৰে – বেগেৰে ।

একেচিপে – একে বলে ।

সুললিত – শুৱলা ।

হৰষিত – আনন্দিত ।

ততালিকে – তৎক্ষণাৎ।

প্ৰশ্নঃ চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে ?

উওৰঃ চৰাইজনীয়ে যাতে কষ্ট নাপাই তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পূৰাই খুৱাবলৈ, ফল দিবলৈ, থাকিবলৈ সোণোৱালী বাহ সাজি দিবলৈ গাত লৈছে।

প্ৰশ্নঃ ‘সাউৎকৰে’ শব্দটোৰ অৰ্থ হৈছে  ‘বেগতে’, ‘একেচিপতে’, ‘একেশোহাই’,।  ‘সাউৎকৰে’ৰ দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ‘ততালিকে’, ‘একেচিপে’। এতিয়া সাউৎকৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা।

উওৰঃ

-মই দোকানৰ পৰা সাউৎ কৰে (বেগতে) আহোগৈ।

-সি চোৰটোক সাউৎ কৰে(একো চোচাই) ধৰি আনিলে।

-তেখেতে সাউৎ কৰে(একে চিপতে) মাছ এটা ধৰি আনিলে।

-তেওঁ সাউৎ কৰে (একে শোহাই) চাহ কাপ খাই শেষ কৰিলে।

* তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা ।(দলত আলোচনা কৰি কৰিবা ।)

শুৱলাঃ    সুললিত, সুশ্ৰাব্য়।

বেগতেঃ   সোনকালে, সাউৎকৰে, তৎক্ষণাৎ,

পেটঃ        উদৰ, 

আনন্দিতঃ হৰ্ষিত, সুখী

গগনঃ        আকাশ, শূণ্য়, অম্বৰ, নিলীমা 

*বাক্য় ৰচনা কৰা

সজা (বাহ)ঃ আমাৰ ঘৰৰ চৰাইৰ সজাটো ভাগিছে।

সজা (নিৰ্মাণ কৰা)ঃ মানুহজনে ঘৰটো নিজ হাতেৰে  সাজিছে।

ফল (কৰ্মৰ পৰিণতি)ঃ ভাল কামৰ ফল সদায় ভাল হয়।

ফল (গছৰ গুটি)ঃ ফল-মূল খোৱাটো স্বাস্থ্য়ৰ বাবে উপকাৰী।

ৰং (আনন্দ)ঃ বিহু বুলি সকলোৰে ৰং লাগিছে।

ৰং (বৰণ)ঃ ৰামধেনুত সাতটা ৰং থাকে।

Answered by Bidisha Bora