Month: July 2022

মাঘ বিহুৰ সময়ত সজা বিভিন্ন ধৰণৰ মেজি কি ?

উত্তৰঃ মাঘ বিহুৰ সময়ত সাধাৰণতে চাৰিবিধ মেজি সজা দেখা যায়। সেইবোৰ হ’ল বৰমেজি, ফুল মেজি বা মাইকী মেজী, ঠিয় মেজি, চাকি মেজি বা বাহী মেজি ।

মাঘ বিহুৰ দোমাহিৰ সৈতে জড়িত লোকবিশ্বাস কি ?

উত্তৰঃ লোকবিশ্বাল অনুসৰি মাঘবিহুৰ দোমাহিৰ দিনটোতেই দৈত্য়ৰাজ বলি আৰু দেৱৰাজ বাসৱৰ মাজত যুদ্ধ হৈছিল। লেই যুদ্ধত বলিয়ে বাসৱৰ হাতত পবাজিত হৈ পাতালপুৰীলৈ পলাই গৈছিল ।