Month: July 2022

বিহু গীতত উল্লেখ থকা নামদাঙৰ শিলৰ সাঁকো কেতিয়া, কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ নামদাং নদীৰ ওপৰত থকা নামদাঙৰ শিলৰ সাঁকো আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহহ ১৭০৩ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। এই সাকোৰ দৈৰ্ঘ্য় প্ৰায় ৭০ মিটাৰ আৰু বহলে ৬.৫ মিটাৰ ।

মেজি জ্বলোৱাৰ সময়ত অগ্নি দেৱতাক কি মন্ত্ৰ উচ্চাৰণ কৰি আৰাধনা কৰা হয় ?

উত্তৰঃ মেজি জ্বলোৱাৰ সময়ত অগ্নিদেৱতাক– ‘অগ্নি প্ৰজ্বলিতং বন্দে জাতবেদ হুতাশনং সুবৰ্ণ বৰ্ণ জ্বলং জ্য়োতি ৰূপায়তে নমঃ ।।’ মন্ত্ৰ উচ্চাৰণ কৰি আৰাধনা কৰা হয় ।