Month: July 2022

ভেৰী কি ?

উত্তৰঃ ভেৰী হৈছে ধাতুৰে নিৰ্মিত এবিধ বাদ্য় যন্ত্ৰ। বড়ো আৰু ৰাভা জনগোষ্ঠীৰ লোকৰ মাজত এইবিধ বাদ্য়ৰ প্ৰচলন বেছি ।

লহৰী কিদৰে সজা হয় ?

উত্তৰঃ লাওৰ খোলা বা কাঠৰ খোলা বনাই তাৰ মাজত এডাল জৰী লগোৱা হয়। এই জৰীত কাঠৰ এটি সৰু টুকুৰা লৈ জৰীডাল টানি লহৰী বজোৱা হয় ।

টোকাৰী কিহেৰে সজা হয় ?

উত্তৰঃ জাতিলাওৰ খোলা বা কাঠৰ খোলাৰ এটা মূৰত বিন্ধা কৰি প্ৰতিটো বিন্ধাত একোডালকৈ বাঁহৰ শলা সুমুৱাই মুগা সূতাৰ টান জৰি বান্ধি টোকাৰী সজা হয় ।