ডিমাছাসকলৰ হেৰেমডী পূজাৰ আচাৰ-অনুষ্ঠান কেনেধৰণৰ ?

উত্তৰঃ ডিমাছাসকলৰ হেৰেমডী পূজাত এটা মতা কুকুৰা, এটা পহু বৰণৰ ছাগলী, এজনী কণী নপৰা মাইকী কুকুৰা আৰু নটা কণী দেৱীক আগবঢ়োৱা হয় । ইয়াৰ উপৰি দেৱীক ১৫ খন আসন পাৰি প্ৰতিখন আসনতে তামোল-পাণ, সিজোৱা চাউল, পিঠাগুৰি আদি দিয়া হয় । ইয়াৰ পিছত পূজাৰীয়ে বলি দি সেই বলি ১৫ পাতত ৰাখে ।