তিনিটা মাছৰ কাহিনী | Class 5 Assamese Lesson 10 | Class 5 Assamese Chapter 10 Question and Answer |

উওৰ দিয়া ।

(ক) ” তিনিটা মাছৰ কাহিনী” ত থকা মাছকেইটাৰ নাম কি কি ?

উওৰঃ ‘তিনিটা মাছৰ কাহিনী’ত থকা মাছকেইটাৰ নাম হৈছে- অনাগতবিধাতা , প্ৰত্য়ুৎপন্নমতি আৰু যদভৱিষ্য় ।

(খ) অনাগতবিধাতা কিয় শংকিত হৈছিল ?

উওৰঃ কথা পাতি যোৱা মানুহ কেইজনে মাছকেইটা ধৰি লৈ যাব বুলি অনাগতবিধাতা শংকিত হৈছিল ।

(গ) অনাগতবিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল ?

উওৰঃ অনাগতবিধাতাৰ কথা প্ৰত্য়ুৎপন্নমতিয়ে সমৰ্থন কৰিছিল ।

(ঘ) কোনে বিপদৰ কথা নাভাবি আঁকোৰ- গোঁজ হৈ থাকি মৃত্য়ুক সাৱটি ল’লে ?

উওৰঃ যদভৱিষ্য়তে বিপদৰ কথা নাভাবি আঁকোৰ- গোঁজ হৈ মৃত্য়ুক সাৱটি ল’লে ।

(ঙ) মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে ?

উওৰঃ মাছমৰীয়াকেইজনে জালেৰে পুখুৰীত মাছ মাৰিলে ।

*তলৰ কথাকেইষাৰ কোনে, কি উদ্দেশ্যেৰে কাক কৈছিল?

(ক) ”আপুনি সঁচা কথাকেই কৈছে । ময়ো এই বিল এৰি ওচৰত থকা আন খাল-বিললৈ যোৱাটো উঠিত বুলি ভাবোঁ ।”

উওৰঃ এই কথাষাৰ প্ৰত্য়ুৎপন্নমতিয়ে বিপদ সন্মুখত দেখি সেই বিপদৰ পৰা হাত সাৰিবলৈ  অনাগতবিধাতাক উদ্দেশ্য় কৰি কৈছিল।

(খ) ”মই মুখৰ কথাতেই পিতৃ-পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ ।”

উওৰঃ এই কথাষাৰ যদভৱিষ্য়ে অনাগতবিধাতা আৰু প্ৰত্য়ুৎপন্নমতিৰ কথা শুনি অনাগতবিধাতা আৰু প্ৰত্য়ুৎপন্নমতিক উদ্দেশ্য় কৰি কৈছিল।

(গ) ”কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি শেষ কৰিব ।”

উওৰঃ অনাগতবিধাতাই মাছমৰীয়া কেইজনৰ কথা শুনি প্ৰত্য়ুৎপন্নমতি আৰু যদভৱিষ্য়ক উদ্দেশ্য় কৰি উক্ত কথাষাৰ কৈছিল ।

*তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানৰ পৰা চাই লিখা ।মা

অনাগতবিধাতা – যি এতিয়াও অহা নাই ।

প্ৰত্যুৎপন্নমতি –   উপস্থিত বুদ্ধি।

যদভৱিষ্য –         পিছলৈ হ’ব হ’ব  বুলি ৰৈ থকা।

এখন্তেক – এক মুহূৰ্ত ।

ঘোদালি – তহিলং কৰা ।

নিঃশেষ – বাকী (ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ)ৰ নিচিনা।

বিনাশ – নাশ, ধ্বংস ।

সুৰক্ষিত – নিৰাপদ ।

আঁকোৰ-গোঁজ – ভাল-বেয়া নামানি কোনো কাম বা কথাত লাগি থকা ।

উচ্চস্বৰে – চিঞৰি কোৱা ।

হাত-সাৱটি – আনৰ ওপৰত ভৰষা কৰি হাত-সাৱটি বহি থকা ।

প্ৰশ্নঃ তলৰ প্ৰশ্নবোৰৰ উওৰ লিখা ।

(ক) মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক কি ক’লে ?

উওৰঃ মাছমৰীয়া কেইটাৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক কৈছিল- ”কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিঃশেষ কৰিব বুলি কোৱা সকলোৱে নিশ্চয় শুনিছে । আমাক বিপদে হাত-বাউল দি মাতিছে । গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয় । ৰাতিয়ে আন ঠাইলৈ গুচি যাব লাগিব । কিয়নো দুৰ্বলীলোক সদায় বলীৰ পৰা আঁতৰত থাকে , অথবা আন সুৰক্ষিত স্থানত আশ্ৰয় লয় ।”

(খ) অনাগতবিধাতাই কোৱা কথাটো প্ৰত্য়ুৎপন্নমতিয়ে কিয় সমৰ্থন কৰিলে ?

উওৰঃ অনাগতবিধাতাই কোৱা কথাটো প্ৰত্য়ুৎপন্নমতিয়ে সমৰ্থন কৰিছিল । কিয়নো, প্ৰত্য়ুৎপন্নমতিয়ে ভাবিছিল যে ”যাৰ জীয়াই থকাৰ উপায় থাকে , তেওঁ কিহৰ মোহত বিনাশ হ’ব ? ‘পিতৃ-পিতামহৰ কুঁৱা’ বুলি ভবা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে ।”

(গ) যদভৱিষ্য়ই কিয় মৃত্য়ুক সাৱটি ল’ব লগা হ’ল ?

উওৰঃ বিপদৰ কথা নাভাবি হাত-সাৱটি বহি থকাৰ বাবেই যদভৱিষ্য়তৰ মৃত্য়ু হ’ল ।

(ঘ) আঁকোৰগোঁজ মনোভাৱে মানুহক কেনেদৰে বিপদত পেলায় ?

উওৰঃ আঁকোৰগোঁজ মনোভাৱে মানুহক আনে দিয়া উপদেশ গ্ৰহণৰ পৰা বঞ্চিত কৰে। ফলত বিপদক নিজে আমন্ত্ৰণ দিয়াৰ দৰে হয়।

প্ৰশ্নঃ তলৰ আধৰুৱা বাক্য়বোৰ সস্পূৰ্ণ কৰিবলৈ পাঠটো পঢ়া আৰু খালী অংশটো পূৰ কৰি লিখা ।

(ক) এখন বিলত ভালেমান, মাছ আছিল । সেই বিলতে অনাগতবিধাতা, প্ৰত্য়ুৎপন্নমতি আৰু যদভৱিষ্য় একেলগে বাস কৰি —আছিল । এদিন অনাগতবিধাতাই পুখুৰীত সাঁতুৰি-নাদুৰি থাকোতে সেই ফালৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে, ___ ”এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে । গতিকে কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব ।” এইবুলি কৈ মাছমৰীয়াসকল ঘৰা-ঘৰি গুচি গ’ল ।

(খ) যদভৱিষ্য়ৰ এনেকুৱা আঁকোৰ-গোঁজ মনোভাব দেখি তেওঁক এৰি অনাগতবিধাতা আৰু প্ৰত্য়ুৎপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গৰে সৈতে আন বিললৈ গুচি গ’ল । পাছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে । তেওঁলোকে জালেৰে যদভৱিষ্য়ৰ লগতে বিলত থকা আন আন মাছবোৰকো ধৰি ঘৰলৈ লৈ গ’ল।

প্ৰশ্নঃ উদাহৰণত দেখুওৱাৰ দৰে ‘অ’ লগাই বিপৰীত অৰ্থ বুজোৱা শব্দ সাজা।

উদাহৰণ-   সুৰক্ষিত – অসুৰক্ষিত

                    সংলগ্ন –     অসংলগ্ন

                    ঘটন –       অঘটন

                    বুজন –       অবুজন

                    বাট –         অবাট

                    চেতন –       অচেতন

                    সময় –      অসময়

                    কৃত্ৰিম –     অকৃত্ৰিম

বাক্য ৰচনা কৰাঃ

হাত – বাউলি দিঃ তেওঁলোকক বিপদে হাত-বাউল দি মাতিছে।

সাঁতুৰি – নাদুৰিঃ মাছবোৰে বিলত সাঁতুৰি-নাদুৰি আছিল।

আঁকোৰ – গোঁজঃ যদভবিষ্য় আঁকোৰ-গোঁজ স্বভাৱৰ আছিল।

ঘোদালিঃ মাছমৰীয়াকেইজনে বিলখনত মাছ মাৰি ঘোদালি পেলালে।

ঘৰা – ঘৰিঃ স্কুল ছুটিৰ পিছত সকলো ছাত্ৰ-ছাত্ৰী ঘৰা – ঘৰি গুচি গ’ল।

অতি শীঘ্ৰেঃ অতি শীঘ্ৰেই নিজৰ গৃহকাৰ্য সম্পূৰ্ণ কৰা।

এখন্তেকঃ এখন্তেক ৰৈ দিয়া , কিজানি তেওঁ আহি পায়।

‘মাছ’ শব্দত থকা আখৰ দুটাৰে আৰু কিমান নতুন শব্দ গঠন কৰিব পাৰা, দলত আলোচনা কৰা আৰু তলৰ তালিকাত লিখা।

মাঃ মাছ, মাত, মানুহ, মা, মামা, মাহ, মাটি, মালা, মুকুতা, মনি আদি।

ছঃ ছয়,ছাত্ৰ, ছাতি, ছাত্ৰী, আদি।

প্ৰশ্নঃ তোমালোকে পাঠটোত পোৱা ‘তৎক্ষণাত’, ‘প্ৰত্যুৎন্নমতি’ শব্দ দুটাত ব্যৱহাৰ হোৱা ‘ৎ’ টো দেখিছা। ‘ৎ’ থকা বিভিন্ন শব্দ লিখা।

উত্তৰঃ হঠাৎ, অৰ্থাৎ, চিকিৎসা, তৎসনাত,ভৱিষ্য়ৎ, উৎকৰ্ষ, উৎসৱ, বৃহৎ, উৎপন্ন আদি।

* অসমত মাছৰ নামেৰে বহুতো ঠাই নাম আছে।  মাছৰ নামে থকা ঠাইৰ নামৰ তালিকা প্ৰস্তুত কৰা।

     উদাহৰণ- কাৱৈমাৰী ( জিলা- 

     উত্তৰঃ ৰৌমাৰী, গৰৈমাৰী, শিঙিমাৰী, শ’লমাৰী, পুঠিমাৰী আদি।

Answered by Bidisha Bora