ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থা Chapter 17 | Class 4 Social Science Question and Answer |

(১) প্ৰাচীনকালত মানুহৰ যাতায়াত ব্য়ৱস্থাৰ মাধ্য়ম কি কি আছিল? বৰ্তমান আমাৰ দেশত কেইপ্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে আৰু কি কি?

উত্তৰঃ প্ৰাচীনকালত মানুহৰ যাতায়াত ব্য়ৱস্থাৰ মাধ্য়মসমূহ হ’ল- খোজকাঢ়ি, নাওঁ জাতীয় বাহন, ঘোঁৰা, হাতী, গাধ, উট আদি। বৰ্তমান আমাৰ দেশত চাৰি প্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে। সেইবোৰ হ’ল – (১) স্থল পথ, (খ) জল পথ, (গ) ৰে’ল পথ, (ঘ) বিমান পথ।

(২) ভাৰতত স্থল পথ কেইপ্ৰকাৰৰ আৰু কি কি? প্ৰত্য়েকবিধ স্থল পথৰ চোৱা-চিতা কৰাৰ দায়িত্ব কাৰ হাতত আছে উল্লেখ কৰা।

উত্তৰঃ ভাৰতত স্থল পথ পাঁচ প্ৰকাৰৰ। সেইবোৰ হ’ল- (ক) এক্সপ্ৰেছ হাইৱে বা দ্ৰুত বেগী ৰাজপথ, (খ) ৰাষ্ট্ৰীয় পথ, (গ) গড়কাপ্টানি পথ, (ঘ) পৌৰ পথ আৰু (ঙ) পঞ্চায়ত পথ। 

(৩) আমাৰ দেশৰ ভিতৰুৱা জল পৰিবহণ ব্য়ৱস্থাটোক কি নামেৰে জনা যায়?

উত্তৰঃ আমাৰ দেশৰ ভিতৰুৱা জল পৰিবহণ ব্য়ৱস্থাটোক আভ্য়ন্তৰীণ জল পৰিবহন নামেৰে জনা যায়।

(৪) আমাৰ দেশত কেইপ্ৰকাৰ ৰে’ল পথৰ ব্য়ৱস্থা আছে?

উত্তৰঃ আমাৰ দেশত তিনি প্ৰকাৰ ৰে’ল পথৰ ব্য়ৱস্থা আছে।

(৫) ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰসমূহৰ নাম উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰসমূহ হ’ল বিশ্বাখাপটনম বিমান বন্দৰ, ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, ইন্দ্ৰীৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

(৬) ডাক-তাঁৰ বিভাগৰ পাচঁটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ (১) এই বিভাগৰ যোগেদি বিভিন্ন ঠাইলৈ চিঠি তথা কাগজ-পত্র, টকা-পইচা, সৰু-সুৰা টোপোলা আদি পঠিয়াব পাৰি। (২) ডাকঘৰত টকা সঞ্চয় কৰিব পাৰি। (৩) ডাকযোগে যোগাযোগ কৰি উচ্চ শিক্ষা ল’ব পৰা যায়। (৪) দেশৰ প্ৰশাসন আৰু ব্যৱসায় বহু পৰিমাণে ডাকযোগে চলে।

(৭) এখন তিনিদিনীয়া, দুখন সাপ্তাহিক আৰু তিনিখন দৈনিক বাতৰি-কাকতৰ নাম লিখা।

উত্তৰঃ এখন তিনিদিনীয়া  বতৰি-কাকতৰ নাম হ’ল আজিৰ অসম, দুখন সাপ্তাহিক বতৰি-কাকতৰ নাম হ’ল সাদিন আৰু জনম ভূমি, তিনিখন দৈনিক বতৰি-কাকতৰ নাম হ’ল নিয়মীয়া বাৰ্তা, অসমীয়া প্ৰতিদিন আৰু অগ্ৰদূত।

(৮) এখন সাপ্তাহিক, এখন পষেকীয়া আলোচনী আৰু দুখন মাহেকীয়া আলোচনীৰ নাম লিখা।

উত্তৰঃ এখন সাপ্তাহিক আলোচনী হ’ল  , এখন পষেকীয়া আলোচনী হ’ল অঙ্গন, দুখন মাহেকীয়া আলোচনী হ’ল আইনা, নন্দিনী। 

(৯) তালিকাখন সম্পূৰ্ণ কৰা—-

উত্তৰঃ

 আৱিষ্কাৰকআৱিষ্কাৰৰ চন সুবিধা
ৰেচিঅ’মাৰকণী১৮৮১ চন১২৩বাতৰি শুনিব পাৰিগান শুনিব পাৰিসাধু শুনিব পাৰি
দূৰদৰ্শনচাৰ্লীছ ফ্ৰানসীছ জেনকিনছ১৯২৭1 ২  ৩মনোৰঞ্জন কৰিব পাৰি দেশ-বিদেশৰ খবৰ ঘৰতে বহি পাব পাৰি বিভিন্ন ধৰণৰ বাতৰি শংগ্ৰহ কৰিব পাৰি  

(১০) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা——

উত্তৰঃ

(ক)(খ)
(ক) মালিগাওঁ(ঘ) উত্তৰ-পূৱ সীমান্ত ৰে’ল পথৰ প্ৰধান কাৰ্যালয়।
(খ) কলকাতা(চ) দক্ষিণ-পূৱ ৰে’ল পথৰ প্ৰধান কাৰ্যালয়।
(গ) গোৰখপুৰ(ক) উত্তৰ-পূব ৰে’ল পথৰ কাৰ্যালয়
(ঘ) দিল্লী(খ) উত্তৰ ৰে’ল পথৰ প্ৰধান কাৰ্যালয়।
(ঙ) চেন্নাই(ঝ) দক্ষিণ ৰে’ল পথ। 
(চ) ছেকেন্দ্ৰাবাদ(ছ) দক্ষিণ–মধ্য় ৰে’ল পথৰ প্ৰধান কাৰ্যালয়।
(ছ) মুম্বাই(ঙ)মধ্য় ৰে’ল পথৰ প্ৰধান কাৰ্যালয়।

Autor By- Mayur Rani Kashyap