তৰুণৰাম ফুকন | Class 8 Assamese Chapter 12 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Assamese Lesson 12 Solution |

পাঠ ১২

 তৰুণৰাম ফুকন

১। একোটাকৈ বাক্যত উত্তৰ লিখা।

ক) তৰুণৰাম ফুকনে কাৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ কথা আয়ত্ত কৰিছিল?

উত্তৰঃ তৰুণৰাম ফুকনে ককায়েকৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ কথা আয়ত্ত কৰিছিল।

খ) তৰুণৰাম ফুকনৰ পিতৃ-মাতৃ কেনে আছিল?

উত্তৰঃ তৰুণৰাম ফুকনৰ পিতৃ বলৰাম ফুকন এগৰাকী সুদক্ষ চিকাৰী আৰু হাতীৰ ব্য়ৱসায়ী আছিল আৰু তেওঁৰ মাতৃ ভাগীৰথী দেৱী এগৰাকী অতিকে ধৰ্মপৰায়ণা নাৰী আছিল।

গ ) তৰুণৰাম ফুকনে কিদৰে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল?

উত্তৰঃ  তেওঁ আভিজাত পৰম্পৰাৰ লোক হোৱাৰ বাবে ঘৰতে শিক্ষক-অধ্য়াপকৰ জৰিয়তে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল।

ঘ ) তৰুণৰাম ফুকনে ক’ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল?

উত্তৰঃ  তৰুণৰাম ফুকনে গুৱাহাটীৰ চেমিনাৰীত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল।

ঙ) তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ বাবে ক’লৈ গৈছিল আৰু ক’ত নামভৰ্তি কৰিছিল?

উত্তৰঃ তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল আৰু কলিকতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰিছিল।

চ) লণ্ডনত পঢ়ি থকা সময়ছােৱাত তেওঁৰ অন্তৰংগ বন্ধু কোন আছিল?

উত্তৰঃ লণ্ডনত পঢ়ি থকা সময়ছােৱাত তেওঁৰ অন্তৰংগ বন্ধু আছিল – জ্ঞানদাভিৰাম বৰুৱা।

ছ) অসমৰ প্ৰথম আৰু দ্বিতীয়গৰাকী বেৰিষ্টাৰ কোন কোন?

উত্তৰঃ অসমৰ প্ৰথম বেৰিষ্টাৰ হৈছে আনন্দৰাম বৰুৱা আৰু দ্বিতীয়গৰাকী বেৰিষ্টাৰ হৈছে ক্ৰমে কৃষ্ণকান্ত সন্দিকৈ।

জ) তৰুণৰাম ফুকনে কাক বিয়া কৰাইছিল?

উত্তৰঃ তৰুণৰাম ফুকনে অসমীয়া ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ তৃতীয়া জীয়াৰী বিদ্য়ুৎপ্ৰভা দেৱীক বিয়া কৰাইছিল।

ঝ) ফুকনদেৱক কোনে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল?

উত্তৰঃ ফুকনদেৱক কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈয়ে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল।

ঞ) তেওঁৰ প্রথম কবিতাপুথি কি?

উত্তৰঃ তেওঁৰ প্রথম কবিতাপুথি স্তুতিমালা।

২। তৰুণৰাম ফুকনৰ ল’ৰাকালৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ শৈশৱৰ পৰাই তৰুণৰাম ফুকন স্বাস্থ্য়ৱান, সুশ্ৰী, সাহসী আৰু অতিকে প্ৰাণময় আছিল। জ্ঞান-বুদ্ধিৰ ক্ষেত্ৰতো তেওঁ অতি প্ৰখৰ আছিল। সমনীয়াৰ স’তে যঁজবাগৰ কৰি, লুইতত বৰশী বাই, গছে-পাতে বগাই ফল-মূল খাই প্ৰকৃতিৰ বুকুত উমলি-জামলি তেও ল’ৰাকাল কটাইছিল।

৩। তৰুণৰাম ফুকনৰ শৈশৱৰ শিক্ষা জীৱনৰ বিষয়ে লিখা।

উত্তৰঃ আমাৰ দেশত ইংৰাজৰ শাসন আৰম্ভ হোৱাৰ লগে লগে পশ্চিমীয়া আৰ্হিৰ নতুন শিক্ষা ব্য়ৱস্থা গঢ় লৈ উঠিছিল তথাপি অভিজাত পৰম্পৰাৰ আঁত ধৰিয়েই  তেওঁ ঘৰতেই শিক্ষক-অধ্য়াপকৰ জৰিয়তে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল। অৱশ্য়ে সৰুতে দেউতাকে ঘৰতে লিখা-পঢ়া শিকাইছিল। শিশু তৰুণৰাম ফুকনে মাক-দেউতাক আৰু বায়েকহঁতৰ মুখত শুনা গীন-মাত, পদ-পয়াৰ, শ্লোক আদি কণ্ঠস্থ কৰি সলসলীয়াকৈ আবৃত্তি কৰিব পাৰিছিল। তেওঁৰ স্মৃতিশক্তি বৰ প্ৰখৰ আছিল।

৪। তৰুণৰাম ফুকনৰ উচ্চশিক্ষা কিদৰে আৰম্ভ হৈছিল? তেওঁৰ উচ্চশিক্ষা জীৱনৰ বিষয়ে লিখা।

উত্তৰঃ তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ উদ্দেশ্য়ে এণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দহ টকাৰ জলপানি লৈ কলিকতাৰ প্ৰেছিডেন্সি কলেজত কলা শাখাত নামভৰ্তি কৰিছিল। তেওঁ শিক্ষা জীৱনৰ কোনো পৰীক্ষাতে বিশেষ পাৰদৰ্শিতাৰে উত্তীৰ্ণ হোৱা নাছিল যদিও ইংৰাজী ভাষাৰ জ্ঞান অতি উচ্চ স্তৰৰ আছিল। 

৫। তৰুণৰাম ফুকনে ৰাজনীতিৰ ক্ষেত্ৰখনত কিদৰে সােমাই পৰিছিল আৰু কি হৈছিল বহলাই লিখা।

উত্তৰঃ ফুকন অসমীয়া সংস্কৃতি আৰু জাতীয় চেতনাবোধৰ প্ৰতি সচেতন আছিল, যদিও তেখেতে অন্ধ আৰু উগ্ৰ সমৰ্থক নাছিল। সামাজিক নীতি-নিয়মৰ নামত ৰক্ষণশীলতাক কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। গোটেই দেশজুৰি চলা অসহযোগ আন্দোলনৰ পটভূমিত ফুকনক কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈয়ে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল। অসমৰ ৰাজনৈতিক জীৱনত নবীনচন্দ্ৰ বৰদলৈ আৰু ৰুণৰাম ফুকন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ পৰিছিল।

৬। তৰুণৰাম ফুকনৰ সাহিত্য-কৰ্মৰ বিষয়ে লিখা।

উত্তৰঃ তৰুণৰাম ফুকনে স্বাধীনতা আন্দোলনৰ নেতা হিচাপে শিলচৰ জেলত কাৰাবাস খাতি থকাৰ সময়ত ১৯২০ চনত তেওঁ কাৰবাসতে ‘স্তুতিমালা’ নামৰ এলানি কবিতা লিখিছিল। ১৯২৬ চনত এই কবিতা পুথিখন প্ৰকাশ পাইছিল। এই কবিতা পুথিখন মূলতঃ ভক্তিমূলীয়। তেওঁৰ কাব্য় সৃষ্টিৰ ভিতৰত ‘এপাহি ফুল’ নিঃসন্দেহে অনুপম সৃষ্টি। তৰুণৰামৰ সাহিত্য় সৃষ্টিৰ সবাতোকৈ উল্লেখযোগ্য় কীৰ্তিস্তম্ভ হ’ল উপন্য়াসোপম ‘মোৰ চিকাৰৰ কাহিনী’। তেওঁ বিভিন্ন সময়ত ৰসাল বক্তৃতাৰে ৰাইজক আকৰ্ষিত কৰি ৰাখিব পাৰিছিল। তেওঁৰ তিনিখন পূৰ্ণাংগ ভাষণাৱলী আৰু এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ ভাষণৰ কিছু অংশ প্ৰকাশিত ৰূপত পোৱা যায়। ৰাজনৈতিক ব্য়স্ততাৰ মাজত থাকিও তেওঁ যি সাহিত্য় ৰচি থৈ গ’ল সেয়া অসমীয়া সাহিত্য়লৈ অন্য়তম অৱদান।

৭। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

ক) অসমীয়া ৰীতি-নীতি, আচাৰ-পদ্ধতিৰ পুৰুষানুক্রমিক পৰিৱেশৰ মাজত তেওঁ লালিত পালিত হৈছিল।

উত্তৰঃ 

 উক্ত বাক্য়শাৰী আমাৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ অন্তৰ্গত ‘তৰুণৰাম ফুকন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

    উক্ত বাক্য়শাৰীৰ জৰিয়তে তৰুণৰাম ফুকন যে এটা পৰম্পৰাগত নীতি-নিয়ম মানি চলা পৰিৱেশত ডাঙৰ হৈছিল তাকে বুজাব বিচৰা হৈছে।

    তৰুণৰাম ফুকনৰ পিতৃ বলৰাম ফুকন এগৰাকীসুদক্ষ চিকাৰী আৰু হাতীৰ ব্য়ৱসায়ী আছি। তেওঁৰ মাতৃ ভাগীৰথী দেৱী এগৰাকী অতিকে ধৰ্মপৰায়ণা নাৰী আছিল। ১৮৭৭ চনত গুৱাহাটীত তৰুণৰাম পিতৃ-মাতৃৰ সপ্তম সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল। তেওংৰ বংস পৰম্পৰাগত শিল্প-সাহিত্য় চৰ্চাৰ এক বিশেষ বাতাবৰণ বিৰাজ কৰছিল। তেওৰ পূৰ্বপুৰুষ সুদূৰ আহোম ৰজাঘৰৰ খাৰঘৰীয়া ফুকনৰ বিষয়ববীয়া আছিল। এনে ঐতিহ্য়পূৰ্ণ পৰম্পৰাৰ উত্তৰাধিকাৰী আছিল তৰুণৰাম ফুকন। অসমীয়া ৰীতি-নীতি, আচাৰ-পদ্ধতিৰ পুৰুষানুক্ৰমিক পৰিৱেশৰ মাজত তেওঁ লালিত-পালিত হৈছিল।

খ) অসমৰ ৰাজনৈতিক জীৱনত নবীনচন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি হৈ পৰিছিল।

উত্তৰঃ 

৮। চমু টোকা লিখাঃ

ক) নবীনচন্দ্ৰ বৰদলৈঃ নবীনচন্দ্ৰ বৰদলৈদেৱে শিৱসাগৰত জন্ম গ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম মাধৱচন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম সোমেশ্বৰী দেৱী। তেখেতে গুৱাহাটীত ওকালতি কৰিছিল। তেখেত ৰাজনীতিৰ প্ৰতি অনুৰাগী আছিল। তেখেতৰ সাহিত্য়ৰাজি হৈছে ーজোনাকী, বিজুলী, ঊষা, আলোচনী, আসাম বান্ধৱ আদিত নানা কবিতা, গীত, প্ৰবন্ধ, কৃষ্ণলীলা ( নাটক ), অনিতা, গেৰিবল্ডি ( জীৱনী ), গৃহলক্ষ্মী ( সামাজিক নাটক ), ঈছপৰ সাধু, জাতীয় সংগীত, হাতেম তাই, তৰুণ কাঞ্চন ( অনূদিত নাটক ), বিষাদ কাহিনী ( কিং লিয়েৰৰ অনুবাদ ), দন্দৰী দমন, প্ৰশান্ত শান্তি ( উপন্য়াস )।

খ) ৰবীন্দ্রনাথ ঠাকুৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰক কবিগুৰু বুলি কোৱা হৈছিল। তেওঁ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ”জণ-গণ-মন-অধিনায়ক-জয়-হে” ৰ ৰচনা কৰিছিল। তেৰ বছৰ বয়সতে তেখেতৰ প্ৰথম কবিতা ‘তত্ত্ববোধিনী’ কাকতত প্ৰকাশিত হয়। ৰবীন্দ্ৰনাথ একেধাৰে কবি, সাহিত্য়িক, নাট্য়কাৰ, শিল্পী, স্বদেশপ্ৰেমিক আদি আছিল।

৯। সমার্থক শব্দ লিখাঃ

হেঁপাহ       =    হাবিলাস।    

সুশ্রী          =       ধুনীয়া।  

প্রখৰ         =     চোকা।    

সম্ভ্ৰান্ত       =        চহকী।  

ৰক্ষণশীল =          গোড়ামি। 

১০। উদাহৰণটো চাই নতুন শব্দ লিখাঃ

উদাহৰণঃ উপকাৰী – উপকাৰিতা।

উপকাৰী – উপযোগীতা।

উপযােগী – উপযোগীতা।

অপকাৰী – অপকাৰীতা।

প্রতিযােগী – প্ৰতিযোগীতা।

মনােযােগী – মনোযোগীতা।

সাহসী        –  সাহসীকতা।

১১। প্রত্যয় ভাঙি দেখুওৱাঃ

চিকাৰী         =        চিকাৰ       +     ঈ।  

ব্যৱসায়ী       =        ব্য়ৱসায়     +     ঈ।

পশ্চিমীয়া    =       পশ্চিম      +    ঈয়া। 

আগ্রহী         =        আগ্ৰহ       +     ঈ। 

উৎসাহী       =           উৎসাহ      +     ঈ।

বঙালী         =           বঙাল        +     ঈ।

দোকানী     =          দোকান     +       ঈ।

১২। বাক্য ৰচনা কৰাঃ  

উমলি-জামলিঃ ঘৰচিৰিকা চৰাইকেইটাই ঘৰৰ চালৰ ওপৰত পৰি উমলি-জামলি আছে।

উলহ-মালহঃ ৰমেনৰ বিয়াৰ কথা ওলোৱাৰ পৰাই ঘৰখনত এটা উলহ-মালহৰ পৰিৱেশৰ সৃষ্টি হৈছে।

থৌকি-বাথৌঃ

মাটিৰ মানুহঃ মাটিৰ মানুহ মাটিতে থাকিব লাগে, পক্ষী হৈ উৰিব গ’লে কষ্ট হে পোৱা যায়।

Type By – Kishor Nath

Author by- Rajashree Bora