ৰামক বুজাবলৈ ভৰতৰ আগমন | Class 4 | Chapter 8 | অধ্য়ায় ৮ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

ৰামক বুজাবলৈ ভৰতৰ আগমন

অধ্যায় ৮

(১) চমু উত্তৰ দিয়া-

(ক) ভৰতে মাকক গালি-শপনি কিয় পাৰিছিল ?

উত্তৰঃ ককায়েক ৰামৰ বনগমন আৰু পিতাকৰ মৃত্যুৰ বাতৰি শুনি অতিশয় দুখ পালে | তেওঁ এইবোৰ ষড়যন্ত্ৰৰ কাৰণে মাকক বহুতো গালি-শপনি পাৰিলে।

(খ) কৈকেয়ীক মন্থৰাই কু-বুদ্ধি শিকোৱাৰ বাবে কি শাস্তি পালে ?

উত্তৰঃ কৈকেয়ীক মন্থৰাই কু-বুদ্ধি শিকোৱাৰ বাবে গোৰ মাৰিলে আৰু ৰাজমহলৰ পৰা উলিয়াই দিলে।

(গ) ভৰতে ৰামক বিচাৰি কলৈ যাত্ৰা কৰিছিল ?

উত্তৰঃ ভৰতে ৰামক বিচাৰি চিত্ৰকূটলৈ যাত্ৰা কৰিছিল।

(ঘ) লক্ষ্মণক খং কিয় উঠিছিল ?

উত্তৰঃ লক্ষ্মণে ভাবিলে হয়তো ভৰতে সেনা লৈ ৰামক বন্দী কৰিবলৈ আহিছে । আৰু সেইবাবে লক্ষ্মণৰ খং উঠিছিল।

(ঙ) ভৰতে কি দুটা প্ৰতিজ্ঞা কৰিছিল ?

উত্তৰঃ ভৰতে কৰা প্ৰতিজ্ঞা দুটা হ’লঃ

১। ‘সিংহাসনত ৰামৰ খৰমযোৰ থৈ তাতে পূজা কৰিব’ ।

২। ‘চৈধ্য বছৰৰ পিচত ৰাম উভতি নাহিলে প্ৰাণ ত্যাগ কৰিব’ ।

(২) খালী ঠাই পূৰ কৰা-

(ক) গুৰু বশিষ্ঠই ভৰত  আৰু  শত্ৰুঘ্নক আনিবলৈ দূত পঠিয়ালে।

(খ) ভৰতে পিতাকৰ সংস্কাৰ  কৰিলে।

(গ) ভৰতে বাটত নিষাদৰাজ গুহ ৰ পৰা ককায়েক ৰামৰ বাতৰি পালে।

Question Answer By Bikash Bora