Class 4 ৰামায়ণ সাধু Sankardev School | পৰশুৰামৰ ক্ৰোধ শান্ত কৰিলে | Chapter 5 | অধ্য়ায় ৫ | Class 4 Ramayana Sadhu Book Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

পৰশুৰামৰ ক্ৰোধ শান্ত কৰিলে

অধ্যায় ৫

(১) নিম্নলিখিত প্ৰশ্নবোৰৰ শুদ্ধ উতৰত শুদ্ধ চিন লগোৱা-
(ক) পৰশুৰামৰ খং উঠাৰ কাৰণ আছিল-

(অ) ৰাম ক্ষত্ৰিয় বাবে ।

(আ) ৰজা দশৰথৰ লগত পুৰণি বৈৰীতাৰ বাবে ।

(ই) ৰামে হৰধুন ভঙাৰ বাবে ।

উত্তৰঃ (ই) ৰামে হৰধুন ভঙাৰ বাবে ।


(খ) ৰামে পৰশুৰামৰ খং শান্ত কৰিলে-

(অ) যুদ্ধৰ ধমকি দি ।

(আ) মিছা কথাৰে ।

(ই) লক্ষ্মণক উৎসাহ দি |

উত্তৰঃ (ই) লক্ষ্মণক উৎসাহ দি ।


(২) তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা-

অসন্তুষ্ট,  আহ্বান , ক্ষমা-প্ৰাৰ্থনা, বীৰত্ব, ততালিকে, সন্তোষ, সংহাৰ, তপস্যা ।

উত্তৰঃ অসন্তুষ্টঃ সন্তুষ্ট নহোৱা

    আহ্বানঃ আমন্ত্রণ

    ক্ষমা-প্ৰাৰ্থনাঃ  দোষ-মাৰ্জনা কৰিবলৈ কৰা মিনতী

    বীৰত্বঃ পৰাক্ৰমী

    ততালিকেঃ তৎক্ষণাতে

    সন্তোষঃ অতিশয় তুষ্ট

    সংহাৰঃ ধ্বংস কৰাৰ

    তপস্যাঃ আগৰ দিনৰ ঋষি সকলে পূজা-পাতল কৰা  বা পূণ্য লাভ কৰিবলৈ কৰা যজ্ঞ 


(৩) বৈষ্ণৱ ধনুখন কোনে কাক কিয় গুণ জুৰিবলৈ দিছিল?

উত্তৰঃ বৈষ্ণৱ ধনুখন পৰশুৰামে ৰামক গুণ জুৰিবলৈ দিছিল কাৰণ ৰামৰ পৰীক্ষা লবলৈ ।

(৪) পৰশুৰামে খং ৰামে নিজৰ স্বভাৱৰ দ্বাৰা কেনেদৰে শান্ত কৰিলে আৰু শেষত কি হ’ল পাঠটিৰ আধাৰত নিজৰ ভাষাৰে লিখা।

উত্তৰঃ ৰামৰ বিবাহৰ পাছত ৰজা দশৰথ বৰযাত্ৰীৰ নগৰ বাহিৰ হৈছে মাত্ৰ এনেতে পৰশুৰাম আহি উপস্থিত হ’ল । সকলোৱে তেওঁক প্ৰণাম জনালে । পৰশুৰামৰ বৰ খং উঠি আছিল কাৰণ ৰামে হৰধুনৰ ভঙা বাবে পৰশুৰামৰ  খং দেখি লক্ষ্মণৰ খং উঠিল । তেঁও পৰশুৰামক যুদ্ধৰ বাব্ আহ্বান জনালে । ৰাম বৰ শান্ত স্বভাৱৰ আছিল তেওঁ ধৈৰ্য ধৰিলে আৰু তেওঁ ডাঙৰক সদায় সন্মান কৰিছিল । থেওঁ মহৰ্ষি পৰশুৰামক ক্ষমা-প্ৰাৰ্থনা কৰিলে আৰু লক্ষ্মণকো বুজালে । ৰামৰ কথা পৰশুৰামে বৰ ভাল পালে । পৰশুৰামে ৰামৰ বীৰত্বৰ পৰীক্ষা লবলৈ এখন বৈষ্ণৱ ধনু আছিল তাত গুণ লগোৱা বৰ টান আছিল পৰশুৰামে সেই ধনুখন ৰামক গুণ লদাবলৈ দিলে আৰু ৰামে ততালিকে ধনুত গুণ লগালে তাকে দেখি পৰশুৰামে বৰ আনন্দ পালে আৰু ৰামক আশীবাৰ্দ আৰু উপদেশ দিলে ।

Question Answer By Bikash Bora