জুবিন গাৰ্গৰ গীত দিহিঙৰ গৰা…

দিহিঙৰ গৰা জহিছে খহিছে

আঁতৰৰ পৰাই দেখাই দেখিছে

মোৰে মন নদীৰ দুয়োটি পাৰ

কিয়নো খহিছে

তুমি দেখিছানে

দেখি ভাবিছানে ?

আলি দোমোজাতে

থমকি ৰ’লোঁ মই

কেনি যাওঁ কি কৰোঁ

দিয়া এটি উপায়

খাবও নোৱাৰে শুবও নোৱাৰো

তুমি যে ৰ’লা মোৰ ভাৱনাতে।

নিলগে নিলগে

বুকু জ্বলে পোৰে

দিয়া অনিমতি

আহো কাষলৈ

মৰমৰে ভেটা সাদি দিয়া

মোৰ মন নদীৰ দুয়ো পাৰতে।