জুবিন গাৰ্গৰ গীত ভবা কথা নহয় সিদ্ধি | Bhoba Kotha Nohai Khitdhi Song

ভবা কথা নহয় সিদ্ধি

বাটত আছে কণা বিধি

খোজে খোজে খাবাগৈ উজুটি

ধন জন মিছা মায়া

সপোনৰে মাথোঁ ছায়া

নাথাকিব একোকে শেষতে।

টকা আৰু মান

দিনে ৰাতি কাম

ভুল শুদ্ধ নভবাকৈ

খাব খোজে ধান

বন্ধ চকু কাণ

চিনি পোৱাই টান

মৰিবলে হ’লে চাগে

ল’ব হৰি নাম

সাৱটিছা মিছা ছায়া

ধোঁৱা আৰু ধূলিহে শেষতে।

বিবেক আৰু প্ৰাণ

তাতকৈ গুলীৰ দাম

মানুহতকৈ কুকুৰে পায় মৰম আৰু মান

চৰকাৰে গান

মিছা কথাৰ বান

গঢ়িবলৈ নতুন অসম

দিব পৰিত্ৰাণ

সাৱটিছা মিছা মায়া…।