জুবিন গাৰ্গৰ গীত ৰং তুমি হোৱানে

ৰং তুমি হোৱানে,ৰং তুমি বুজানে,

ৰং তুমি দেখানে মৰমৰ

বুজি যদি নুবুজা, দেখি যদি নেদেখা,

শুনি যদি নুশুনা মোৰ মন

বুজা নুবুজা কথা, কোৱা নোকোৱা ভাষা,

মিছাতে কিয় কোৱা

ৰং যদি দেখিছাই মন কিয় দিয়া নাই,

জ্বনি জ্বনি এই হৃদয় হ’ব ছাই

ৰং তুমি—।

কাণ পাতি শুনাচোন,

কলিজাতে গুপুতে তুমি আছা প্ৰাণ হৈ

প্ৰাণ যদি গোপনে, সাঁচিছাযে যতনে

সাৱটাহি

কলিজাৰে উম হৈ

ৰং তুমি—।