জুবিন গাৰ্গৰ গীত নহ’লে পৰিচয় হিয়াৰে

নহ’লে পৰিচয় হিয়াৰে

চিনাকি জানো কোনো হ’ব পাৰে

ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোঁতেই

অচিনা পানচৈ লাগিলেহি ঘাটিতে মোৰ অজানিতে

দুলনি দিলে নুবুজাকৈ মনতে মোৰ গুপুতে

যৌৱনে ক’লে আজি সেয়েই হিয়া-দিয়া-নিয়া।

প্ৰথম প্ৰেমকে পাহৰিব পাহৰিব পাৰিলে

প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে

তথাপিতো বাৰে বাৰে

ছিগি যাব কিয় খোজে

সুৰ অকাৰণে-অজানিতে

ল’ৰালিৰ ওমলোতে

ভাল লগা সুৰ মনে মনে

যৌৱনে ক’লে আজি এয়াই হিয়া-দিয়া-নিয়া।

ল’ৰালিৰ সুৰকে বিচাৰিহে আহিলোঁ

অচিনা ঘাচতে বিচাৰিয়ে নাপালোঁসময়েনো কিয় বাৰু খেলিলেহি লুকা-ভাকু

হায়, বাৰে বাৰে অজানিতে

উভতিলোঁ উকা হাতে

লৈ মাতো মোৰ সোঁৱৰণী

যৌৱনে ক’লে আজি এয়াই হিয়া-দিয়া-নিয়া।।