জুবিন গাৰ্গৰ গীত মুগ্ধ মোৰ

মুগ্ধ হিয়া মোৰ কোনে চুই যায়

মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়

বুকুতে অগনি জ্বলাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰ’ল মাথোঁ ছাই

এটি এটি পলস আজি সুঁৱৰি

হঁহা-কন্দা খেলা সুৰ ফাগুনী

আঙুলি মাজেৰে পৰে সৰি সৰি

সুখৰে মুকুতা হৈ যে ধুলি

বুকুতে যে জুই বিয়াপাই

তেজ মঙহৰে..।

ৰিণি ৰিণি ৰিণি শুনো ৰিণি ৰিণি

কঁপি কঁপি শুনো সেই ধ্বনি

আকাশ বাউলি থমকি ধৰণী

চকুলোৰে কৰো দিন শুৱনি

বুকুতেযে জুই বিয়পাই

তেজ মঙহৰে..।