জুবিন গাৰ্মেগৰ গীত মেঘৰ বৰণ ৰ’দৰ বৰণ

মেঘৰ বৰণ ৰ’দৰ বৰণ

জোনৰ বৰণ তুমি কোন দূৰ

গানৰ মাজত কথাৰ মাজত

প্ৰাণৰ কাষত তুমি কোন সুৰ।

সপোন সপোন নিবিড় নিবিড়

তোমাৰ মৰমৰ সুৰ।।

মেঘৰ বৰণ…

এতিয়া যেন তুমি মোৰ মোৰ

তথাপিতো তুমি দূৰ দূৰ

এন্ধাৰৰ গান বহু গা’লোঁ।

সপোন আহে যায় দুখ নিগৰা মন

নিথৰ নিথৰ প্ৰতিক্ষণ

মেঘৰ…

মোৰ এই গান মোৰ উন্মেষ

মোৰ এই সুৰ তোমাতেই শেষ

তুমি হাাঁহি তুমি অশ্ৰু

মোৰ সৃষ্টি মোৰ মৃত্য়

আঁতৰোৱা তুমি এই অৱগুন্ঠন

তাতৰ আশাৰ গুঞ্জন।

মেঘৰ…।