বতাহে বতাহে আহে চিনাকি সুৰৰ নৈ প্ৰথম মৰমে তাতে ঢৌ খেলি যায় তুমিতো আছা দূৰত লাজৰে ওৰণি লৈ ক’ব খোজা কথাটিও ওঁঠতে লুকুৱাই ক’তযে ৰ’দালি নামিলে দুনয়নেৰে ক’ত যে সপোন তৰি দিলে হেঁপাহৰ ছৈ বতাহে…….. এৰি থৈ অহা জনমতো আছিলা কিজানি লগৰী ইবেলিও থাকা তুমি ৰৈ ৰৈ হিয়াতে থোৱা সামৰি নিজান নিজান পৰাত তোমাক পৰে…