জুবিন গাৰ্গৰ গীত অ’ মোৰ ল’ৰাৰ মাক…

অ’ মোৰ ল’ৰাৰ মাক

মাছলৈ যাওঁ নাখাওঁ শুদা ভাত

ৰহদৈ কৰ্দৈ পাৰি পাৰি থ তই

জুতিৰে খামে দিনৰ সাজ

মাছলৈ যাওঁ নাখাওঁ শুদা ভাত।

হাঁচতি পুৰাও মই তামোল চালিৰে

পাণে চূণে যতনাই দে,

কঁঁকালৰ তিয়নি জাকৈ শিয়নি

কাথিৰে পৰা নমাই দে

শাকনি বাৰীৰে লাই পালেং শাক

বেগেতে তুলি তুলি ৰাখ

মাছলৈ যাওঁ মাখাওঁ শুদা ভাত।।

চুবুৰীৰ ৰংমন উভতি আহিলে

কঁকালৰ খালৈটি পুৰাই

খলিহনা পুঠি আৰু গৰৈ চেঙেলি

দেখি মোৰ দেহা জ্বলি যায়,

শাকনি বাৰীৰে লাই পালেং শাক

বেগেতে তুলি তুলি ৰাখ

মাছলৈ যাওঁ নাখাওঁ শুদা ভাত।