জুবিন গাৰ্গৰ গীত আগলি বাঁহৰে গগনা বজাওঁ

আগলি বাঁহৰে গগণা বজাওঁ

মাতে লাহৰি লাহৰি কৈ ।

 দেখিবৰে পৰা তােমাকে চাওঁ 

চকু নাযায় আন কালৈ । 

লগৰী বােলােনে কোৱানা ।

 ঘুমতিৰ বেলাতে

 চিকুণি সপােনে 

তােমাক আনি বুকুতে থয় ।

 আগলি বাঁহৰে গগণা বজাওঁ

 মাতে লাহৰি লাহৰি কৈ ।

 আগলি বাঁহৰে গগণা বজাওঁ 

মাতে লাহৰি লাহৰি কৈ । 

দেখিবৰে পৰা তােমাকে চাওঁ

 চকু নাযায় আন কালৈ । 

লগৰী বােলােনে কোৱানা

 ঘুমতিৰ বেলাতে

 চিকুণি সপােনে 

তােমাক আনি বুকুতে থওঁ । 

আগলি বাঁহৰে গগণা বজাওঁ 

মাতে লাহৰি লাহৰি কৈ । 

ফুটুকীয়া সেই ফৰক চোলাটিৰে 

তােমাকে পাইছিলোঁ ল’ৰালি । 

ফলি , কিতাপ লৈ 

বহিছিলা চোন 

পাঠশালাৰে বাকৰিত ।

 হেঁচুকি থৈ যায় অতীতে 

হাতে বাউলি সোঁৱৰণে মাতে 

মনতাে যায় নিতৌ গাঁৱলৈ .

আগলি বাঁহৰে গগণা বজাওঁ ।

মাতে লাহৰি লাহৰি কৈ । 

চতিয়না জোপা একে আছেনে 

তােমাৰে নঙলা মুখতে

 দুয়ােৰে শৈশৱ লগতে ৰাখি থৈ

 লুক – ভাক এতিয়াও খেলানে ? 

নৈ পৰীয়া বা ৰুণ – জুন

 উভতি আহিছোঁ আপােন গাঁৱলৈ 

আছা হ’বলা বাটে চাই ।। 

আগলি বাঁহৰে গগণা বজাওঁ 

মাতে লাহৰি লাহৰি কৈ । 

দেখিবৰে পৰা তােমাকে চাওঁ 

চকু নাযায় আন কালৈ ।

 লগৰী বােলােনে কোৱানা

ঘুমতিৰ বেলাতে 

চিকুণি সপােনে 

তােমাক আনি বুকুতে থওঁ ।

 আগলি বাঁহৰে গগণা বজাওঁ 

মাতে লাহৰি লাহৰি কৈ ।। *