জুবিন গাৰ্গৰ গীত আজি তুমি ন’হলে মোৰ মন নভৰে

আজি তুমি ন’হলে মোৰ মন নভৰে

সপোনৰে পখী হৈ নামামা

গোলপীয়া ওঁঠেৰে মিঠা মিঠা চুমাৰে

মোৰে দুবাহুতে ৰোৱানা

এতিয়াও মই দূৰণিৰে সময় হ’লে পাবা নিবিড়

আজি তুমি…

আছিলোঁ অকলে সপোন নিবিড়ে

অচিনাকি নিশাতে

বুকুৰে উমকে সাঁচিলোঁ তোমালে

বহু বহু যুগৰে।

আজি মন কোমল মেগৰ দৰে

নিগৰে অশ্ৰু আৱেগৰে

আজি তুমি…

কোনোবা জনমৰ পাহৰা মৰমে

আহিলে ওচৰলে

বুকুৰে আমঠু ৰঙালে ৰঙেৰে

মৰমী চাৱনিৰে

আজীৱন তোমাৰ ময়েই অনল

জ্বলি ৰ’ম তোমাৰেই বুকুৰে হৈ

আজডি তুমি…।