জুবিন গাৰ্গৰ গীত নায়ক হ’ব খুজি

কিনো তই বিচাৰি আজি কিনো পালি

বুজিবলে’ আছে কোন

যাকেই আপোন বুলি লৱ আঁকোৱালি

সিয়ে আঁতৰিলচোন।

কোনো নাই তোৰ কাষতে আজি

আপোন বুলিবলে’

জন-অৰণ্য়ৰ মাজতো আছ অকশৰে

নায়ক বিধি সকৰুণ।।

জীৱনৰে মনবোৰ তই কিয় নিচিনিলি

ফুলনিৰে কাঁইটকে ফুল বুলি তুলিলি

কাঁইটে যে বাকোহা দুহাতৰ তেজ চাই

বেজাৰ কৰি লাভ নাই।।

নায়ক হ’ব খুজি…।