জুবিন গাৰ্গৰ গীত পাখি মেলি দিয়ে

পাখি মেলি দিয়ে মোৰ গানে আজি

ছায়া হৈ ৰৈ তাৰ আহে নামি

হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো

বসন্ত নিবিড় নয়ন বুজাব খুজি

প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি।

পাখি…

ৰ’দালি সাঁতুৰি যোৱা গানৰ ধোৱা গা

মেঘ-ৰঞ্জনী চুমি যাব যেনিবা

ভৈৰৱ পুৱা আৰু ভূপালি সন্ধ্য়া

নিষাদৰে ধাৰ কিনো

আনন্দ প্ৰমাণ সাক্ষী শুনাব খুজি।

পাখি…

দুচকুৰ হিম মাথোঁ গানৰে প্ৰকাশ

তিৰ্বিৰ্ হাঁহিডৰা গানতেবিকাশ

অলেখ-অযুত ৰামধেনুৰ গানতে আবাস

সৰাপাতো কলিটিও গানৰে প্ৰবাহ

তালে তালে ৰয় কিনো

সুৰে সুৰে বয় কিনো

ছন্দ প্ৰবাল মণি গুঁঠিব খুজি।

পাখি..