জুবিন গাৰ্গৰ গীত মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

সাৱটি বহুতকে ইপাৰে-সিপাৰে

দৰীয়া ঘাটতে কলিজা থেকেচি

লুইতৰে বুকুতে বুূকুখন মেলি দি

ইফালে-সিফালে আনে শুনক বুলি

ঐনিতম এফাঁকি গায়।

চুই চালে চুই চালে চুই চালে বুজিবা

বুকুৰে ভিতৰত কিহৰে খহনীয়া

মন গ’লেই মন গ’লেই মন গ’লেই নোৱাৰো

মচিব জানানে হৃদয়ৰ দোমোজা।

কঁপি উঠা দুটি ওঁঠতে

ৰঙা নীলা কথা মনৰে

কাক ক’ব কোনবা কাষতে

শুনিবলে’ সময় বা হ’বনে

দহ টকা দহ টকা দহ টকা ফেৰীৰে

কমলা কমলা কমলাবাৰীলে’

আবেলি আবেলি আবেলি আহিলে

গধূলি গধূলি গধূলি মাজুলীলে’

দেখিবা তেওঁৰ চকুযুৰিতে

তেজ ৰহা নদী দুখনি

দেখিবা তেওঁৰ শেঁতা হাঁহিত

খহি যোৱা যৌৱন কিজানি।