জুবিন গাৰ্গৰ গীত অমানিশা সাৰে আছে

অমানিশা সাৰে আছে

আৰু সাৰে আছো মই

এটি চ’গা উৰি আছে

কেনি জ্বলিছে হৃদয়।

নাই শেৱালি নাই

বকুলেও ঋতুলে আছে যে ৰৈ

খুলি খুলি পাহি সৰা

স্মৃতিয়ে মাথো যাতনা বিলাই

অমানিশা সাৰে আছে….।

দূৰ পোহৰ দূৰ প্ৰহৰ

দূৰ তৰা আৰু চহৰ

দেহ নিথৰ মন জঠৰ

দিশহাৰা হৈ পৰ

চাই ছবিকে হায়

কৰিছো নেদেখা জনক দোহায়

গলি গলি নদী হোৱা

চকুলোৱে গাতে সাগৰ তিয়াই

অমানিশা সাৰে আছে…।

হাঁহি সাঁথৰ, চকু বাখৰ , চুলি বুকু হ’ল পাথৰ

মিঠা মাতৰ, মিঠা আদৰ, মিঠা আগাত হ’ল প্ৰাণৰ,

নিনা দেৰে আৱাহনী বিয়পায়

কঁপি কঁপি কান্দি উঠা কলিজাই

আজি পৃথিৱী কঁপায়

পৃথিৱী কঁপায়……।।